আপোনাৰ ওঁঠে দিয়ে স্বাস্থ্যৰ গুৰুতৰ সমস্যাৰ ইঙ্গিত, এই ৬টা লক্ষণ দেখিলেই হওক সাৱধান

দেহৰ বহু সমস্যাৰ লক্ষণ ওঁঠত দেখা দিয়ে। এই সূক্ষ্ম লক্ষণসমূহৰ প্ৰতি মনোযোগ দি ওঁঠৰ সঠিক যত্ন বজাই ৰাখিলে আপুনি ওঁঠ দুটাক সুস্থ আৰু আকৰ্ষণীয় কৰি ৰখাই নহয়, সম্ভাৱ্য স্বাস্থ্যজনিত সমস্যাৰ আগতীয়া প্ৰতিৰোধ কৰিব পাৰে। আপোনাৰ ওঁঠে স্বাস্থ্যজনিত অৱস্থাৰ বিষয়ে প্ৰকাশ কৰা ৬টা এনে লক্ষণৰ বিষয়ে জানো আহক।

আপোনাৰ ওঁঠে দিয়ে স্বাস্থ্যৰ গুৰুতৰ সমস্যাৰ ইঙ্গিত, এই ৬টা লক্ষণ দেখিলেই হওক সাৱধান

ওঁঠে দিয়ে স্বাস্থ্যৰ সমস্যাৰ ইঙ্গিত

Updated On: 

21 Nov 2025 13:55 PM

নিজকে স্বাস্থ্যৱান কৰি ৰাখিবলৈ আমি প্ৰতি সময়তে সচেতন হোৱা প্ৰয়োজন। দেহত হোৱা যিকোনো সমস্যাৰ আগতীয়া কিছুমান লক্ষণে দেখা দিয়ে। এই লক্ষণসমূহ চিনাক্ত কৰিব পাৰিলে সঠিক সময়ত চিকিৎসা সম্ভৱ হৈ উঠে। আমাৰ ওঁঠতো দেহৰ বহু সমস্যাৰ ইঙ্গিত পোৱা যায়। অৰ্থাৎ আমাৰ ওঁঠ কেৱল সৌন্দৰ্য বৰ্ধনৰ অংগই নহয়, আপোনাৰ সামগ্ৰিক স্বাস্থ্যক স্পষ্ট ৰূপত প্ৰতিফলিত কৰি তোলা এখন আইনা স্বৰূপ। গতিকে ওঁঠৰ অৱস্থাৰ জৰিয়তে আমি স্বাস্থ্যক লৈ অধিক সচেতন হ’ব পাৰোঁ।

দেহৰ বহু সমস্যাৰ লক্ষণ ওঁঠত দেখা দিয়ে। এই সূক্ষ্ম লক্ষণসমূহৰ প্ৰতি মনোযোগ দি ওঁঠৰ সঠিক যত্ন বজাই ৰাখিলে আপুনি ওঁঠ দুটাক সুস্থ আৰু আকৰ্ষণীয় কৰি ৰখাই নহয়, সম্ভাৱ্য স্বাস্থ্যজনিত সমস্যাৰ আগতীয়া প্ৰতিৰোধ কৰিব পাৰে। আপোনাৰ ওঁঠে স্বাস্থ্যজনিত অৱস্থাৰ বিষয়ে প্ৰকাশ কৰা ৬টা এনে লক্ষণৰ বিষয়ে জানো আহক।

ওঁঠ শেঁতা পৰা

যদি আপোনাৰ ওঁঠ দুটা অস্বাভাৱিকভাৱে শেঁতা পৰা দেখা যায়, তেতিয়া এয়া ৰক্তহীনতা, তেজৰ চলাচল বেয়া বা শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ ইংগিত হ’ব পাৰে। শেঁতা ওঁঠে প্ৰায়ে তেজত অক্সিজেনৰ মাত্ৰা কম হোৱাৰ ইংগিত দিয়ে, এয়া পৰ্যাপ্ত হিম’গ্লবিনৰ অভাৱ বা হৃদযন্ত্ৰৰ সমস্যাৰ লক্ষণ হ’ব পাৰে।

শুকান আৰু ফটা ওঁঠ

শুকান, ফটা ওঁঠ সাধাৰণতে ঠাণ্ডা বতৰৰ সমস্যা যদিও এনে সমস্যা দীৰ্ঘদিন ধৰি থাকিলে সেয়া ডিহাইড্ৰেছন, পুষ্টিহীনতা বা ভিটামিনৰ অভাৱৰ ইংগিত দিব পাৰে। ভিটামিন বি, আইৰণ বা আৱশ্যকীয় ফেটি এচিডৰ অভাৱত ফটা ওঁঠৰ সমস্যা অধিক হ’ব পাৰে। একজিমাৰ দৰে ছালৰ সমস্যায়ো ওঁঠৰ স্বাস্থ্যত প্ৰভাৱ পেলাব পাৰে।

ওঁঠ ফুলি থকা

ওঁঠ ফুলি যোৱা সমস্যা কেইবাটাও কাৰণত হ’ব পাৰে। বিশেষকৈ এলাৰ্জি, সংক্ৰমণ বা প্ৰদাহজনিত অৱস্থা যেনে এঞ্জিওইডিমাৰ বাবে এনে হয়। এঞ্জিওইডিমাৰ দৰে সমস্যা যথেষ্ট গুৰুতৰ হৈ পৰিব পাৰে। ই কেৱল ওঁঠতে নহয়, মুখ, ডিঙি আৰু বায়ুপথকো প্ৰভাৱিত কৰিব পাৰে, যাৰ ফলত উশাহ-নিশাহ লোৱাত অসুবিধা হ’ব পাৰে।

ওঁঠত ঘাঁ লগা

ওঁঠত হোৱা ঘাঁ বা ফোহা অন্তৰ্নিহিত সংক্ৰমণ বা স্বাস্থ্যজনিত সমস্যাৰ লক্ষণ হ’ব পাৰে। হাৰপিছ ছিমপ্লেক্স ভাইৰাছৰ ফলত হোৱা ঘাঁবোৰ অতি সংক্ৰামক আৰু প্ৰায়ে সৰু সৰু ফোহা হিচাপে দেখা দিয়ে। আনহাতে কেংকাৰ ঘাঁ হৈছে অসংক্ৰামক আলচাৰ যিবোৰ মানসিক চাপ, সামান্য আঘাত বা পুষ্টিৰ অভাৱৰ বাবে হ’ব পাৰে। দীৰ্ঘদিনীয়া বা অস্বাভাৱিকভাৱে ডাঙৰ ঘাঁই বেক্টেৰিয়াৰ সংক্ৰমণ বা মুখৰ কৰ্কট ৰোগৰো ইঙ্গিত দিব পাৰে।

মুখৰ চুকত ফাট মেলা

মুখৰ চুকত ফাটি যোৱা সমস্যাই প্ৰায়ে অন্তৰ্নিহিত পুষ্টি বা স্বাস্থ্যজনিত সমস্যাৰ ইংগিত দিয়ে। ভিটামিন বিৰ অভাৱ, বিশেষকৈ বি ২, বি ৩ বা বি ১২ তথা আইৰণৰ অভাৱে ছালৰ কাৰ্যক্ষমতাত প্ৰভাৱ পেলাব পাৰে। ইয়াৰ উপৰিও ভেঁকুৰৰ সংক্ৰমণে এনে সমস্যা অধিক কৰি তোলে।

ৰং সলনি হোৱা বা অস্বাভাৱিক ৰং

ওঁঠৰ ক’লা দাগ বা অস্বাভাৱিক ৰং হৰম’নৰ ভাৰসাম্যহীনতা, ভিটামিনৰ অভাৱ বা কিছুমান ঔষধৰ প্ৰতিক্ৰিয়াৰ লক্ষণ হ’ব পাৰে। বিশেষকৈ ওঁঠৰ ৰঙৰ হঠাৎ পৰিৱৰ্তন হ’লে ইয়াৰ অন্তৰ্নিহিত কাৰণসমূহ মূল্যায়ন কৰিবলৈ চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।

ভৰিৰ পৰা দুৰ্গন্ধ ওলাই নেকি? জানক দূৰ কৰাৰ সহজ উপায়...
থেলাছেমিয়া ৰোগৰ লক্ষণ আৰু কাৰণ কি, জানক সকলো...
এনে সমস্যা হ’ব পাৰে পেটৰ কৰ্কট ৰোগৰ লক্ষণ! বিপদৰ পূৰ্বেই হওক সাৱধান
ডাকঘৰৰ ক্ষুদ্ৰ সঞ্চয় আঁচনিৰ বিষয়ে জানক, যিয়ে দিব অধিক ৰিটাৰ্ণ !