Durga Puja 2025: আজি সপ্তমী, কিদৰে সন্তুষ্ট কৰিব মা কালৰাত্ৰিক? পূজাৰ শুভ সময়, বিধি সকলো জানক…
শাৰদীয় নৱৰাত্ৰিৰ পবিত্ৰ উৎসৱৰ সময়ত দেৱীৰ নটা ৰূপ পূজা কৰা হয় আৰু ইয়াৰ বাবে ব্ৰত পালন কৰা হয়। নৱৰাত্ৰিৰ সপ্তম দিনা দেৱী কালৰাত্ৰীৰ পূজা কৰা হয়। নৱৰাত্ৰিৰ সপ্তম দিনা পূজা সম্পৰ্ক জানো আহক।

আজি সপ্তমী
আজি ২৯ ছেপ্টেম্বৰ সোমবাৰে শাৰদীয় নৱৰাত্ৰিৰ সপ্তমটো দিন। ষষ্ঠীৰ বেদীত দেৱী দূৰ্গাক প্ৰতিষ্ঠা কৰাৰ পিছত আজি সপ্তমী পূজা কৰা হ’ব। যাৰ বিশেষ তাৎপৰ্য আছে। আজিৰ দিনটোত মা কালৰাত্ৰি পূজা কৰা হয়। মা কালৰাত্ৰী দেৱী দুৰ্গাৰ সপ্তম ৰূপ, আৰু তেওঁৰ এই উগ্ৰ ৰূপটো অশুভ আৰু অসুৰ ধ্বংস কৰিবলৈ ব্যৱহাৰ কৰা হয়।
সপ্তমী ২০২৫ কেতিয়া
২৯ ছেপ্টেম্বৰ, ২০২৫ তাৰিখ সোমবাৰে উদযাপন কৰা হ’ব নৱৰাত্ৰীৰ সপ্তমী।২০২৫ চনৰ ২৮ ছেপ্টেম্বৰৰ বিয়লি ২:২৭ বজাৰ পৰা সপ্তমী তিথি আৰম্ভ হ’ব আৰু ২৯ ছেপ্টেম্বৰ, ২০২৫ তাৰিখে বিয়লি ৪:৩১ বজাত শেষ হ’ব।
সপ্তমীৰ দিনা দেৱীৰ কোনটো ৰূপক পূজা কৰা হয়
নৱৰাত্ৰিৰ সপ্তমীৰ দিনা মা দুৰ্গাৰ কালৰাত্ৰী ৰূপ পূজা কৰা হয়। দেৱীৰ এই ৰূপটো ভয়ংকৰ যেন লাগিব পাৰে, কিন্তু ই অতি শুভ আৰু ফলদায়ক। কেৱল তেওঁক স্মৰণ কৰিলেই ভূত-পিশাস, ভয় আৰু আন যিকোনো সমস্যা দূৰ হয়।
নৱৰাত্ৰিত সপ্তমীৰ তাৎপৰ্য
নৱৰাত্ৰিৰ সপ্তমী তিথিত নৱপত্ৰিকা পূজা পালন কৰা হয়। এয়া দুর্গা পূজাৰ প্রথমটো দিন। আজিৰ দিনটোতে নৱপাত্ৰিকা নামৰ নটা উদ্ভিদেৰে দেৱী দুৰ্গাক আমন্ত্ৰণ জনোৱা হয়। ইয়াক ৯ প্ৰকাৰৰ ভিন্ন উদ্ভিদ বান্ধি নিৰ্মাণ কৰা হয়। মহাসপ্তমী পূজা মহাস্নানৰ পিছত আৰম্ভ হয় আৰু প্ৰসাদ আৰু আৰতিৰে সামৰণি পৰে।
মা কালৰাত্ৰি কেনেকৈ পূজা কৰিব?
মা কালৰাত্ৰীৰ পূজা কৰিবলৈ ভক্তসকলে সূৰ্য উদয়ৰ আগেয়ে উঠি গা ধুব লাগে, ধ্যান কৰিব লাগে। তাৰ পিছত পৰিষ্কাৰ কাপোৰ পৰিধান কৰি নিৰ্ধাৰিত ৰীতি-নীতি অনুসৰি দেৱীৰ উপবাস পালন কৰাৰ সংকল্প লওক। ইয়াৰ পিছত ঘৰৰ উত্তৰ-পূব কোণত থকা বিশেষ স্থানত ৰঙা কাপোৰ এখনত মা কালৰাত্ৰীৰ ফটো বা মূৰ্তি ৰাখক। গংগা পানীৰে শুদ্ধ কৰাৰ পিছত দেৱীৰ ওপৰত ৰঙা চন্দন বা সেন্দূৰৰ ফোট লগাব লাগে।
ইয়াৰ পিছত ফল, ফুল, ধূপ, আৰু চাকিৰে আদিৰে দেৱীক পূজা কৰক। নৱৰাত্ৰীৰ সপ্তম দিনা জবা ফুল আৰু গুড় দেৱী কালৰাত্ৰীৰ আগত অৰ্পণ কৰিব। ইয়াৰ পিছত দেৱীৰ মন্ত্ৰ, শ্লোক বা স্তোত্ৰ পাঠ কৰি ভক্তিৰে পূজা সমাপ্ত কৰি মা কালৰাত্ৰীৰ আৰতি কৰিব।
মা কালৰাত্ৰীৰ পূজাৰ মন্ত্ৰ
নৱৰাত্ৰিৰ শক্তি সাধনাৰ সময়ত দেৱীৰ মন্ত্ৰ জপ কৰাটো অতিশয় শুভ আৰু উপকাৰী বুলি গণ্য কৰা হয়। এই মন্ত্ৰ জপ কৰিলে দেৱী দুৰ্গাক সোনকালে সন্তুষ্ট হয় আৰু ভক্তসকলৰ ওপৰত আশীৰ্বাদ বৰষুণ হয় বুলি বিশ্বাস কৰা হয়। মা কলৰাত্ৰিৰ মন্ত্ৰ –
ওম এং হ্ৰীং ক্ৰীং কালৰাত্ৰে নমহ।
বা দেৱী সৰ্বভূতেশু মা কালৰাত্ৰী ৰূপন সংস্থিতা। নমস্তেচ্যে নমস্তেচ্যে নমস্তেচ্যে নমো নমহ।
লগতে পঢ়ক: দুৰ্গা অষ্টমীত কপাল ফুলিব এই ৫ ৰাশিৰ, লাভ কৰিব মহাগৌৰীৰ আশীৰ্বাদ!