পানীত মিহলাই লওক এই পাত, বাচিব জেপৰ ধনঃ ঔষধৰ নামত নহ’ব অতিৰিক্ত খৰচ

বিশেষজ্ঞসকলৰ মতে এই পানীয় আপুনি নিয়মিত পান কৰিলে দেহৰ নানা ৰোগৰ আক্ৰমণৰ পৰা ৰক্ষা পৰিব। এনে অৱস্থাত ঔষধৰ নামত আপোনাৰ অতিৰিক্ত খৰচো হ্ৰাস পাব। গতিকে এনে ঔষধি গুণসম্পন্ন পানীয়বিধৰ কথা জানি লোৱাটো নিশ্চিতভাৱে আপোনাৰ বাবে উপকাৰী হ’ব।

পানীত মিহলাই লওক এই পাত, বাচিব জেপৰ ধনঃ ঔষধৰ নামত নহ’ব অতিৰিক্ত খৰচ

প্ৰতিনিধিত্বমূলক ছবি

Updated On: 

13 Jul 2025 23:05 PM

প্ৰবল গৰমে এতিয়া দহিছে সকলোকে। গৰমৰ প্ৰকোপৰ পৰা ৰক্ষা পাবলৈ বহু লোকে এতিয়া বজাৰত উপলব্ধ নানা শীতল পানীয় খোৱা দেখা যায়। পিছে এই শীতল পানীয়সমূহে গৰমৰ পৰা আমাক সাময়িক সকাহহে প্ৰদান কৰে। কিন্তু এনে শীতল পানীয় খোৱাৰ ফলত আমাৰ দৈহিক সমস্যা বৃদ্ধিহে পাব পাৰে। সেয়ে পৰাপক্ষত গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ এনে শীতল পানীয় পান নকৰাই শ্ৰেয়। সাধাৰণতে গৰমৰ দিনত আমাৰ দেহত নানা ধৰণৰ ৰোগৰ আক্ৰমণৰ সম্ভাৱনাও বৃদ্ধি পায়। সেয়ে এই দিনকেইটাত স্বাস্থ্যৰ অতিৰিক্ত যত্নৰ প্ৰয়োজন হয়।

গৰমত আমাৰ শাৰীৰিক শ্ৰমৰ পৰা আৰম্ভ কৰি টোপনিলৈকে দৈনিক ৰুটিনত বিস্তৰ প্ৰভাৱ পৰে। খাদ্য গ্ৰহণৰ সময়ৰ ক্ষেত্ৰতো এই প্ৰভাৱ পৰিলক্ষিত হয়। এনে পৰিস্থিতিত শাৰীৰিক অলস ভাৱ, গেছ আদি সমস্যাই দেখা দিয়ে। ইয়াৰ উপৰিও ছালৰ নানা সমস্যাৰ কথা আছেই। যদি আপুনিও এনে সমস্যাত ভুগিছে, তেতিয়া আপুনি ঘৰতে প্ৰস্তুত কৰা এবিধ পানীয় এইক্ষেত্ৰত আপোনাৰ যথেষ্ট সহায়ক হ’ব।

বিশেষজ্ঞসকলৰ মতে এই পানীয় আপুনি নিয়মিত পান কৰিলে দেহৰ নানা ৰোগৰ আক্ৰমণৰ পৰা ৰক্ষা পৰিব। এনে অৱস্থাত ঔষধৰ নামত আপোনাৰ অতিৰিক্ত খৰচো হ্ৰাস পাব। গতিকে এনে ঔষধি গুণসম্পন্ন পানীয়বিধৰ কথা জানি লোৱাটো নিশ্চিতভাৱে আপোনাৰ বাবে উপকাৰী হ’ব।

খোৱা পানীত কেইখিলামান পদূনা পাত পেলাই দিব। এই পদূনা পাত মিহলি পানীয় আপোনাৰ দেহৰ বাবে যাদুকৰী ঔষধি হৈ পৰিব। প্ৰতিদিনে পুৱা এই পানী খালে বহু সমস্যা দূৰ হ’ব।

যিসকলে পাচনতন্ত্ৰৰ সমস্যা, গেছ, আৰু পেট ফুলি উঠাৰ দৰে ৰোগত ভুগিছে তেওঁলোকৰ বাবে এই পানীয় অতি উপকাৰী।

যিসকলে শৰীৰৰ চৰ্বি সোনকালে হ্ৰাস কৰিব বিচাৰে তেওঁলোকে প্ৰতিদিনে পুৱা খালী পেটতে এই পানীয় খাব লাগে। ওজন হ্ৰাসৰ ক্ষেত্ৰত এনে অভ্যাসৰ প্ৰভাৱ কম সময়ৰ ভিতৰতে দেখিবলৈ পাব।

মাহেকীয়া হৈ থকাৰ সময়ত তুলসী গছ স্পৰ্শ কৰে নেকি? ইয়াৰ ফলত কি হ’ব পাৰে জানেনে?
তৎক্ষণাত দাঁত বিষৰ পৰা উপশম পাবলৈ গ্ৰহণ কৰক এইসমূহ ঘৰুৱা উপায়...
ঘৰৰ দক্ষিণ দিশত ৰাখক এইসমূহ বস্তু, দেৱী লক্ষ্মীৰ কৃপাত আগমন ঘটিব ধন-সম্পদৰ
বহু গুৰুতৰ ৰোগৰ অন্যতম এটা কাৰণ মানসিক চাপ, ইয়াৰ পৰা উপশম পোৱাৰ উপায় জানক