Eid Wishes 2025: ঈদ মোবাৰক! আপোনজনলৈ এনেকৈ প্ৰেৰণ কৰক ঈদ-উল-আজহাৰ শুভেচ্ছা…

Eid Wishes 2025: ৭ জুনত সমূহ ইছলামধৰ্মী লোকে পালন কৰিব ঈদ-উল-আজহা। এই শুভ ক্ষণত বিভিন্নজনে বন্ধু-বৰ্গ, আত্মীয়-স্বজনক ঈদৰ বাৰ্তা প্ৰেৰণ কৰে।

Eid Wishes 2025: ঈদ মোবাৰক! আপোনজনলৈ এনেকৈ প্ৰেৰণ কৰক ঈদ-উল-আজহাৰ শুভেচ্ছা...

ঈদ মোবাৰক

Published: 

06 Jun 2025 11:44 AM

ইছলামিক কেলেণ্ডাৰ অনুসৰি ইছলাম ধৰ্মৰ সবাতোকৈ গুৰুত্বপূৰ্ণ উৎসৱ হৈছে ঈদ-উল-আজহা (Eid-Ul -Adha), যাক সাধাৰণতে বকৰিদ নামেৰে জনা যায়। এই উৎসৱ মানে কেৱল কুৰ্বানী বা ত্যাগ নহয়,ই প্ৰেম আৰু দোৱাৰো। হজৰত ইব্ৰাহিম (ছাঃ)ৰ আল্লাহৰ প্ৰতি আনুগত্য আৰু তেওঁৰ ত্যাগ মনোভাৱৰ স্মৃতিত বকৰিদ উদযাপন কৰা হয়। বকৰিদ উৎসৱে পাৰস্পৰিক ভাতৃত্ববোধ, প্ৰেম আৰু সহায়ৰ মনোভাৱ আৰু অধিক শক্তিশালী কৰে।

এই দিনটোত ইছলাম ধৰ্মৰ লোকসকলে ঈদৰ নামাজ পঢ়ে। লগতে নিয়ম অনুসৰি জীৱ-জন্তুৰ কুৰ্বানী দিয়ে। পাছত ইয়াৰ মাংস দৰিদ্ৰ আৰু আত্মীয়ৰ সৈতে বিতৰণ কৰি আনন্দ কৰে। এই উৎসৱে শিকাই যে, আনৰ লগত ভাগ-বতৰা কৰিলেহে আমাৰ সুখ সম্পূৰ্ণ হয়। এই দিনটোত আপোনজনক ঈদৰ শুভেচ্ছা প্ৰেৰণ কৰা হয়। যদি আপুনিও বন্ধু-বান্ধৱী বা আপোনজনক ঈদৰ শুভেচ্ছা প্ৰেৰণ কৰিব বিচাৰিছে তেন্তে তলত ইয়াৰ কেইটামান আভাস দিয়া হ’ল।

  1. ঈদ-উল-আজহাৰ মোবাৰক। আশা কৰো এই ঈদে সকলোৰে মুখত হাঁহি আৰু আনন্দ বিয়পাই তোলক। ত্যাগৰ নিদৰ্শন তথা বকৰিদৰ তোমাৰ দোৱা পূৰণ হওক। বকৰিদ মোবাৰক।
  2. ঈদ মোবাৰক। আশা কৰো আল্লাই তোমাৰ সকলো মনৰ কামনা পূৰণ কৰক।
  3. ঈদ মোবাৰক। আশা কৰো আল্লাই কুৰ্বানী স্বীকাৰ কৰক আৰু তোমাৰ জীৱন সুখ-আনন্দৰে ভৰাই তোলক। বকৰিদ মোবাৰক।
  4. আপোনাৰ প্ৰতিটো দোৱা পূৰণ হওক,প্ৰতিটো খোজতে সফল হওক, বকৰিদৰ এই পবিত্ৰ দিনটো আপোনাৰ বাবে বিশেষ হওক, আপুনি য’তেই নাথাকক কিয়, আল্লাই আশীৰ্বাদ কৰক। ঈদ-উল-আজহাৰ শুভেচ্ছা।
  5. নামাজ শান্তিৰ হওক, কুৰ্বানী হওক আশীৰ্বাদ…আশা কৰো এই ঈদে তোমাৰ জীৱনলৈ সুখ-সমৃদ্ধি কঢ়িয়াই আনক। ঈদ-উল-আজহাৰ শুভেচ্ছা।
  6. সদায় সুখী হোৱা, হাঁহি থকা…তোমাৰ প্ৰতিটো দোৱাই কবুল হওক। তোমলৈ বকৰিদৰ শুভেচ্ছা।
  7. আল্লাৰ দয়া আৰু ৰহমতেৰে কুৰ্বানী লৈ আহিছে ঈদ। আহক আমি সকলো দুখ পাহৰি সুখৰ সমভাগী হও। এটাই দোৱা, এই ঈদে সকলোৰে জীৱনলৈ কঢ়িয়াই আনক সুখ-শান্তি আৰু সমৃদ্ধি। ঈদৰ শুভেচ্ছা।
  8. হৃদয়ৰ পৰা দোৱা লৈ আহিছে ঈদ, সুখৰ উপহাৰ লৈ ঈদ আহিছে, ঈদ আহিছে কুৰ্বানীৰ বাৰ্তা লৈ, ঈদ আহিছে আল্লাহৰ আশীৰ্বাদৰ বৰষুণ কৰিবলৈ…সকলোকে ঈদৰ শুভেচ্ছা।
  9. চন্দ্ৰৰ পোহৰেৰে আপোনাৰ জীৱন আলোকিত হওক,আপোনাৰ হৃদয়ৰ প্ৰতিটো ইচ্ছা পূৰণ হওক, এয়াই মোৰ প্ৰাৰ্থনা। আপোনালৈ ঈদ-উল-আজহাৰ বহুত বহুত শুভেচ্ছা।
  10. আল্লাই সকলোৰে জীৱন আশীৰ্বাদেৰে পুষ্ট কৰি তোলক, সকলোৰে ঘৰ সুখেৰে ভৰি পৰক,ঘৃণা নিৰ্মূল হওক, প্ৰেম বাঢ়ি যাওক…সকললোলৈ ঈদৰ বহুত বহুত শুভেচ্ছা।

 

প্ৰ’ষ্টেট কৰ্কট ৰোগীয়ে সঘনাই প্ৰস্ৰাৱৰ অনুভৱ কৰে, কিদৰে থাকিব সাৱধান?
Dhanteras 2025: ধনতেৰাচত কি কি বস্তু কিনিলে শুভ ফল পোৱা যায়
পাকঘৰৰ এই ৫ বস্তু হ'ব পাৰে হৃদযন্ত্ৰৰ সমস্যাৰ মূল কাৰণ! জানক...
ছালত দেখা দিছে নেকি এই লক্ষণ? হ'ব পাৰে এই ডাঙৰ সমস্যাৰ সংকেত...