এছিয়াৰ সৰ্ববৃহৎ লিংগাকাৰ মহা মৃত্যুঞ্জয় মন্দিৰ, মহাশিৱৰাত্ৰিকলৈ চলিছে ব্যাপক প্ৰস্তুতি

মৃত্যুঞ্জয় মন্দিৰত প্ৰতি বছৰে ধুমধামেৰে মহাশিৱৰাত্ৰি পালন কৰে। ২০২১ চনৰ ২৬ ফেব্ৰুৱাৰী তাৰিখৰ পৰা সাধাৰণ ভক্তসকলৰ বাবে মন্দিৰ মুকলি কৰা হৈছিল মন্দিৰটো। ২০২১ চনত এছিয়াৰ সৰ্ববৃহত লিংগাকাৰ মন্দিৰ মহা মৃত্যুঞ্জয় মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱত অংশ গ্ৰহণ কৰিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।

এছিয়াৰ সৰ্ববৃহৎ লিংগাকাৰ মহা মৃত্যুঞ্জয় মন্দিৰ, মহাশিৱৰাত্ৰিকলৈ চলিছে ব্যাপক প্ৰস্তুতি

মৃত্যুঞ্জয় মন্দিৰ

Published: 

22 Feb 2025 09:06 AM

মহাশিৱৰাত্ৰিক লৈ মাজত মাত্ৰ কেইটামান দিন বাকী। মহামৃত্যুঞ্জয় মন্দিৰত আৰম্ভ হৈছে মহাশিৱৰাত্ৰিৰ আয়োজন। প্ৰতিবছৰে এই দিনটোত মহাদেৱৰ আশিষ ল’বলৈ নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰত ভিৰ কৰে ভক্তই। কিন্তু আপুনি জানেনে এই মন্দিৰটো কোনে কেতিয়া স্থাপন কৰিছিল?

মহা মৃত্যুঞ্জয় মন্দিৰ (Mrityunjay Temple) অসমৰ নগাঁও জিলাৰ পুৰণিগুদামত অৱস্থিত ভগৱান শিৱৰ প্ৰতি উৎসৰ্গিত হিন্দু মন্দিৰ। ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত এই মন্দিৰৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈছিল। স্থাপত্যশৈলীৰ ফালৰ পৰা মন্দিৰটো এটা বিশাল শিৱ লিংগৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে। ১২৬ ফুট ওখ শিৱ লিংগ আকাৰত নিৰ্মিত এই মন্দিৰ পৃথিৱীৰ সৰ্ববৃহ শিৱ লিংগ।

কোনে নিৰ্মাণ কৰিছিল?

২০২১ চনৰ ২৬ ফেব্ৰুৱাৰী তাৰিখৰ পৰা সাধাৰণ ভক্তসকলৰ বাবে মন্দিৰ মুকলি কৰা হৈছিল মন্দিৰটো। ২০২১ চনত এছিয়াৰ সৰ্ববৃহত লিংগাকাৰ মন্দিৰ মহা মৃত্যুঞ্জয় মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱত অংশ গ্ৰহণ কৰিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।
মন্দিৰ নিৰ্মাণৰ কাম ২০০৩ চনত আচাৰ্য ভৃগু গিৰি মহাৰাজে আৰম্ভ কৰিছিল। এই ঠাইত তেওঁ ধ্যান কৰিবলৈ ব্যৱহাৰ কৰিছিল আৰু তেওঁৰ মতে দৈত্য গুৰু শুক্ৰাচাৰ্যয়ে প্ৰাচীন কালত পৌৰাণিক বিশ্বাস অনুসৰি ইয়াত মহা মৃত্যুঞ্জয় মন্ত্ৰৰ ধৰ্মীয় ৰীতি-নীতি পালন কৰিছিল। এই চিন্তাৰ আধাৰত আচাৰ্য ভৃগু গিৰি মহাৰাজে মন্দিৰ নিৰ্মাণৰ বাবে এই ঠাইখন বাছনি কৰিছিল। নিৰ্মাণৰ প্ৰাৰম্ভিক পৰিকল্পনা ২০০৩ চনত আৰম্ভ হৈছিল কিন্তু আন স্থপতিবিদ আৰু অভিযন্তাসকলৰ কেইবাটাও প্ৰচেষ্টাৰ পিছত, চূড়ান্ত অভিযান্ত্ৰিক আৰু ডিজাইনৰ কাম এৰ নাৰায়ণ শৰ্মাই বহন কৰিছিল। অভিযান্ত্ৰিক বিদ্যাত নিপুণতাৰ প্ৰতিফলনৰ বাবে মন্দিৰটো অতি গুৰুত্বপূৰ্ণ।

 

শীতকালত ছালৰ যতন কেনেকৈ ল'ব? জানক সহজ উপায়
দাঁত বিষে অশান্তি কৰিছে নেকি? দাঁতৰ বিষ দূৰ কৰাৰ সহজ ঘৰুৱা উপায়
আপুনি কিনিব বিচৰা আপেলটো আচল নে নকল? এই সহজ উপায়েৰে জানক...
ৰাতিপুৱা খালী পেটত গৰম পানী খালে কি হয়? ইয়াৰ উপকাৰিতা জানক