মনসা দেৱী আৰু চান্দ সদাগৰৰ কাহিনীটো জানেনে? ভাৰতৰ ক’ত আছে মনসা দেৱীৰ মন্দিৰ?

হিন্দু ধৰ্মত মনসা দেৱীক মূলতঃ সৰ্পৰ ভয় দূৰ, উৰ্বৰতা আৰু সমৃদ্ধিৰ বাবে পূজা কৰা হয়। মনসা দেৱীক সাপৰ দেৱী বুলি গণ্য কৰা হয়। মা মনসাক পূজা কৰিলে সাপৰ ভয় নাথাকে বুলি ধৰ্মীয় বিশ্বাস আছে।

মনসা দেৱী আৰু চান্দ সদাগৰৰ কাহিনীটো জানেনে? ভাৰতৰ কত আছে মনসা দেৱীৰ মন্দিৰ?

হৰিদ্বাৰৰ মনসা মন্দিৰ

Updated On: 

27 Jul 2025 13:29 PM

উত্তৰাখণ্ডৰ হৰিদ্বাৰত অৱস্থিত মনসা দেৱী মন্দিৰক বিশেষ গুৰুত্ব প্ৰদান কৰা হয়। কোৱা হয় যে মনসা দেৱী মন্দিৰত ভক্তসকলৰ প্ৰতিটো ইচ্ছা পূৰণ হয়, সেইবাবেই বহু দূৰ-দূৰণিৰ পৰা লাখ লাখ ভক্তই নিজৰ ইচ্ছাৰে এই মন্দিৰলৈ আহে। এই মন্দিৰত ভগৱান শিৱৰ কনিষ্ঠ কন্যা মনসা দেৱীক পূজা কৰা হয়। মনসা দেৱী মন্দিৰৰ লগত জড়িত কিছুমান গুৰুত্বপূৰ্ণ কথা জানো আহক-

মনসা দেৱী মন্দিৰ কিয় বিখ্যাত?

শিৱলিক পাহাৰত অৱস্থিত মনসা দেৱী মন্দিৰ ভক্তৰ মাজত বিখ্যাত মন্দিৰ, যিটো দেৱী মনসাৰ প্ৰতি উৎসৰ্গিত। এই মন্দিৰ ধৰ্মীয় তাৎপৰ্য আৰু পৌৰাণিক বিশ্বাসৰ বাবে জনপ্ৰিয়। মনসা দেৱীক ভগৱান শিৱৰ কন্যা বুলি গণ্য কৰা হয় আৰু সাধাৰণতে মনৰ ইচ্ছা পূৰণ কৰা দেৱী হিচাপে পূজা কৰা হয়।

মনসা দেৱীক কিয় পূজা কৰা হয়?

হিন্দু ধৰ্মত মনসা দেৱীক মূলতঃ সৰ্পৰ ভয় দূৰ, উৰ্বৰতা আৰু সমৃদ্ধিৰ বাবে পূজা কৰা হয়। মনসা দেৱীক সাপৰ দেৱী বুলি গণ্য কৰা হয়। মা মনসাক পূজা কৰিলে সাপৰ ভয় নাথাকে বুলি ধৰ্মীয় বিশ্বাস আছে।

মনসা মন্দিৰৰ ইতিহাস

পৌৰাণিক বিশ্বাস অনুসৰি ভগৱান শিৱৰ মনৰ পৰা মনসা দেৱী আৱিৰ্ভাৱ হৈছিল আৰু তেওঁক সাপৰ দেৱী বুলিও গণ্য কৰা হয়। ধৰ্মীয় বিশ্বাস অনুসৰি মনসা দেৱীয়ে ভগৱান শিৱৰ বিষ শান্ত কৰিছিল, যাৰ বাবে তেওঁৰ নাম “বিষহাৰী” ৰখা হৈছিল। মনসা দেৱীক সাপৰ ভগ্নী বুলিও কোৱা হয়। সাগৰ মন্থনৰ পিছত ওলোৱা অমৃতৰ কেইটোপালমান সৰি পৰা চাৰিটা ঠাইৰ ভিতৰত মনসা দেৱী মন্দিৰ অন্যতম। এই মন্দিৰত দেৱীৰ দুটা মূৰ্তি আছে, এটাৰ তিনিটা মুখ আৰু পাঁচ বাহু আছে। আনটো মূৰ্তিৰ আঠটা বাহু আছে।

আন এক কিংবদন্তি অনুসৰি মনসা দেৱীয়ে স্বামী জৰাটকাৰু আৰু পুত্ৰ আষ্টিকক ৰক্ষা কৰিছিল, যিয়ে সাপৰ বংশটোক ৰক্ষা কৰিছিল। সেয়ে মনসা দেৱীকো সাপৰ দেৱী হিচাপে পূজা কৰা হয় আৰু সাপৰ দংশনৰ পৰা ৰক্ষা পাবলৈ আৰু মনোকামনা পূৰণৰ বাবে তেওঁক পূজা কৰা হয়।

মনসা দেৱী মন্দিৰৰ বিশ্বাস

হৰিদ্বাৰ মনসা দেৱী মন্দিৰত ভক্তসকলে নিজৰ ইচ্ছা পূৰণৰ বাবে নাৰিকল, ফল-মূল, মালা আৰু ধূপকাঠি আগবঢ়ায়। এই মন্দিৰত সূতা বান্ধিলে ইচ্ছা পূৰণ হয় বুলি ভক্তসকলে বিশ্বাস কৰে। লগতে এই মন্দিৰটো হৰিদ্বাৰৰ পঞ্চ তীৰ্থৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয় আৰু প্ৰতি বছৰে হাজাৰ হাজাৰ ভক্তই দৰ্শনৰ বাবে ইয়ালৈ আহে।

অসমত কিদৰে বিশ্বাস কৰা হয় মনসা দেৱীক?

চান্দ সদাগৰ আছিল শিৱ ভক্ত, তেওঁ মনসা দেৱীক পূজা দিবলৈ অস্বীকাৰ কৰিছিল। যাৰ বাবে মনসা দেৱী ক্ৰোধিত হৈ সদাগৰৰ ৰাজ্যত সাপৰ আতংকৰ সৃষ্টি কৰিছিল আৰু তেওঁৰ বণিজৰ নাওবোৰ ডুবাই দিছিল। তথাপিও যেতিয়া চান্দ সদাগৰে মনসা দেৱীক পূজা দিবলৈ অস্বীকাৰ কৰিলে, তেতিয়া এটা এটাকৈ সদাগৰৰ ছটা পুতেকক মনসা দেৱীৰ নিৰ্দেশত সৰ্পই দংশন কৰিছিল। কিন্তু সপ্তম পুত্ৰ লখিন্দৰক খুব সুৰক্ষিতভাৱে ৰাখিছিল সদাগৰে। বেউলাৰ সৈতে বিবাহৰ পাচত দুয়োকে থকাৰ বাবে এটা মেৰ ঘৰ সজাইছিল সদাগৰে।

যিজন মিস্ত্ৰীয়ে এই মেৰ ঘৰ নিৰ্মাণ কৰিছিল, তেওঁক মা মনসাই নিৰ্দেশ দিছিল এটা সৰু ছিদ্ৰ ৰাখিবলৈ। দেৱীৰ কোপৰ পৰা বাচিবলৈ মিস্ত্ৰীজনেও সেই নিৰ্দেশ মানিবলৈ বাধ্য হৈছিল। লখিন্দাৰ-বেউলাৰ ফুলসজ্জাৰ নিশাতেই লখিন্দৰক সৰ্পই দংশন কৰে। তেতিয়া বেউলাই এখন ভূৰত লখিন্দৰৰ দেহটো লৈ লুইতেদি ভটিয়াই গৈ আছিল। পুত্ৰৰ শোকত বিহ্বল চান্দ সদাগৰে অৱশেষত বাওঁহাতেৰে মা মনসালৈ এপাহ ফুল আগবঢ়াই পূজা দিয়ে। বেউলাৰ স্বামী ভক্তিত সন্তুষ্ট হৈ লখিন্দৰৰ লগতে সদাগৰৰ আনন ছয় পুত্ৰক মা মনসাই জীৱন্ত কৰি দিয়ে। লগতে সদাগৰৰ নাওসমূহো ঘূৰাই দিয়ে। অসমতো সৰ্পৰ ভয় দূৰ কৰিবলৈ ভক্তই মনসা দেৱীৰ পূজা কৰে।

উল্লেখ্য যে হৰিদ্বাৰৰ হৰ কী পৌৰীৰ পৰা মনসা দেৱী মন্দিৰৰ দূৰত্ব বেছি নহয়। হৰ কি পৌৰীৰ পৰা পোনপটীয়া পথটোৰে মনসা দেৱী মন্দিৰলৈ যায়, অৰ্থাৎ হৰ কি পৌৰীৰ পৰা মনসা দেৱী মন্দিৰলৈ যাবলৈ ডেৰ কিলোমিটাৰ।

কৰ্মস্থলীত কেনেকৈ সক্ৰিয় হৈ থাকিব পাৰি? অফিচৰ সময়ত অহা টোপনিৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় জানক
চিংৰা দেখিলেই ওলায় লোভৰ পানী, পিছে লোভ সম্বৰণ নকৰিলেই এইসকল লোকৰ হ’ব বিপদ
নাগ পঞ্চমীৰ দিনটোত এই ৪ টা কাম ভুলতেও নকৰিব...
মানচেষ্টাৰত ইতিহাস ৰচিলে শুভমন গিলে, পাকিস্তানৰ হাতৰ পৰা কাঢ়ি আনিলে এই বৃহৎ অভিলেখ