Daily Horoscope: মাহৰ প্ৰথমটো দিন, তাতে শনিবাৰ! পৰিব নেকি শনিৰ কোপদৃষ্টি? চাওক আজিৰ ৰাশিফল

মাহৰ প্ৰথমটো দিনতে শনিবাৰ হোৱাৰ বাবে স্বাভাৱিকতেই আজি ৰাশিফলৰ ওপৰত জ্যোতিষ বিশ্বাসীসকলৰ বিশেষ দৃষ্টি থাকিব। চাওঁ আহক আজিৰ ৰাশিফলে ভিন্ন ৰাশি সন্দৰ্ভত কি আগজাননী কৰিছে।

Daily Horoscope: মাহৰ প্ৰথমটো দিন, তাতে শনিবাৰ! পৰিব নেকি শনিৰ কোপদৃষ্টি? চাওক আজিৰ ৰাশিফল

আজিৰ ৰাশিফল

Published: 

01 Nov 2025 06:00 AM

আজি নৱেম্বৰ মাহৰ প্ৰথমটো দিন। প্ৰথমটো দিনতে আজি পৰিছে শনিবাৰ। স্বাভাৱিকতেই শনিবাৰৰ দিনটোক লৈ যথেষ্ট লোকবিশ্বাস প্ৰচলিত। জ্যোতিষতো শনিবাৰৰ দিনটোৰ ওপৰত বিশেষ গুৰুত্ব দিয়া দেখা যায়। গতিকে মাহৰ প্ৰথমটো দিনতে শনিবাৰ হোৱাৰ বাবে ৰাশিফলৰ ওপৰত জ্যোতিষ বিশ্বাসীসকলৰ বিশেষ দৃষ্টি থাকিব। চাওঁ আহক আজিৰ ৰাশিফলে ভিন্ন ৰাশি সন্দৰ্ভত কি আগজাননী কৰিছে-

মেষ ৰাশিৰ ৰাশিফল

দিনটো আপোনাৰ বাবে ইতিবাচক হ’ব। অতীতৰ কোনো ভুলৰ পৰা শিকিব লাগিব। সন্তানক মূল্যবোধ আৰু পৰম্পৰাৰ বিষয়ে শিক্ষণ দিব লাগিব। পত্নীগৃহৰ কোনো লোকৰ হয়তো আপোনাৰ ঘৰলৈ আগমন ঘটিব পাৰে। ঘৰৰ জ্যেষ্ঠজনৰ মনত থকা কোনো সংশয় দূৰ কৰাৰ চেষ্টা কৰিব। মাতৃৰ সৈতে মনোমালিন্য ঘটিব পাৰে।

বৃষ ৰাশিৰ ৰাশিফল

ব্যৱসায়ত শুভ। কোনো বন্ধুৰ পৰা ধন ধাৰে লৈছিল যদি আজি তেওঁলোকৰ বিপদৰ সময়ত সহায় কৰা উচিত হ’ব। স্বাস্থ্যজনিত সমস্যা বিশেষকৈ ভৰিৰ লগত জড়িত সমস্যাৰ সন্মুখীন হ’ব পাৰে। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত সংগীৰ সৈতে বিবাদ হোৱাৰ সম্ভাৱনা আছে। ঘৰৰ জ্যেষ্ঠ সদস্য আৰু বন্ধু-বান্ধৱীৰ সম্পূৰ্ণ সহযোগিতা লাভ কৰিব।

মিথুন ৰাশিৰ ৰাশিফল

নতুন উদ্যোগৰ আৰম্ভণি আপোনাৰ বাবে উপযোগী বিবেচিত হ’ব। শ্বেয়াৰ বজাৰত বিনিয়োগৰ পৰিকল্পনা কৰিব পাৰে। ইশ্বৰ ভক্তিত নিজকে সমৰ্পিত কৰিব। অচিনাকি লোকৰ পৰা দূৰত্ব বজাই ৰাখক। পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে, ইয়াৰ ফলত ব্যস্ততা বাঢ়িব পাৰে।

কৰ্কট ৰাশিৰ ৰাশিফল

কোনো আইনী বিষয়ৰ বাবে আপোনাৰ মানসিক চাপ বাঢ়িব পাৰে। এইক্ষেত্ৰত ভাল অধিবক্তাৰ পৰামৰ্শ অত্যন্ত জৰুৰী হ’ব। কোনো কাম হাতত ল’লে সেই কাম দায়িত্বশীলভাৱে সম্পাদন কৰাৰ চেষ্টা কৰক। অপ্ৰয়োজনীয় যিকোনো বিতৰ্কৰ পৰা আঁতৰি থাকক। আপোনাৰ মনৰ যিকোনো অপ্ৰয়োজনীয় চিন্তা দূৰ হ’ব।

সিংহ ৰাশিৰ ৰাশিফল

নিজ কেৰিয়াৰক লৈ চিন্তিত হৈ আছিল যদি এই চিন্তা দূৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। পৰিয়ালৰ ভিতৰত কোনো বিষয়ত মতানৈক্য হৈ আছে যদি আলোচনাৰ মাধ্যমেৰে সমাধানৰ চেষ্টা কৰক। আজি নতুন কোনো সম্পত্তি বিশেষকৈ ঘৰ ক্ৰয়ৰ উপযুক্ত দিন হ’ব, কিন্তু এইক্ষেত্ৰত প্ৰয়োজনীয় নথি-পত্ৰৰ প্ৰতি গুৰুত্ব দিব লাগিব।

কন্যা ৰাশিৰ ৰাশিফল

সন্তানৰ অগ্ৰগতিয়ে আপোনাক অত্যন্ত আনন্দিত কৰি তুলিব। বিনিয়োগৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণৰ বাবে আপোনাৰ বাবে এক উপযুক্ত দিন হ’ব। আপুনি কোনো স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হৈ আছিল যদি এনে সমস্যাই আজি অধিক সমস্যাত পেলাব পাৰে। নিজৰ কামক লৈ সচেতন হ’ব লাগিব, অন্যথা কামৰ বাবেই পৰিয়ালৰ কোনো সদস্যৰ লগত তৰ্ক হ’ব পাৰে।

তুলা ৰাশিৰ ৰাশিফল

আপোনাৰ কামৰ বাবে কৰ্মক্ষেত্ৰত বৰমূৰীয়া সন্তুষ্ট হ’ব পাৰে, ইয়াৰ দ্বাৰা আপোনাৰ পদোন্নতিও হ’ব পাৰে। কাৰোবাৰ পৰা ধন ধাৰলৈ ল’বলগা হ’ব পাৰে। পিতৃ-মাতৃক মনোকষ্ট দিব পৰা যিকোনো কথা কোৱাৰ পৰা বিৰত থাকক। মহিলা বন্ধুৰ পৰা কিছু দূৰত্ব বজাই ৰাখক। পত্নীৰ পৰা হয়তো কোনো আকৰ্ষণীয় চমকপ্ৰদ উপহাৰ লাভ কৰিব।

বৃশ্চিক ৰাশিৰ ৰাশিফল

কাৰোবাৰ পৰা ধন পাবলৈ আছিল যদি আজি সেই ধন লাভ কৰিব পাৰে। সন্তানৰ শৈক্ষিক বিষয়ৰ সৈতে জড়িত কোনো সুখবৰ লাভ কৰিব পাৰে। জেদভাৱ বা অহংকাৰ মনোভাৱ পৰিহাৰ কৰক। আৱেগৰ আধাৰত যিকোনো সিদ্ধান্ত লোৱাৰ পৰা বিৰত থকা উচিত হ’ব। কৰ্মস্থলীত আপোনাৰ অহিত চিন্তকে আপোনাৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপনৰ চেষ্টা কৰিব পাৰে।

ধনু ৰাশিৰ ৰাশিফল

সামাজিক অনুষ্ঠানত অংশ লৈ আপুনি সুনাম অৰ্জন কৰিব। আপোনাৰ গুৰুত্বপূৰ্ণ কাম-কাজত সম্পূৰ্ণ মনোযোগ দিয়ক, অন্যথা কাম সম্পূৰ্ণ নহ’লে ভৱিষ্যতে আপোনাৰ সমস্যা বৃদ্ধি পাব পাৰে। চৰকাৰী আঁচনিত বিনিয়োগ কৰাটো আপোনাৰ বাবে বুদ্ধিমানৰ কাম হ’ব। নতুন কোনো লোকৰ সৈতে সংযোগে আপোনাক উপকৃত কৰিব।

মকৰ ৰাশিৰ ৰাশিফল

কোনো লোকৰ পৰা ধন ধাৰে লৈছিল যদি আজি তেওঁলোকে ধন ঘূৰাই বিচাৰিব পাৰে। পৰিয়ালত এক সুখকৰ পৰিৱেশ বিৰাজ কৰিব। পিতৃৰ সৈতে পাৰিবাৰিক কোনো বিষয়ত আলোচনা কৰিব। আপোনাৰ মনৰ কোনো ইচ্ছা পূৰ হ’ব। অতীতত আপুনি কৰা কোনো ভুল আজি পোহৰলৈ আহিব পাৰে। আপোনাৰ সন্মান বৃদ্ধি পাব।

কুম্ভ ৰাশিৰ ৰাশিফল

আৰ্থিক সমস্যাৰ বাবে কোনো কাম অসম্পূৰ্ণ হৈ আছিল যদি আজি সম্পূৰ্ণ কৰিব পাৰিব। স্বাস্থ্যজনিত সমস্যাৰ ক্ষেত্ৰত সজাগ হোৱা উচিত হ’ব। আপোনাৰ মনৰ কোনো আকাংক্ষিত ইচ্ছা পূৰ হ’ব পাৰে। মানসিক চাপৰ পৰা মুক্ত হ’বলৈ যৎপৰোনাস্তি চেষ্টা কৰিব।

মীন ৰাশিৰ ৰাশিফল

আয় অনুসৰি বাজেট প্ৰস্তুত কৰাৰ ওপৰত গুৰুত্ব দিব লাগিব। অন্যথা খৰচৰ মাত্ৰা বৃদ্ধিৰ বাবে ভৱিষ্যতে সমস্যাত পৰিব পাৰে। কৰ্মসংস্থাপনৰ সন্ধান চলাই থকা লোকসকলে আজি সুখবৰ লাভ কৰিব পাৰে। ব্যৱসায়িক ক্ষেত্ৰত লাভৰ মুখ দেখিব। সন্তানক কোনো এক ডাঙৰ দায়িত্ব লাভ কৰিব পাৰে।

শীতকালত ছালৰ যতন কেনেকৈ ল'ব? জানক সহজ উপায়
দাঁত বিষে অশান্তি কৰিছে নেকি? দাঁতৰ বিষ দূৰ কৰাৰ সহজ ঘৰুৱা উপায়
আপুনি কিনিব বিচৰা আপেলটো আচল নে নকল? এই সহজ উপায়েৰে জানক...
ৰাতিপুৱা খালী পেটত গৰম পানী খালে কি হয়? ইয়াৰ উপকাৰিতা জানক