স্বামীৰ আয়ুস বৃদ্ধিৰ উপায়ঃ বিজয়া দশমীত মহিলাসকলে খেলা সেন্দূৰ খেলৰ আঁৰৰ ৰহস্য জানক

দুৰ্গা পূজাৰ বিশেষ তাৎপৰ্য আছে। ষষ্ঠীৰ পৰা আৰম্ভ হৈ বিজয়দশমীলৈকে চলি থকা এই উৎসৱৰ সময়ত সেন্দূৰ খেলা এক গুৰুত্বপূৰ্ণ পৰ্ব। এই উৎসৱৰ সময়ত মহিলাসকলে দেৱী দুৰ্গাক সেন্দূৰ অৰ্পন কৰি ইজনে সিজনক সেন্দূৰ লগাই মংগল কামনা কৰে। এই অনুষ্ঠানে দেৱী দুৰ্গাৰ বিদায়ৰ প্ৰতীক। ইয়াৰ ইতিহাস জানো আহক।

স্বামীৰ আয়ুস বৃদ্ধিৰ উপায়ঃ বিজয়া দশমীত মহিলাসকলে খেলা সেন্দূৰ খেলৰ আঁৰৰ ৰহস্য জানক
Updated On: 

02 Oct 2025 | 02:42 PM

২২ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা এই উৎসৱৰ সামৰণি পৰে দশমীৰ দিনা মা দুৰ্গাৰ বিসৰ্জনেৰে। সমগ্ৰ দেশতে এই উৎসৱটো অতি উৎসাহেৰে পালন কৰা হয়।

দুৰ্গা পূজাৰ বিশেষ তাৎপৰ্য আছে। ষষ্ঠীৰ পৰা আৰম্ভ হৈ বিজয়দশমীলৈকে চলি থকা এই উৎসৱৰ সময়ত সেন্দূৰ খেলা এক গুৰুত্বপূৰ্ণ পৰ্ব। এই উৎসৱৰ সময়ত মহিলাসকলে দেৱী দুৰ্গাক সেন্দূৰ অৰ্পন কৰি ইজনে সিজনক সেন্দূৰ লগাই মংগল কামনা কৰে। এই অনুষ্ঠানে দেৱী দুৰ্গাৰ বিদায়ৰ প্ৰতীক। ইয়াৰ ইতিহাস জানো আহক।

সেন্দূৰ খেল কি?

সেন্দূৰ খেলা ৰীতি-নীতিৰে মহিলাসকলে দেৱী দুৰ্গাক সেন্দূৰ অৰ্পন কৰে। মণ্ডপত থকা মানুহেও ইজনে সিজনক সেন্দূৰ লগায় আৰু দুৰ্গা পূজা আৰু বিজয়া দশমীৰ শুভেচ্ছা জনায় ৷ সেন্দূৰ খেল হৈছে দুৰ্গা পূজাৰ বিজয়া দশমীৰ দিনা বিবাহিত মহিলাসকলে পালন কৰা এক সামাজিক পৰম্পৰা। এই খেলৰ জৰিয়তে মহিলাসকলে আনবোৰ মহিলাৰ লগত সেন্দূৰ সানি স্বামীৰ দীৰ্ঘায়ু আৰু পৰিয়ালৰ সমৃদ্ধি কামনা কৰে।

সেন্দূৰ খেলা আৰু ইয়াৰ উদযাপনৰ বিষয়ে জানিব ইয়াৰ ইতিহাস অন্বেষণ কৰিব লাগিব। সেন্দূৰ খেলা প্ৰায় ৪৫০ বছৰ আগৰ। তথ্যনুসৰি জমিদাৰসকলৰ দুৰ্গা পূজা উদযাপনৰ সময়ত এই অনুষ্ঠানৰ উৎপত্তি হোৱা বুলি বিশ্বাস কৰা হয়। কিংবদন্তি অনুসৰি এই অনুষ্ঠানত অংশগ্ৰহণ কৰিলে পত্নীয়ে কেতিয়াও বিধৱা হ’ব নালাগে। এই পৰম্পৰাই স্বামীৰ আয়ুস বৃদ্ধি কৰে বুলি কোৱা হয়।

বাৰে বাৰে প্ৰস্ৰাৱৰ সংক্ৰমণ হয় নেকি? এয়া কি ৰোগৰ লক্ষণ জানক...
পুৱাৰ এইসমূহ অভ্যাসে নিয়ন্ত্ৰণত ৰাখে উচ্চ ৰক্তচাপ, জানক...
বয়স ৩০ৰ আশে-পাশে বাঢ়ে ফেটি লিভাৰৰ শংকা! এইদৰে পাব চিন্তাৰ পৰা পৰিত্ৰাণ
সৰস্বতী পূজাত পাঠ কৰক সৰস্বতী স্তোত্ৰ, দেখিব জীৱনত আচৰিত পৰিৱৰ্তন!
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি
কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ সন্দৰ্ভত মন্তব্য বিজয়া চক্ৰৱৰ্তীৰ