জীৱনত সফলতাৰ মুখ নেদেখে এই ৪ ব্যক্তিয়ে! চাণক্যৰ এই তালিকাত আছে নেকি আপুনিও?

আচাৰ্য চাণক্যৰ মতে কোনো ব্যক্তিয়ে যদি নিজৰ দুৰ্বলতা তথা অভাৱসমূহ চিনাক্ত কৰিব পাৰে তথা সেই দুৰ্বলতাৰ বাধা অতিক্ৰম কৰে, তেতিয়া কোনো লক্ষ্য কঠিন হৈ নাথাকে। চাণক্যই ব্যক্তিৰ সফলতাত বাধাৰ সৃষ্টি কৰা চাৰিটা এনে দুৰ্বলতাৰ বিষয়ে আঙুলিয়াই দিছিল। জানো আহক এই বিষয়ে।

জীৱনত সফলতাৰ মুখ নেদেখে এই ৪ ব্যক্তিয়ে! চাণক্যৰ এই তালিকাত আছে নেকি আপুনিও?

আচাৰ্য চাণক্যই দিছে বিধান

Updated On: 

08 Dec 2025 14:53 PM

জীৱনত সফলতাৰ পথ কেতিয়াও ইমান সহজ নহয়। নিজকে সফল কৰি তুলিবলৈ প্ৰতিজন ব্যক্তিয়েই কঠোৰ পৰিশ্ৰম কৰিবলগা হয়। পিছে সময়ৰ সৈতে আগবাঢ়ি যোৱা জীৱনৰ অগ্ৰগতিৰ পথত অধিকাংশ সময়তে আমাৰ নিজ দুৰ্বলতাবোৰেই প্ৰধান বাধাস্বৰূপ হৈ পৰে। প্ৰাচীন ভাৰতীয় পণ্ডিত আচাৰ্য চাণক্যই ব্যক্তিৰ জীৱনৰ সৈতে সংযোগ থকা প্ৰতিটো দিশৰ ওপৰতে সাৰুৱা পৰামৰ্শ আগবঢ়াই গৈছে। জীৱনত সফলতা লাভ সন্দৰ্ভতো তেওঁৰ মতামত সদায়েই প্ৰাসঙ্গিক হৈ আহিছে।

আচাৰ্য চাণক্যৰ মতে কোনো ব্যক্তিয়ে যদি নিজৰ দুৰ্বলতা তথা অভাৱসমূহ চিনাক্ত কৰিব পাৰে তথা সেই দুৰ্বলতাৰ বাধা অতিক্ৰম কৰে, তেতিয়া কোনো লক্ষ্য কঠিন হৈ নাথাকে। চাণক্যই ব্যক্তিৰ সফলতাত বাধাৰ সৃষ্টি কৰা চাৰিটা এনে দুৰ্বলতাৰ বিষয়ে আঙুলিয়াই দিছিল। জানো আহক এই বিষয়ে-

এলাহ

চাণক্যৰ মতে, এলাহ মানুহৰ আটাইতকৈ ডাঙৰ শত্ৰু। এলাহে এজন ব্যক্তিৰ সম্ভাৱনাক সীমিত কৰি ৰাখে। ই ব্যক্তিৰ সময় নষ্ট কৰাৰ লগতে সুযোগ অথলে যোৱায়। অনুশাসন আৰু নিয়মিততাই এলাহ দূৰ কৰাৰ আটাইতকৈ ফলপ্ৰসূ উপায় বুলি আচাৰ্য চাণক্যই উল্লেখ কৰে।

বিফলতাৰ ভয়

ভয় কৰা ব্যক্তিয়ে জীৱনত কেতিয়াও আগবাঢ়িব নোৱাৰে বুলি সকীয়াই দিছে আচাৰ্য চাণক্যই। তেওঁৰ মতে ভয় কমোৱাৰ সৰ্বোত্তম উপায় হ’ল প্ৰস্তুতি। ইয়াৰ সমান্তৰালকৈ নিজৰ চাৰিওকাষে থকা লোকসকল ইতিবাচক আৰু প্ৰেৰণাদায়ক হোৱা উচিত বুলিও তেওঁ কয়।

সিদ্ধান্ত গ্ৰহণত ব্যৰ্থতা

আচাৰ্য চাণক্যই কয় যে সুযোগ কেতিয়াও ৰৈ নাথাকে; প্ৰস্তুত থকাসকলৰ বাবেহে সুযোগ আহে বুলিও তেওঁ কয়। সময়মতে সিদ্ধান্ত লোৱাত ব্যৰ্থ হোৱাটো জীৱনত বিফলতাৰ এটা প্ৰধান কাৰণ বুলি আচাৰ্য চাণক্যই সকীয়াই দিয়ে। চাণক্যৰ মতে সঠিক সময়ত লোৱা এটা সৰু সিদ্ধান্তয়ো ডাঙৰ ফল দিব পাৰে।

নেতিবাচক চিন্তা

নেতিবাচক চিন্তাই মানুহৰ শক্তি, উৎসাহ আৰু সৃষ্টিশীলতা ক্ষয় কৰে। চাণক্যই কৈছে যে নেতিবাচক চিন্তাই সফলতা সূচনা কৰিব নোৱাৰে। সেয়ে আচাৰ্য চাণক্যই নিজৰ চিন্তাক নিয়ন্ত্ৰণ কৰিবলৈ পৰামৰ্শ দিয়ে।

লিভাৰ চিৰ’ছিছ কেনেকৈ চিনিব? আগতীয়াকৈ দেখা দিয়া লক্ষণবোৰ জানক
যকৃতৰ সমস্যা হ'লে প্ৰাৰম্ভিক অৱস্থাত দেখা দিয়ে এই ৫টা লক্ষণ, জানক...
পুৱা দেখা পোৱা এই ৫ টা বস্তু হ'ব পাৰে শুভ দিনৰ সংকেত! জানক...
চকু দুৰ্বল হোৱাৰ আৰম্ভণিতে এইসমূহ লক্ষণে দেখা দিয়ে, জানক...
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...