দুখ-কষ্টই লগ এৰা নাই নেকি? শনিবাৰে শনিদেৱক অৰ্পণ কৰক ক’লা তিল, পাঠ কৰক এই মন্ত্ৰ

যেতিয়া শনিৰ দশা চলে, দুখ-কষ্টৰ ওৰ নপৰে, তেতিয়া শনিদেৱক সন্তুষ্ট কৰাৰ লগতে তেওঁৰ অশুভ প্ৰভাৱ কমোৱাৰ বাবে ক’লা তিল আগবঢ়োৱাটো অতি ফলপ্ৰসূ প্ৰতিকাৰ হিচাপে বিবেচিত হয়। ক’লা তিল শনিদেৱৰ অতি প্ৰিয়। জানক কিদৰে অৰ্পণ কৰিব আৰু কি মন্ত্ৰ পাঠ কৰিব-

দুখ-কষ্টই লগ এৰা নাই নেকি? শনিবাৰে শনিদেৱক অৰ্পণ কৰক কলা তিল, পাঠ কৰক এই মন্ত্ৰ

শনিদেৱ

Published: 

20 Jun 2025 11:42 AM

হিন্দু ধৰ্মত শনিদেৱক ন্যায়ৰ দেৱতা আৰু কৰ্মফল দাতা বুলি গণ্য কৰা হয়। শনিৰ সাঢ়েসতী, ধৈয়্যা বা মহাদশা যেতিয়া চলি থাকে, বা যেতিয়া শনি ৰাশিফলত অশুভ স্থানত থাকে, তেতিয়া ব্যক্তিজনে বহু বিপদৰ সন্মুখীন হ’বলগীয়া হয়। এনে পৰিস্থিতিত শনিদেৱক সন্তুষ্ট কৰাৰ লগতে তেওঁৰ অশুভ প্ৰভাৱ কমোৱাৰ বাবে ক’লা তিল আগবঢ়োৱাটো অতি ফলপ্ৰসূ প্ৰতিকাৰ হিচাপে বিবেচিত হয়। ক’লা তিল শনিদেৱৰ অতি প্ৰিয়। তাৰ আঁৰতো আছে এক কাহিনী। কিন্তু ইয়াত আমি আলোচনা কৰিম শনিদেৱক ক’লা তিল কিদৰে অৰ্পণ কৰিব লাগে, সেই বিষয়ে।

ক’লা তিল অৰ্পণ কৰোঁতে এইদৰে পূজা কৰক-

  • শনিদেৱক সদায় শনিবাৰে ক’লা তিল আগবঢ়াব লাগে।
  • পুৱা সোনকালে উঠি গা ধুই পৰিষ্কাৰ কাপোৰ পিন্ধিব।
  • সৰিয়হৰ তেল আৰু ক’লা তিল শনিদেৱক লোহাৰ পাত্ৰত ৰাখিহে আগবঢ়াব।
  • শনিদেৱক তেল বা তিল আগবঢ়োৱাৰ সময়ত সদায় শনিদেৱৰ ভৰিলৈ চাব।
  • শনিদেৱৰ লগত চকুলৈ কেতিয়াও চাব নালাগে।
  • পূজা আৰু মন্ত্ৰ জপ কৰাৰ সময়ত কোনো ধৰণৰ সন্দেহ বা নেতিবাচক চিন্তা মনলৈ আনিব নালাগে।
  • ক’লা তিলৰ লগতে সৰিয়হৰ তেল, ক’লা বা নীলা ফুল, নীলা কাপোৰ, মাটি দালি, খিচিৰি ইত্যাদিও আগবঢ়াব পাৰে।
  • শনিদেৱৰ সন্মুখত সৰিয়হৰ তেলৰ চাকি এগছি নিশ্চয় জ্বলাব।
  • সম্ভৱ হ’লে শনিবাৰে সন্ধিয়া আঁহত গছৰ তলত সৰিয়হৰ তেলৰ চাকি জ্বলাই “ওম শম শনৈশ্চৰায় নমঃ” (ॐ शं शनैश्चराय नमः) মন্ত্ৰ উচ্চাৰণ কৰি সাতবাৰ পৰিক্ৰমা কৰক।
  • শনিদেৱক সন্তুষ্ট কৰিবলৈ ক’লা তিল দান কৰাটো অতি শুভ বুলি গণ্য কৰা হয়। দৰিদ্ৰ ব্যক্তিক দান কৰিব পাৰে বা শনি মন্দিৰত আগবঢ়াব পাৰে।
  • মন্ত্ৰ জপ কৰাৰ পিছত শনি চালিশা বা শনি স্তোত্ৰ পাঠ কৰাটোও অতি উপকাৰী।

শনিদেৱৰ আৰাধনাৰ মূল মন্ত্ৰ

ওম শম শনৈশ্চৰায় নমঃ এই মন্ত্ৰ শনিদেৱৰ বাবে উৎসৰ্গিত আৰু ইয়াক জপ কৰিলে তেওঁৰ আশীৰ্বাদ পোৱা যায়।

শনিদেৱৰ বৈদিক/পুৰাণিক মন্ত্ৰ (বীজ মন্ত্ৰ)

ওম নীলাঞ্জন সমাভাসম ৰবিপুত্ৰ যমগ্ৰজাম। ছায়ামৰ্তন্দ সম্ভূতম তম নমামী শনৈশ্চৰায়।। (ॐ नीलांजन समाभासं रविपुत्रं यमाग्रजम। छायामार्तण्डसम्भूतं तं नमामि शनैश्चरम्॥) অৰ্থাৎ নীলা ৰঙৰ, সূৰ্যৰ পুত্ৰ আৰু যমৰ জ্যেষ্ঠ ভাতৃ, ছায়া (শনিদেৱৰ মাতৃ) আৰু মাৰ্তণ্ড (সূৰ্যৰ আন এটা নাম)ৰ পুত্ৰ শনিদেৱক প্ৰণাম জনাইছো।

শনি গায়ত্ৰী মন্ত্ৰ

ওম কাকধ্বজয় বিদ্মহে, খড়্গহস্তায় ধীমহি, তন্নো মণ্ডঃ প্ৰচোদয়াত॥ (ॐ काकध्वजाय विद्महे, खड्गहस्ताय धीमहि, तन्नो मन्दः प्रचोदयात्॥) কাউৰী বাহন, হাতত খড়্গ লৈ, লাহে লাহে খোজ অহা শনি মহাৰাজক প্ৰণাম, আমাক তেওঁ আশ্ৰয় প্ৰদান কৰক।

শনিবাৰে এই মন্ত্ৰ জপ আৰু ৰীতি-নীতিৰে পূজা কৰিলে শনিদেৱক সন্তুষ্ট হয়। ই সাঢ়েসতী আৰু ধৈয়্যাৰ নেতিবাচক প্ৰভাৱ হ্ৰাস কৰে, ৰাশিফলত শনিক শক্তিশালী কৰে, জীৱনৰ প্ৰতিটো যন্ত্ৰণা আৰু বাধা আঁতৰাই সুখ আৰু শান্তি প্ৰদান কৰে।

পৰিয়ালত বাঢ়িব পাৰে অশান্তি ! ঘৰৰ কোন ঠাইত আইনা ৰাখিব লাগে ? জানক
গোটেই বছৰ আম খাব বিচাৰে নেকি? জানক কেনেদৰে কৰিব সংৰক্ষণ
ঘৰৰ কোন দিশত বাঁহ গছ ৰোপণ কৰিব লাগে ? বাস্তু শাস্ত্ৰত কি নিৰ্দেশনা দিয়া হৈছে ? জানক
ছাল হৈ পৰিব উজ্বল, আপুনি হৈ পৰিব ধুনীয়া! কৰক এই সহজ কাম...