সপোনক নিজকে অসুস্থ দেখে নেকি? ই ভাল নে বেয়া, জানক স্বপ্ন শাস্ত্ৰৰ পৰা…

আজি প্ৰায় সকলোৱে সপোন দেখা। মান্যতা অনুসৰি সপোনে আমাক বিভিন্ন দিশৰ সংকেত দিয়ে। গতিকে আপুনিও কেতিয়াবা সপোনত নিজৰ ৰোগ হোৱা দেখিছে নেকি? যদি দেখিছে তেন্তে ই ভাল নে বেয়া।

সপোনক নিজকে অসুস্থ দেখে নেকি? ই ভাল নে বেয়া, জানক স্বপ্ন শাস্ত্ৰৰ পৰা...

সপোন

Published: 

19 Sep 2025 07:58 AM

মানুহে বহু সপোন দেখে। কেতিয়াবা আপুনি নিজৰ ৰোগ হোৱা সপোন দেখিছে নেকি? যদি দেখিছে তেন্তে ই ভাল নে বেয়া? বহুতে এনে সপোন দেখাৰ পাছত ভয় কৰে। পিছে স্বপ্ন শাস্ত্ৰত ইয়াৰ বিষয়ে সবিশেষ উল্লেখ আছে। স্বপ্ন শাস্ত্ৰ মতে, সপোনত নিজৰ বেমাৰ দেখা সাধাৰণ আৰু ইয়াৰ বিভিন্ন অৰ্থ থাকিব পাৰে। প্ৰতিটো ক্ষেত্ৰতে এই সপোন দেখা অশুভ নহয়। ইয়াৰ কেতিয়াবা শুভ লক্ষণো থাকিব পাৰে। স্বপ্ন শাস্ত্ৰ মতে,সপোনত আমাৰ অৱচেতন মনৰ অনুভূতি আৰু চিন্তা প্ৰতিফলিত হয়।

সপোনত নিজকে অসুস্থ দেখাৰ অৰ্থ এয়াই যে আপুনি নিজৰ স্বাস্থ্যক লৈ চিন্তিত বা কোনো ধৰণৰ মানসিক চাপৰ সৈতে যুঁজি আছে। স্বপ্ন শাস্ত্ৰত ইয়াৰ বিভিন্ন বাখ্যা আছে।

শুভ কাৰক

চিন্তাৰ পৰা মুক্তি: স্বপ্ন শাস্ত্ৰই কয়, যদি আপুনি সপোনত নিজকে অসুস্থ দেখা পাই তেন্তে ইয়াৰ অৰ্থ এয়া হ’ব পাৰে যে বাস্তৱ জীৱনত আপোনাৰ সমস্যাবোৰ প্ৰায় শেষ হ’বলৈ গৈ আছে।

লাভৰ সংকেত: স্বপ্ন শাস্ত্ৰ মতে, এই সপোনে এনে ইংগিত দিয়ে যে আপোনাৰ জীৱনত ধন-সম্পত্তি আহিব। ইয়াৰোপৰি সন্মান লাভৰো যোগ থাকে।

নতুন আৰম্ভণি: নিজকে অসুস্থ দেখাৰ সপোন কেতিয়াবা নতুনৰ আৰম্ভণিৰ সংকেত হ’ব পাৰে। ইয়াৰ অৰ্থ এয়া হ’ব পাৰে যে পুৰণি বাধাৰ পৰা আপুনি মুক্তি লাভ কৰি নতুন সুযোগৰ পিনে আগবাঢ়িছে।

বেয়া দিশ

স্বাস্থ্য সতৰ্কবাণী: যদি এই সপোন আপুনি বাৰে বাৰে দেখা পাই তেন্তে ই আপোনাৰ শাৰীৰিক স্বাস্থ্যৰ ইংগিত হ’ব পাৰে। এনে ক্ষেত্ৰত আপুনি স্বাস্থ্যৰ গুৰুত্ব দিব লাগে।

মানসিক চাপৰ প্ৰভাৱঃ যদি আপুনি এই সপোন বাৰে বাৰে দেখিছে তেন্তে ইয়াৰ অৰ্থ এয়াই যে আপুনি কোনো মানসিক চিন্তাত আছে। জীৱনৰ ওপৰত ভাৰসাম্য নোহোৱা হৈ গৈছে।

সম্পৰ্কত দূৰত্বঃ কেতিয়াবা আবেগিকভাৱে দুৰ্বল হৈ থাকিলেও এনে সপোন বাৰে বাৰে আহিব পাৰে। ই আপোনাৰ ব্যক্তিগত জীৱনৰ সম্পৰ্কত দেখা দিয়া দূৰত্বৰ ইংগিত হ’ব পাৰে।

বেয়া অভ্যাসঃ এই সপোনে আপোনাক বেয়া অভ্যাস ত্যাগ কৰাৰ বাবে এক ইংগিত দিব পাৰে।

 

(ওপৰোক্ত লেখাটো স্বপ্ন শাস্ত্ৰৰ ওপৰত ভিত্তি কৰি লিখা হৈছে। ইয়াৰ সত্যাসত্যৰ সৈতে টিভি৯ অসমৰ কোনো সম্পৰ্ক নাই)

 

অন্য খবৰ পঢ়কঃ বুধৰ স্থান পৰিবৰ্তন! চাকৰিৰ পৰা ধন লাভলৈ, এইসমূহ ৰাশিৰ লোকৰ খোল খাব ভাগ্যৰ দুৱাৰ…

বুৰ্জ খালিফাত প্ৰৱেশ কৰিবলৈ কিমান টকাৰ প্ৰয়োজন হয়? জানক...
কিদৰে পালন কৰিব নৱৰাত্ৰিৰ ব্ৰত? নকৰিব এইকেইটা ভুল!
বৃক্ক অসুস্থ মানেই জীৱনৰ বিঘিনি! দৈনিক খাওক এই ৯ টা ফল, বৃক্ক হৈ থাকিব সুস্থ
মেথি গুটিয়ে দূৰ কৰিব আপোনাৰ চুলিৰ সমস্যা, মাথোঁ কৰক এইদৰে ব্যৱহাৰ...