গৰম দিনত কিয় টেঙা খোৱাৰ পৰামৰ্শ দিয়া হয়? টেঙাৰ আছে এনে গুণ, জানি হ’ব আচৰিত

গ্ৰীষ্মকালত শৰীৰক শীতল কৰি ৰখাৰ উপৰিও হজম শক্তিত সহায়ক হোৱা, শৰীৰক সতেজ কৰা আৰু স্বাভাৱিকভাৱে ইলেক্ট্ৰ’লাইটৰ ভাৰসাম্য ৰক্ষা কৰা খাদ্যৰ অত্যন্ত প্ৰয়োজন। ঠিক এনে কাৰণতে গৰমৰ দিনত টেঙা খাদ্য খোৱাটো বাঞ্ছনীয়। জানো আহক গৰমৰ দিনত টেঙা খাদ্য খালে কি কি উপকাৰ হয়।

গৰম দিনত কিয় টেঙা খোৱাৰ পৰামৰ্শ দিয়া হয়? টেঙাৰ আছে এনে গুণ, জানি হ’ব আচৰিত

গৰমত টেঙা খোৱাৰ উপকাৰিতা

Published: 

26 Jul 2025 16:47 PM

ৰাজ্যত এতিয়া তীব্ৰ গৰমে দহিছে সকলোকে। গৰমৰ প্ৰকোপত সাধাৰণতে যিকোনো লোকৰে নানা স্বাস্থ্যজনিত সমস্যা হ’ব পাৰে। গ্ৰীষ্মকালত অত্যধিক ঘামৰ জৰিয়তে আমাৰ শৰীৰৰ পৰা পানী আৰু নিমখ ওলাই যায়। ইয়াৰ ফলত ভাগৰুৱা অনুভৱ কৰা, হিটষ্ট্ৰ’ক, পাচনতন্ত্ৰৰ সমস্যা আৰু ডিহাইড্ৰেচন আদি হয়। সেয়ে শৰীৰক শীতল কৰি ৰখাৰ উপৰিও হজম শক্তিত সহায়ক হোৱা, শৰীৰক সতেজ কৰা আৰু স্বাভাৱিকভাৱে ইলেক্ট্ৰ’লাইটৰ ভাৰসাম্য ৰক্ষা কৰা খাদ্যৰ অত্যন্ত প্ৰয়োজন।

ঠিক এনে কাৰণতে গৰমৰ দিনত টেঙা খাদ্য খোৱাটো বাঞ্ছনীয়। সেয়ে আমাক জ্যেষ্ঠজনে বা বিশেষজ্ঞ লোকসকলে গ্ৰীষ্মকালত টেঙা খাদ্য খোৱাৰ পৰামৰ্শ দিয়ে জানো আহক গৰমৰ দিনত টেঙা খাদ্য খালে কি কি উপকাৰ হয়

শৰীৰক শীতল কৰি ৰখাত সহায় কৰেঃ টেঙা খাদ্য যেনে আম, নেমু, তেতেলী, দৈ আদিত প্ৰাকৃতিক এচিড থাকে এই প্ৰাকৃতিক এচিডে শৰীৰৰ আভ্যন্তৰীণ উষ্ণতা হ্ৰাস কৰাত সহায় কৰে আৰু শৰীৰক শীতল কৰি ৰখাত সহায় কৰে। ইয়াৰ ফলত গৰমৰ লগত জড়িত উশাহ-নিশাহৰ সমস্যা দূৰ হয়।

হজম শক্তি উন্নত কৰেঃ গ্ৰীষ্মকালত বহু লোকে বদহজম, গেছ আদি ৰোগত আক্ৰান্ত হয়। টেঙা খাদ্যই পাচক এনজাইম নিৰ্গত কৰাত সহায় কৰে, যাৰ ফলত খাদ্য হজম কৰাত সহজ হয়। নেমু আৰু তেতেলীৰ পানী খালে হাৰ্টবাৰ্ণ আৰু গেষ্ট্ৰাইটিছ কম হয়।

ভোক বৃদ্ধি কৰেঃ গ্ৰীষ্মকালত বহু লোকৰে ভোক অনুভৱ নহয়। টেঙা সোৱাদে জিভাত লেলাৱতিৰ সৃষ্টি কৰি খোৱাৰ হেঁপাহ বৃদ্ধি কৰে। বিশেষকৈ গৰমৰ দিনত নেমু চৰবত, কেঁচা আমৰ চাটনি বা তেতেলীৰ পানী খালে আমাৰ ভোক বৃদ্ধি পায়।

ডিহাইড্ৰেচন দূৰ কৰেঃ টেঙা ফল বা পানীয় যেনে নেমুৰ ৰস বা তেতেলীৰ পানীত প্ৰচুৰ পৰিমাণে ইলেক্ট্ৰলাইট থাকে। এনে পানীয় পান কৰিলে শৰীৰৰ পানীৰ অভাৱ পুনৰ পূৰণ হয় আৰু ডিহাইড্ৰেচন ৰোধ হয়।

ক্লান্তি দূৰ কৰেঃ টেঙা ফলত থকা ভিটামিন চি আৰু এণ্টিঅক্সিডেণ্টে গ্ৰীষ্মকালত শৰীৰৰ ক্লান্তি দূৰ কৰাত সহায় কৰে। ইয়াৰ উপৰিও ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

হিটষ্ট্ৰ’কৰ পৰা ৰক্ষা কৰেঃ গ্ৰীষ্মকালত শৰীৰৰ উষ্ণতা বৃদ্ধি পালে হিটষ্ট্ৰ’ক হ’ব পাৰে। টেঙা পানীয়ই শৰীৰক শীতল কৰি ৰাখে, যাৰ ফলত হিটষ্ট্ৰ’কৰ সম্ভাৱনা কম হয়।

ছালখন সতেজ কৰি ৰাখেঃ নেমু আৰু অন্যান্য টেঙা খাদ্যত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে, যি ছালখনক বিষমুক্ত কৰি উজ্জ্বল কৰি ৰাখে। গ্ৰীষ্মকালত ঘাম আৰু ধূলিৰ বাবে ছাল লেতেৰা হ’লেও টেঙা খাদ্য খোৱাৰ ফলত ছালখন সতেজ হৈ থাকে।

নাগ পঞ্চমীৰ দিনটোত এই ৪ টা কাম ভুলতেও নকৰিব...
মানচেষ্টাৰত ইতিহাস ৰচিলে শুভমন গিলে, পাকিস্তানৰ হাতৰ পৰা কাঢ়ি আনিলে এই বৃহৎ অভিলেখ
উপকাৰী গুণেৰে ভৰপূৰ হালধি মিহলি গাখীৰো হ’ব পাৰে ক্ষতিৰ কাৰণ, এইসকল লোক হওক সাৱধান
উচ্চ ৰক্তচাপ তৎক্ষণাত নিয়ন্ত্ৰণ কৰিবলৈ কি কৰিব? উপায় জানক