আজি ৰাতি শিলা বৰষিলে… শ্ৰীকৃষ্ণৰ জন্মাষ্টমীত আপোনজনক এইদৰে দিয়ক শুভেচ্ছা…
Happy Janmashtami Wishes: অসমীয়া কেলেণ্ডাৰ অনুসৰি ভাদ মাহৰ কৃষ্ণপক্ষৰ অষ্টমী তিথিহে জন্মাষ্টমী পালন কৰাৰ নিয়ম প্ৰচলিত হৈ আহিছে। কালচক্ৰ পূৰ্ণাংগ পঞ্জিকা অনুসৰি অসমত আজি ভক্তপ্ৰাণ ৰাইজে ধুমধামেৰে পালন কৰিব জন্মাষ্টমী। এই দিনটোত প্ৰতিগৰাকী ব্যক্তিকে দিয়ক শুভেচ্ছা...

শ্ৰীকৃষ্ণৰ জন্মাষ্টমীত আপোনজনক এইদৰে দিয়ক শুভেচ্ছা...
আজি অসমত জন্মাষ্টমী। মথুৰা, বৃন্দাবনকে ধৰি দেশৰ কেইবাটাও প্ৰান্তত অতি আড়ম্বৰেৰে জন্মাষ্টমী উদযাপন কৰিছে, কিন্তু অসমত আজিহে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উদযাপন কৰা হৈছে। অসমত শাওন মাহতে জন্মাষ্টমী পালনৰ পৰম্পৰা নাই। অসমীয়া কেলেণ্ডাৰ অনুসৰি ভাদ মাহৰ কৃষ্ণপক্ষৰ অষ্টমী তিথিহে জন্মাষ্টমী পালন কৰাৰ নিয়ম প্ৰচলিত হৈ আহিছে। কালচক্ৰ পূৰ্ণাংগ পঞ্জিকা অনুসৰি অসমত আজি ভক্তপ্ৰাণ ৰাইজে ধুমধামেৰে পালন কৰিব জন্মাষ্টমী।
শ্ৰীকৃষ্ণৰ জন্মাষ্টমীয়ে প্ৰতিজন ব্যক্তিকে ভগৱান কৃষ্ণৰ জীৱন আৰু শিক্ষাৰ বিষয়ে মনত পেলাই দিয়ে। প্ৰতি বছৰে এই দিনটো ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী হিচাপে পালন কৰা হয়। জন্মাষ্টমীৰ দিনা লাড্ডু গোপালৰ বিশেষ পূজা, অনুষ্ঠানৰ লগতে ভগৱান শ্ৰীকৃষ্ণৰ শিশু ৰূপটো উপাসনা কৰে।
- আজি ৰাতি শিলা বৰষিলে… ভক্তিৰস আৰু প্ৰেমৰ সুধাই সকলো অশুভ শক্তি বিনাশ কৰক, প্ৰভুৰ চৰণত তাকেই প্ৰাৰ্থনা কৰিলোঁ।
- ভগৱান শ্রীকৃষ্ণই সকলোৰে মনৰ দুখ কষ্ট নাইকীয়া কৰক, সকলোৰে মনৰ আশা পূৰ্ণ কৰক, সকলোৰে জীৱনলৈ সুখ শান্তি কঢ়িয়াই আনক…
- প্ৰভু শ্রীকৃষ্ণৰ আশীৰ্বাদত সকলোৰে জীৱন সুখ, শান্তি আৰু সমৃদ্ধিৰে ভৰি পৰাৰ কামনাৰে…
- ভগৱান শ্রীকৃষ্ণৰ পবিত্ৰ জন্মাষ্টমীৰ এই শুভ ক্ষণত ত্ৰিজগতৰ পতি গৰাকীৰ শ্রীচৰণত সেৱা জনাই সমূহ ধৰ্মপ্ৰাণ ৰাইজলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
- সকলোৰে সুস্বাস্থ্য আৰু মনৰ আশা সফল হোৱাৰ কামনাৰে ভগৱান শ্ৰীকৃষ্ণৰ চৰণত সেৱা আগবঢ়াই সকলোলৈ শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ শুভেচ্ছা জনাইছো ৷
- ত্ৰিজগতৰ পতি প্ৰভু শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ পবিত্ৰ দিনটোত সকলোৰে মঙ্গল কামনা কৰি তেৰাৰ চৰণত ভক্তিভৰা সেৱা জনাইছোঁ ৷
- আমি সকলোৱে মিলি এখন প্ৰগতিশীল আৰু সমৃদ্ধিশালী অসম গঢ়ি তুলিব পাৰোঁ, তাৰবাবে ত্ৰিজগতৰ পতি শ্ৰীকৃষ্ণৰ শ্ৰীচৰণত নতশিৰে প্ৰণাম জনাইছোঁ…
- পৰমব্ৰহ্মৰ পূৰ্ণ অবতাৰ ভগৱান শ্রীকৃষ্ণৰ আশীৰ্বাদে সকলোৰে জীৱনলৈ কঢ়িয়াই আনক সুখ, শান্তি আৰু সমৃদ্ধিৰ বতৰা। শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ পৱিত্ৰ ক্ষণত সকলোলৈ আন্তৰিক শুভেচ্ছা জনালোঁ।
- ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ পবিত্ৰ মূহুৰ্তত সকলোকে আন্তৰিক শুভেচ্ছা। শ্ৰীকৃষ্ণৰ অমৃত বাণী তথা মাৰ্গদৰ্শনে আটাইকে বাট দেখুৱাই যাওঁক, এয়াই আন্তৰিক কামনা।
- পৰমব্ৰহ্মৰ পূৰ্ণ অৱতাৰ শ্ৰীকৃষ্ণৰ অমৃত বাণী আৰু স্বৰ্গীয় আভাই আমাক মাৰ্গদৰ্শন কৰি আহিছে। এই পবিত্ৰ দিনটোত আপোনাৰ জীৱনলৈ অনাবিল সুখ, শান্তি, সমৃদ্ধি আৰু সুস্বাস্থ্যৰ বতৰা কঢ়িয়াই আনক, তাৰে কামনাৰে ত্ৰি-জগতৰ পতিৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ।