Hanuman Chalisa: হনুমান চালিছা কি ভাষাত পঢ়া উচিত? প্ৰতিটো সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ এইদৰে পঢ়ক হনুমান চালিছা

হনুমান চালিছা পাঠ কৰি বজৰংবলীক সন্তুষ্ট কৰিব পৰো। যিজন ব্যক্তিয়ে হনুমান চালিছা এশ আঠ বাৰ পঢ়ে তেওঁ সকলো বন্ধনৰ পৰা মুক্ত হৈ যায়। বিভিন্ন ভাষাত এই চালিছা পোৱা যায় কিন্তু বহুতৰে প্ৰশ্ন আমি কোনটো ভাষাত পঢ়া উচিত। সবিশেষ জানক...

Hanuman Chalisa: হনুমান চালিছা কি ভাষাত পঢ়া উচিত? প্ৰতিটো সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ এইদৰে পঢ়ক হনুমান চালিছা

হনুমান মন্দিৰলৈ গৈ কৰক এইকেইটা কাম!

Published: 

12 Aug 2025 07:53 AM

হনুমান চলিছা হৈছে আৱাধি ভাষাত ৰচিত জনপ্ৰিয় ভক্তিমূলক চালিছা বা চল্লিশ চৌপাইৰে ৰচিত কবিতা। ৰামায়ণৰ অন্যতম মূল চৰিত্ৰ হনুমানৰ প্ৰতি উৎসৰ্গিত। হনুমান চালিছাত ৪০ টা শ্লোক আছে, যাৰ বাবে ইয়াক চালিছা বোলা হয়।

হনুমান চালিছা ১৬ শতাব্দীৰ কবি তথা দাৰ্শনিক তুলসী দাসে ৰচনা কৰিছিল। জনবিশ্বাস মতে, তুলসী দাসে ৰুগীয়া অৱস্থাত হনুমান চালিছা ৰচনা কৰিছিল আৰু এই চালিছা ৰচনাৰ পাছতে তেওঁ আৰোগ্য লাভ কৰিছিল বুলি কোৱা হয়।

বিভিন্নজনৰ মনত এই চালিছাক লৈ প্ৰশ্ন উত্থাপন হৈছে। বজাৰত সংস্কৃতৰ পৰা আৰম্ভ কৰি হিন্দী, বাংলা, অসমীয়া আৰু আন আন ভাষাত এই চালিছা পোৱা যায়, কিন্তু ইয়াৰে কোনখন পঢ়িলে সুফল পোৱা যাব?  একাংশৰ মতে সংস্কৃততহে শুদ্ধকৈ থাকে নেকি হনুমান চালিছা? আচলে তেনে নহয়, ভগৱানক ভক্তি আৰু নিষ্ঠাৰে যিকোনো এখন হনুমান চালিছা পাঠ কৰিব পাৰে।

হনুমান চালিছা পাঠ কৰিলে সকলো সংকট আঁতৰি যায় আৰু ভক্তৰ মন ধনাত্মক শক্তিৰ ফালে ঢাল খায়। আজি হনুমান চালিছা অসমীয়াত জানো আহক। আপুনি যিখন সহজকৈ উচ্চাৰণ কৰিব পাৰে, সেয়া বাচি ল’ব…

অসমীয়াত হনুমান চালিছা পঢ়ক (Hanuman Chalisa in Assamese):

শ্ৰীগুৰু চৰণ পদ্ম স্মৰি মনে মনে।

কোটি বাৰ প্ৰণামোহো গুৰুৰ চৰণে॥

শ্ৰীৰাম চৰণপদ্ম কৰিয়া স্মৰণ।

চতুবৰ্গ ফল যেন লভো অনুক্ষন॥

বুদ্ধিহীন মই অতি পবন কুমাৰ।

গুচোৱা মনৰ ক্লেশ মনৰ বিকাৰ॥

জয় জয় হনুমান গুণৰ সাগৰ। ১

জয়হে কপীশ-প্ৰভু দয়াৰ আধাৰ॥

শ্ৰীৰামৰ দূত তুমি অতি বলবান।

অঞ্জনাৰ পুত্ৰ তুমি পবনসুত নাম॥ ২

মহাবীৰ ব্ৰজৰঙ্গী তুমি হনুমান।

কুমতি নাশিয়া কৰা সুমতি প্ৰদান॥ ৩

কাঞ্চন বৰণ তযু তুমি হে সুবেশ।

কৰ্ণত কুণ্ডল শোভে কুঁচি কুঁচি বেশ॥ ৪

ধ্বজা বজ্ৰ শোভা কৰে হস্তত তোমাৰ।

কান্ধে শোভা কৰে গদা সুন্দৰৰ ভাৰ॥ ৫

অপৰূপ বাহু তৱ পবন নন্দন।

মহাতেজ জ্যোতিৰূপ জগত বন্দন॥ ৬

বিদ্যাৱান গুণৱান তুমি হে চতুৰ।

শ্ৰীৰামচন্দ্ৰৰ কাৰ্যে তুমি হে আঁতুৰ॥ ৭

সৰ্বদা ৰামৰ আজ্ঞা কৰিছা পালন।

হৃদয়ত লৈ ৰাম সীতা ও লক্ষ্মণ॥ ৮

সূক্ষ্মৰূপ ধৰি তুমি লঙ্কা প্ৰবেশিলা।

বিকট ৰূপৰে লঙ্কা ধ্বংস কৰিলা॥ ৯

ভীমৰূপে কৰা তুমি অসুৰ সংহাৰ।

সৰ্বকাৰ্য্য সিদ্ধি দাতা শ্ৰীৰামচন্দ্ৰৰ॥ ১০

সঞ্জীবন আনি তুমি জীয়ালা লক্ষ্মণ।

ৰঘুবীৰ তাৰ বাবে আনন্দিত মন॥ ১১

ৰঘুনাথে দিলে তোমাক আলিঙ্গন দান।

দান কৰে ভাতৃ স্থান ভৰত সমান॥ ১২

ত্ৰিভুৱনে বিয়পিয় তযু যশ খ্যাতি।

এই বুলি আলিঙ্গন কৰে ৰঘুপতি॥ ১২

সনক ব্ৰহ্মাদি যত দেৱ-মুনিগণ।

নাৰদ সাৰদ আদি দেৱ ঋষিগণ॥ ১৪

যমৰাজ কুবেৰ আৰু দিকপালগণ।

কবি কবিৰে যত ভৰা ত্ৰিভুৱন॥ ১৫

সুগ্ৰীৱৰ উপকাৰ তুমিয়ে কৰিলা।

ৰামৰ লগত মিলাই ৰাজপদ দিলা॥ ১৬

তোমাৰ মন্ত্ৰণা মানে বিভীষণ গণ।

হৈছিল ৰাৱণৰ ভয়ে কম্পমান॥ ১৭

সহস্ৰ যোজন ঊৰ্ধ্বে সূৰ্য্যদেৱে দেখে।

সুমধুৰ ফল বুলি ভাবে একে গ্ৰাসে॥ ১৮

জয় ৰাম বুলি তুমি অসীম সাগৰ।

পাৰ হৈ প্ৰবেশিলা লঙ্কাৰ ভিতৰ। ১৯

দুৰ্গম যতেক কৰ্ম আছে ত্ৰিভুবনে।

সুগম কৰিলা তুমি ’ৰাম-ৰাম’ গানে॥ ২০

শ্ৰীৰামৰ দ্বাৰৰক্ষী ৰামচন্দ্ৰৰ দ্বাৰে।

তযু অনুমতি বিনা সোমাব নোৱাৰে॥ ২১

শৰণ লইনু প্ৰভু আজি যে তোমাৰ।

ভৱ ভয়ে ৰক্ষা কৰা বিপদে আমাৰ॥ ২২

নিজ শক্তি নিজে প্ৰভু কৰা সম্বৰণ।

তোমাৰ হুঙ্কাৰতে কম্পে ত্ৰিভুৱন॥ ২৩

ভূত প্ৰেত পিশাচাদি আহিব নোৱাৰে।

মহাবীৰ তযু নাম সেই সদা ত্মৰে॥ ২৪

ৰোগ নাশ কৰা তুমি সৰ্বপীড়া হৰ।

মহাবীৰ তযু নাম স্মৰে নিৰন্তৰ॥ ২৫

সঙ্কটত হনুমানে ৰক্ষা কৰি যায়।

হনুৰ চৰণে ভক্তি ৰাখিব সদায়॥ ২৬

সৰ্বোপৰি ৰামচন্দ্ৰ তপস্বী ও ৰজা।

শ্ৰীৰামৰ শত্ৰুগণক তুমি দিলা মজা॥ ২৭

তোমাৰ চৰণে যেয়ে মন প্ৰাণ দিব।

জীৱনত সেইজনে সদা সুখ পাব॥ ২৮

প্ৰৱল প্ৰতাপ তযু হে বায়ু নন্দন।

তযু নামে উজ্জ্বলিব এই ত্ৰিভুবন॥

সাধু-সন্যাসীকো ৰক্ষা কৰা মতিমান।

শ্ৰীৰামৰ প্ৰিয় তুমি অতি গুণবান॥ ৩০

অষ্টসিদ্ধি নবসিদ্ধি কিবা যদি আছে।

সকলোই সিদ্ধি হয় তোমাৰে কৃপাতে॥ ৩১

তোমাৰ কাষতে থাকে ৰাম নাৰায়ণ।

ৰামৰ তুমিয়ে দাস জানে সৰ্বজন॥ ৩২।

তোমাৰ ভজন কৰি লভিব ৰামক।

জনমে জনমে সেয়ে দুখ বিমোচক॥ ৩৩

অন্তকালে পাব তেওঁ ৰামৰ চৰণ।

এই সাৰ কথা শুনা সব ভক্তগণ॥ ৩৪

সকলো বিষয় ত্যাগি বোলা হনুমান।

হনুমন্তে সৰ্বসুখ কৰিব প্ৰদান॥ ৩৫

সৰ্বদুখ আঁতৰিব সঙ্কটো কাটিব।

সেইজনে হনুমন্তক স্মৰণ কৰিব॥ ৩৬

জয় জয় জয় প্ৰভু জয় হনুমান।

তযু কৃপা বিনে মোৰ গতি নাই আন॥ ৩৭

যেইজনে শতবাৰ এই পাঠ কৰে।

সকলো অশান্তি তাৰ নাশ হৈ পৰে॥ ৩৮

হনুমান চালিশা যেয়ে সদা পাঠ কৰে।

সিদ্ধি লাভ কৰে আৰু বিপদত তৰে॥ ৩৯

তুলসীদাস সৰ্বদাই শ্ৰীহৰিৰ দাস।

মনৰমন্দিৰত প্ৰভু সদা কৰা বাস॥ ৪০

ত্ৰিপদী

পবন নন্দন সঙ্কট হৰণ

মঙ্গল মুৰুটি ৰূপ।

শ্ৰীৰাম লক্ষ্মণ জানকী ৰঞ্জন

তুমি হৃদয়ৰে ভূপ॥

পবন নন্দন প্ৰবল বিক্ৰম

ৰাম অনুগত অতি।

চালিশা ইয়াতে সমাপ্ত কৰিছো

পদে থাকে যেন মতি॥

 

ৰাষ্ট্ৰীয় পতাকাৰ লগত জড়িত ১০টা গুৰুত্বপূৰ্ণ নিয়ম, নামানিলে হ’ব পাৰে জে’ল...
বাৰে বাৰে বেমাৰত পৰে নেকি? আজিয়েই শোৱনি কোঠাৰ পৰা আঁতৰ কৰক এই ৩ বস্তু...
বাৰে বাৰে মুখ ধোৱাৰ ফলত ছালত কি সমস্যা হ'ব পাৰে? জানক সকলো...
মহিলাসকলে ডিঙিত হনুমানৰ লকেট থকা চেইন পিন্ধিব পাৰেনে?