Hanuman Puja: প্ৰেমত আহিছে নেকি বাধা? হনুমানক সন্তুষ্ট কৰিবলৈ মঙলবাৰে কৰক এই উপায়…

Hanuman Puja: হনুমানে মানুহৰ জীৱনৰ পৰা সকলো সমস্যা নোহোৱা কৰে বুলি কোৱা হয়। বিশেষকৈ মঙলবাৰৰ দিনটোত হনুমানক পূজা কৰিলে শুভ ফল পোৱা যায় বুলি মান্যতা আছে।

Hanuman Puja: প্ৰেমত আহিছে নেকি বাধা? হনুমানক সন্তুষ্ট কৰিবলৈ মঙলবাৰে কৰক এই উপায়...

হনুমান

Published: 

14 Oct 2025 | 10:11 AM

মঙলবাৰৰ দিনটো ভগৱান হনুমানৰ প্ৰতি  উৎসৰ্গিত। কোৱা হয়, এই দিনটোত হনুমানক পূজা কৰিলে  ভাল ফল পোৱা যায়। যাৰ বাবে বহুতে বিভিন্ন সমস্যাৰ সমাধান বিচাৰি মঙলবাৰে কিছুমান বিশেষ উপায় কৰে। কেতিয়াবা কিছুমানৰ প্ৰেম বিবাহত সমস্যা অহা দেখা যায়। তেন্তে এয়া মংগল দোষৰ কাৰণে হ’ব পাৰে। জ্যোতিষীসকলৰ মতে মংগল দোষ হৈছে জ্যোতিষৰ এনে এক অৱস্থা য’ত মংগল গ্ৰহক এজন ব্যক্তিৰ জন্ম কুণ্ডলীৰ প্ৰথম, চতুৰ্থ, সপ্তম, অষ্টম বা দ্বাদশ স্থানত দেখা যায়। ইয়াৰ ফলত বিয়াত সমস্যা বা বাধা আহিব পাৰে।

এই সন্দৰ্ভত জ্যোতিষী পণ্ডিত ৰাকেশ পাণ্ডে বিশেষ মন্তব্য কৰিছে। তেওঁৰ মতে, এজন মাংগলিক পুৰুষে এগৰাকী মাংগলিক মহিলাক বিয়া কৰাব লাগে। ইয়াৰ অৰ্থ এয়া নহয় যে, মাংগলিক দোষ থকা এজন ব্যক্তিৰ সংসাৰ সুখৰ হ’ব নোৱাৰে। মংগলৰ দোষ থকাৰ ফলত বিবাহ পলম বা বিয়াৰ ক্ষেত্ৰত বহু বাধা আহে বুলি কোৱা হয়। এনে অৱস্থাত ব্যক্তিয়ে হনুমানৰ পূজা কৰা উচিত।

উপায়

জ্যোতিষীৰ মতে, বিবাহ বা প্ৰেমত বাধা আহিলে মঙলবাৰে হনুমানৰ পূজা কৰা উচিত।

  • এই দিনটোত হনুমান চলিছা পাঠ কৰিব লাগে।
  • ইয়াৰ লগতে সেন্দূৰ আৰু জেছমিন তেলৰ চাকি জ্বলাব লাগে।
  • মচুৰ দাইল আৰু গুৰ দান কৰিব পাৰে।
  • গৰুক গুড় বা ৰুটি খুৱাব পাৰে।
  • ডাঙৰ ভনীয়েক বা ভাতৃৰ সেৱা আৰু সন্মান কৰিলেও মংগল গ্ৰহৰ পৰা শুভ ফল পোৱা যায়।
  • হনুমানক প্ৰিয় বস্তু আগবঢ়াব লাগে।
  • বুণ্ডিয়া লাড়ু আগবঢ়োৱা ভাল।
  • প্ৰসাদ ৰাইজৰ মাজত বিতৰণ কৰিব লাগে।

হনুমানৰ পূজা

ভাল ফল লাভৰ বাবে আপুনি মঙলবাৰৰ দিনটোত হনুমানৰ পূজা কৰিব পাৰে। কোনো হনুমান মন্দিৰলৈ গৈ বা ঘৰতে বিধি অনুসৰি পূজা আগবঢ়াব পাৰে। এই দিনটোত ব্ৰত ৰখাও শুভ বুলি কোৱা  হয়।

 

(ওপৰোক্ত লেখাটো ধৰ্মীয় মান্যতা তথা বিশ্বাসৰ ভিত্তিত লিখা হৈছে। ইয়াৰ সত্যাসত্যৰ সৈতে টিভি৯ অসমৰ কোনো সম্পৰ্ক নাই)

 

অন্য খবৰ পঢ়কঃ ভাৰতৰ ৭০% মহিলা আক্ৰান্ত এই ৰোগত! জানক ইয়াৰ লক্ষণ, কাৰণ আদি সকলো…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...