Krishna Janmashtami 2025: জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এই সামগ্ৰী, সন্তানৰ সকলো বিপদ আঁতৰিব!

পবিত্ৰ জন্মাষ্টমীৰ দিনটোতে জগতৰ সৃষ্টিকৰ্তা মহান ঈশ্বৰ শ্ৰীকৃষ্ণ পৃথিৱীত ওপজিছিল। এই দিনটোৰ পূৰ্বে ঘৰলৈ কিছুমান বস্তু আনিলে শুভ ফল পোৱা যায়। তেনে কৰিলে ভগৱান শ্ৰীকৃষ্ণৰ পৰা সুখ আৰু সমৃদ্ধিৰ আশীৰ্বাদ লাভ কৰে ভক্তই।

Krishna Janmashtami 2025: জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এই সামগ্ৰী, সন্তানৰ সকলো বিপদ আঁতৰিব!

শ্ৰীকৃষ্ণৰ জন্মাষ্টমীত আপোনজনক এইদৰে দিয়ক শুভেচ্ছা...

Updated On: 

13 Aug 2025 14:43 PM

জন্মাষ্টমী হৈছে হিন্দু ধৰ্মৰ ভগৱান বিষ্ণুৰ অষ্টম অৱতাৰ শ্ৰীকৃষ্ণৰ বাৰ্ষিক জন্মোৎসৱ। ইয়াক কৃষ্ণ জন্মাষ্টমী, কৃষ্ণাষ্টমী, গকুলাষ্টমী, অষ্টমী ৰোহিণী, শ্ৰীকৃষ্ণ জয়ন্তী আদি নামেৰেও জনা যায়। এই উৎসৱ হিন্দু বৰ্ষপঞ্জীমতে ভাদ মাহৰ কৃষ্ণ পক্ষৰ অষ্টমী তিথিত (গ্ৰেগৰিয়ান বৰ্ষপঞ্জীমতে আগষ্ট-ছেপ্টেম্বৰ) পালন কৰা হয়।

শ্ৰীকৃষ্ণৰ জন্মদিন অসমীয়া বৈষ্ণৱ ধৰ্মালম্বী লোকসকলে জনমাষ্টমীৰ দিনা ৰাতি দহ মান বজাৰ পৰা কৃষ্ণক সুঁৱৰি মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত নাম ঘোষা ৰাগ গাই আনন্দ কৰে। নিশা বাৰ বজাৰ লগে লগে কৃষ্ণ জন্ম হোৱা বুলি কেঁচুৱা সন্তানে কন্দাৰ নিচিনা এটা শব্দ সৃষ্টি কৰে। এই নাম প্ৰসংগ পিছৰ দিনৰ ৰাতিপুৱালৈকে চলে। শেষত সকলোৱে ভগৱানৰ নামত আগবঢ়োৱা শৰাইৰ প্ৰসাদ খায়। পূৰ্ব পুৰুষ সকলৰ মতে এই জন্মাষ্টমী নাম গোৱা প্ৰথা বৈষ্ণৱযুগৰ পৰাই চলি আহিছে।

প্ৰতিবছৰে বৃন্দাবনৰ আৰু অসমৰ জন্মাষ্টমীৰ মাজত পাৰ্থক্য দেখা যায়। এই দিনটোৰ পূৰ্বে ঘৰলৈ কিছুমান বস্তু আনিলে শুভ ফল পোৱা যায়। তেনে কৰিলে ভগৱান শ্ৰীকৃষ্ণৰ পৰা সুখ আৰু সমৃদ্ধিৰ আশীৰ্বাদ লাভ কৰে ভক্তই। জ্যোতিষীসকলৰ মতে, জন্মাষ্টমীৰ আগতে ঘৰতে এইবোৰ কাম কৰিলে আপোনাৰ সন্তানৰ ভাগ্য সলনি হ’ব পাৰে। এইবাৰ অসমত ১৪ ছেপ্তেম্বৰত অতি আড়ম্বৰেৰে উদযাপন কৰা হ’ব জন্মাষ্টমী।

ময়ূৰৰ পাখি

ভগৱান শ্ৰীকৃষ্ণই ময়ূৰৰ পাখি বৰ ভাল পায়, সেয়ে ঘৰত ময়ুৰৰ পাখি ৰাখিলে ইতিবাচকতা আহে বুলি বিশ্বাস কৰা হয়।

বাঁহী

শ্ৰীকৃষ্ণৰ বাঁহী অত্যন্ত প্ৰিয়। বাঁহীৰ প্ৰতি থকা প্ৰেমৰ বাবে তেওঁক বংশীধৰ নামেৰেও জনা যায়। জন্মাষ্টমীৰ দিনা বা তাৰ পূৰ্বে ৰূপ বা কাঠৰ বাঁহী কিনি শ্ৰীকৃষ্ণক অৰ্পণ কৰক ইয়াৰ দ্বাৰা ঘৰৰ আৰ্থিক সমস্যা সমাধান হয়।

মাখন

শ্ৰীকৃষ্ণক মাখন বৰ প্ৰিয়, সেয়ে তেওঁৰ প্ৰিয় খাদ্য মাখন ঘৰলৈ আনি তেওঁক দিলে, প্ৰভু শ্ৰীকৃষ্ণৰ কৃপা লাভ কৰিব পাৰি। সুখ, সুবিধা, সৌভাগ্য, ধন, সম্পদ, সমৃদ্ধি ভগৱান শ্ৰীকৃষ্ণৰ আশীৰ্বাদত লাভ কৰা হয়।

ঘিউ

শ্ৰীকৃষ্ণ প্ৰিয় গৰু আৰু ঘিউৰ প্ৰতি অতি মোহ আছে। জন্মাষ্টমীৰ দিনা ঘিউ কিনি ভগৱান শ্ৰীকৃষ্ণক তেওঁৰ প্ৰিয় বস্তু হিচাপে অৰ্পণ কৰক।

 

সুখী বৈবাহিক জীৱনৰ বাবে নিশা বিচনালৈ যোৱাৰ পূৰ্বে খাওক এইবিধ বস্তু!
বাংলাদেশত I Love You কেনেকৈ কয়? জানি হ'ব আচৰিত
মদ্যপান কৰিলে মানুহ কিয় ফুলে ? উপশম পোৱাৰ উপায় জানক...
নিয়ন্ত্ৰণত থাকিব ব্লাড চুগাৰ! খালী পেটত এইদৰে খাওক নৰসিংহৰ পাত...
গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
অসমত বৰ্তমান ৪০শতাংশ বাংলাদেশী মূলৰ লোক আছেঃ মুখ্যমন্ত্ৰী
খেৰণিৰ পৰিস্থিতি অতি স্পৰ্শকাতৰঃ মুখ্যমন্ত্ৰী
গুৱাহাটীৰ গেটৱে’ ঘাট টাৰ্মিনেলত মুখ্যমন্ত্ৰী শৰ্মা