Horoscope Today: সোমবাৰৰ দিনটোত এইসকলৰ আছে চাকৰিৰ যোগ, জানক আজিৰ দিনটোৰ ৰাশিফল

আজি সোমবাৰ। আজিৰ দিনটো কিছুমানৰ চাকৰিৰ যোগ আছে আৰু কিছুমানৰ বিবাহৰ যোগ আছে। আনহাতে আন কিছুমানে আজিৰ দিনটোত কিছু প্ৰত্যাহ্বান সন্মুখীন হ'ব পাৰে। আপোনাৰ আজিৰ দিনটো কেনে যাব। চাওক আজিৰ ৰাশিফল।

Horoscope Today: সোমবাৰৰ দিনটোত এইসকলৰ আছে চাকৰিৰ যোগ, জানক আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

Edited By: 

Monjit Dutta | Updated On: 16 Dec 2024 | 06:06 AM

জ্যোতিষ শাস্ত্ৰ অনুসৰি ৰাশিফল ১২ টা। গ্ৰহৰ অৱস্থিতি আৰু বিভিন্ন দিশৰ ওপৰত নিৰ্ভৰ কৰি জ্যোতিষ শাস্ত্ৰই প্ৰতিটো ৰাশিৰ আহিবলগীয়া সময় সম্পৰ্কে কয়। জ্যোতিষ শাস্ত্ৰ মতে আজি আপোনাৰ দিনটো কেনে যাব। চাওক আজিৰ দিনটোৰ ৰাশিফল-

মেঘ ৰাশিঃ আজি আপোনাৰ মংগল শুভ। আজিৰ দিনটোত আপুনি কোনো ভাল ফলাফল লাভ কৰিব পাৰে। ধন প্ৰাপ্তিৰ যোগ আছে। প্ৰেমত শুভ। আপোনজনক লগ পাব পাৰে। চাকৰি বা ব্যৱসায়ত শুভ। আজিৰ দিনটো ভালদৰে পাৰ হোৱাৰ সম্ভাৱনা। স্বাস্থ্য ভালে যাব।

বৃষ ৰাশিঃ চাকৰিৰ ক্ষেত্ৰত নতুন কোনো বাতৰি লাভ কৰিব পাৰে। ব্যৱসায় কৰাত সাৱধান। পৰিয়ালৰ কোনো সদস্যৰ সৈতে বিবাদ হোৱাৰ সম্ভাৱনা। কথা কওতে সাৱধান হ’ব। চাকৰি বা বিশেষ কোনো প্ৰজেক্টত ভাল ফলাফল লাভ কৰিব পাৰে। আজিৰ দিনটোত হনুমানৰ পূজা কৰিলে ভাল ফল পাব।

মিথুন ৰাশিঃআজিৰ দিনটো আপোনাৰ চাকিৰৰ বাবে গুৰুত্বপূৰ্ণ হ’ব। চাকৰিৰ ক্ষেত্ৰত সলনি কৰাৰ বাবে এয়া ভাল সময়। ৰৈ থকা গুৰুত্বপূৰ্ণ কাম সমাধান হোৱাৰ সম্ভাৱনা। স্বাস্থ্যক লৈ চিন্তিত হ’ব পাৰে। প্ৰেমত শুভ। দিনটো ভাল বেয়াৰ মাজেৰে পাৰ হ’ব। আবেগত বেছি গুৰুত্ব নিদিব।

কৰ্কট ৰাশিঃ চাকৰিত পদোন্নতিৰ সম্ভাৱনা। ব্যৱসায়ত সফলতা লাভ কৰিব পাৰে। প্ৰচেষ্টা অব্যাহত ৰাখিব। প্ৰেমত সমস্যা আহিব পাৰে। স্বাস্থ্য ভালে থাকিব। পৰিয়ালৰ লগত শুভ। বন্ধুক লগ পোৱাৰ সম্ভাৱনা আছে। কোনো বিশেষ ব্যক্তিক লগ পোৱাৰ সম্ভাৱনা। আপোনাৰ মনৰ ইচ্ছা পূৰণ হ’ব পাৰে।

সিংহ ৰাশিঃ কোনো সিদ্ধান্ত গ্ৰহণ কৰাৰ আগত চিন্তা কৰিব। নতুন বিকল্প আহিব পাৰে। কৰ্মস্থলত কিছু অসুবিধাৰ সন্মুখীন হ’ব পাৰে। প্ৰেমত কোনো সমস্যা আহিব পাৰে। পুৰণি সমস্যাই চিন্তা দিব পাৰে। আপোনজনৰ সৈতে খুলি কথা পাতিব। স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিব। মানসিক শান্তিৰ ওপৰত গুৰুত্ব দিব।

কন্যা ৰাশিঃ আজি আনৰ বিশ্বাস জয় কৰাত সফল হ’ব। কোনো কামত পৰিয়ালে সহায় কৰিব। যদি কোনো প্ৰজেক্ট বা নতুন কামত কাম কৰি আছে তেন্তে সফলতা লাভ কৰিব। কৰ্মস্থলত সফলতা লাভ কৰিব। কোনো নতুন কামত কষ্টৰ সন্মুখীন হ’ব পাৰে প্ৰেমত শুভ। স্বাস্থ্য ভালে থাকিব। মানসিক স্থিত ভাল।

তুলা ৰাশিঃ ধৈৰ্য ধৰি কামত আগবাঢ়ি যাওক। নিজৰ শান্তিৰ ওপৰত গুৰুত্ব দিয়ক। আপুনি আপোনাৰ প্ৰয়াসে সফলতা আনিব। কেৰিয়াৰত অলপ সমস্যাই দেখা দিব পাৰে। শান্তিৰে সমাধান উলিয়াব চেষ্টা কৰক। আপোনজনক সুখী কৰাৰ চেষ্টা কৰিব। সম্পৰ্কৰ ক্ষেত্ৰতো ধৈৰ্য ধৰিব। স্বাস্থ্য ভালে যাব।

বৃশ্চিক ৰাশিঃ দিনটো ভাল বেয়াৰ মাজেৰে পাৰ হ’ব। কোনো অপ্ৰিয় ঘটনা বা সত্যৰ সন্মুখীন হ’ব পাৰে। সফলতাত কিছু বাধা আহিব পাৰে কিন্তু নিজৰ ওপৰত বিশ্বাস ৰাখক। এই সময়ত সকৰাত্মক দিশৰ ওপৰত গুৰুত্ব দিয়ক। প্ৰেমত কিছু সমস্যা আহিব পাৰে। কিন্তু নিৰাশ হ’ব নহ’ব। স্বাস্থ্যত কিছু সমস্যা আহিব পাৰে।

ধনু ৰাশিঃ সমস্যা ভালদৰে সমাধানৰ চেষ্টা কৰিব। বুদ্ধিৰ ব্যৱহাৰ কৰিব। কৰ্মক্ষেত্ৰত স্থিতি মজবুত হ’ব। কোনো কামত আপুনি নেতৃত্ব দিব পাৰে। মানসিক দিশটোৰ ওপৰত গুৰুত্ব দিব। স্বাস্থ্য ভাল-বেয়াৰ মাজেৰে পাৰ হ’ব। ব্যৱসায়িক দিশটো ভাল। কোনো ক্ষেত্ৰত আপুনি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে।

মকৰ ৰাশিঃ আজি দিনটো আনন্দৰ মাজেৰে পাৰ হ’ব। দীৰ্ঘদিন ধৰি ৰৈ থকা কাম সম্পূৰ্ণ হ’ব। কোনো কামত চেষ্টা কৰিলে সফলতা লাভ কৰিব। কৰ্মক্ষেত্ৰত ভাল। সময়ৰ পূৰ্বে সফলতা লাভ কৰিব। পৰিশ্ৰমে সফলতা আনিব। প্ৰেমৰ ক্ষেত্ৰত সমস্যা দূৰ হ’ব। নতুন সম্পৰ্ক সৃষ্টি হ’ব পাৰে। স্বাস্থ্য ভাল।

কুম্ভ ৰাশিঃ দিনটো সুখেৰে পাৰ হ’ব। ব্যক্তিগত জীৱন ভালে যাব। কোনো কামৰ আৰম্ভ কৰিলে সফলতা লাভ কৰিব। কৰ্মক্ষেত্ৰত কোনো পৰিবৰ্তন আহিব পাৰে। নতুন প্ৰজেক্ট লাভ কৰিব পাৰে। কামৰ ক্ষেত্ৰত নতুন বিকল্প আহিব পাৰে। প্ৰেমত শুভ। আপোনজনক লগ পাব পাৰে। স্বাস্থ্যৰ উন্নতি হ’ব।

মীন ৰাশিঃ নিজৰ দায়িত্ব বুজি ভালদৰে পালন কৰক। আৰ্থিক স্থিতি ভাল হ’ব। ঘৰ আৰু কৰ্মস্থলত শান্তি লাভ কৰিব। পৰিশ্ৰমে সফলতা আনিব। ব্যৱসায়িত দিশত সফলতা লাভ কৰিব। প্ৰেমত শুভ, বিশ্বাস আনিব। বিয়াৰ যোগ আছে। পৰিয়ালৰ লগত শুভ। স্বাস্থ্যত গুৰুত্ব দিব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...