Kati Bihu 2024: কাতি বিহুত তুলসী ৰোপনৰ সময়ত নকৰিব এই ভুল, অভাৱে দেখা দিব আপোনাৰ ঘৰত!

কাইলৈ কাতি বিহু। এয়া জাতীয় জীৱনৰ প্ৰাণৰ উৎসৱ । আহিনৰ শেষ দিনটো আমাৰ লোক সমাজে আলোকৰ উৎসৱ হিচাপে বুৰঞ্জীয়ে ঢুকি নোপোৱা দিনৰে পৰা পালন কৰি আহিছে । এই বিহুৰ স’তে সাঙোৰ খাই আছে আমাৰ জাতীয় কৃষ্টি-সংস্কৃতি ।

Kati Bihu 2024: কাতি বিহুত তুলসী ৰোপনৰ সময়ত নকৰিব এই ভুল, অভাৱে দেখা দিব আপোনাৰ ঘৰত!

কাতি বিহু

Published: 

17 Oct 2025 | 06:29 PM

অসমীয়া ৰাইজে কাতি বিহু ভোগ আৰু আনন্দৰ বিপৰীতে সীমিত ৰুপত অনুষ্টুপীয়াকৈ অনাড়ম্বৰ ভাৱে পালন কৰি আহিছে । এই সময়তে সৰহ ভাগ খেতিয়কৰ ভঁৰাল উদং হয়, অভাৱ – অনাটনে কৃষক ৰাইঅজক হেঁচি ধৰে । সেয়েহে নিৰানন্দ আৰু হতাশাৰ মাজতো কাতি বিহু প্ৰাচীন কালৰে পৰা কৃষিজীৱী গঞাই শস্যৰ মংগলৰ অৰ্থে বিবিধ নিয়মেৰে পালন কৰি আহিছে ।

কাতি বিহু বা কঙালী বিহু অসমৰ জাতীয় উৎসৱ বিহু তিনিটাৰ অন্যতম। আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা কাতি বিহু পালন কৰা হয়। এই সময়ত ভঁৰালত ধান প্ৰায় শেষ হয় আৰু শালি ধান চপাবলৈ যথেষ্ট সময় থাকে। অভাৱ-অনাটনৰে ভৰা এই সময়ত উদযাপিত হোৱাৰ বাবে কাতি বিহুক কঙালী বিহু বুলিও কোৱা হয়। এই বিহুত অসমীয়া মানুহে ঘৰে ঘৰে তুলসীৰ পুলি ৰুই গধূলি তাৰ গুৰিত চাকি জ্বলাই নাম গায়। ইয়াৰ লগতে ঘৰৰ চোতালৰ চাৰিওফালে আৰু খেতিপথাৰত শস্যৰ মংগল কামনা কৰি লখিমী আদৰিবলৈ চাকি জ্বলায়।

তুলসীৰ নিয়ম

তুলসীৰ সৈতে জাতীয় জীৱনৰ উৎসৱ কাতি বিহুৰ সম্পৰ্ক অভিন্ন। এফালে পৰম্পৰা, আনফালে তুলসী গছে বায়ু বিশুদ্ধকৰণৰ লগতে ইয়াৰ ঔষধি গুণে আমাক প্ৰতি মুহূৰ্ততে সহায় কৰে। কিন্তু এই কাতি বিহুত তুলসী ৰোপন কৰিলে কিছুমান নিয়ম মানিব লাগে। তুলসী তলত চাকিগচি জ্বলাই প্ৰতিজন অসমীয়াই পৰিয়ালৰ লগতে দহৰ মংগল কামনা কৰে। বহুতে তুলসী গছ ৰোপন কোনটো দিশত কৰিব লাগে চিন্তিত হৈ পৰে। আচলতে কাতি বিহুত উত্তৰ-পূব কোণ বা ঈশান কোণত তুলসী ৰোপন কৰা হয়। অন্য ঠাইত তুলসী গছ থাকিলেও কোনো সু-ফল পোৱা নাযায়।

তুলসীয়ে ধন, ঐশ্বৰ্য বা প্ৰাচুৰ্য কঢ়িয়াই আনে বুলি হিন্দু ধৰ্মত বিশ্বাস কৰা হয়। কাতি বিহুৰ পথাৰৰ বন্তি গছি, তুলসী তলৰ বন্তি গছি অথবা আকাশবন্তি গছিয়ে আধ্যাত্মিকতাৰ জ্যোতিৰে সকলোকে আলোকিত কৰে। কাতি বিহুৰ দিনাই পুৱাতে সুন্দৰ মাটি সংগ্ৰহ কৰি তুলসী ভেটি বনোৱাটো প্ৰত্যেক ঘৰত দেখা যায়। তুলসী যি স্থানত ৰুৱ সেই স্থানত এনে ব্যৱস্থা কৰিব যাতে তুলসীৰ চাৰিওফালে এপাক ঘূৰিবলৈ পাৰে। মিঠাতেলৰ চাকি দি, হিন্দু দেৱ দেৱীসকলৰ পূজা কৰা নহয়। যদি পাৰে চাকি ঘিউৰ দিব লাগে। আৰু ৰঙা শলিতা ব্যৱহাৰ কৰিলে অত্যন্ত শুভ। সেয়ে উত্তৰ-পূব কোণ অৰ্থাৎ ঈশান‌ কোনত থকা তুলসী গছহে আপোনাৰ ঘৰখনৰ বাবে শুভ। যি লোকৰ ঘৰত নিতৌ তুলসীৰ পূজা-অৰ্চনা হয়, সেইসকল লোকৰ ঘৰত সদায় সুখ-সমৃদ্ধি বিৰাজ কৰি থাকে। মনত ৰাখিব, কেতিয়াও গা নুধুৱাকৈ স্পৰ্শ কৰিব নালাগে তুলসীৰ গছ। আনকি জোতা-চেণ্ডেল পৰিধান কৰিও চুব নালাগে গছজোপা।

উল্লেখ্য যে, আধুনিকতাৰ নব্য অৰ্থনীতি গ্ৰাসত কাতি বিহুৰ ঐতিহ্য আৰু পৰম্পৰা বহুতো লোপ পাইছে। ফলত কাতি বিহুৰ সমৃদ্ধ পৰম্পৰাবোৰ কমি আহিছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...