ফাগুনত ঘৰুৱা পদ্ধতিৰে লওক ছাল আৰু চুলিৰ যত্ন, সকলোকে আকৰ্ষণ কৰিব পাৰিব আপুনি!

ফাগুন মাহত বলা পছোৱা বতাহে আমাৰ ছাল-চুলি নিৰ্জীৱ কৰে, ফলত ছাল চুলি ফাটিবলৈ আৰম্ভ কৰে। কিন্তু এতিয়া আৰু চিন্তা নাই! এই ফাগুন মাহত ঘৰুৱা কিছুমান পদ্ধতিৰে আপোনাৰ ছাল আৰু চুলিৰ যত্ন ল'ব পাৰে।

ফাগুনত ঘৰুৱা পদ্ধতিৰে লওক ছাল আৰু চুলিৰ যত্ন, সকলোকে আকৰ্ষণ কৰিব পাৰিব আপুনি!

ফাগুনত ঘৰুৱা পদ্ধতিৰে লওক ছাল আৰু চুলিৰ যত্ন

Published: 

05 Mar 2025 15:04 PM

প্ৰতিগৰাকী মহিলাই দীঘল আৰু ডাঠ চুলি আৰু উজ্বল ছাল ভাল পায়। কিন্তু এই বতৰৰ পৰিৱৰ্তন, প্ৰদূষণ বৃদ্ধি, অস্বাস্থ্যকৰ খাদ্য আৰু জীৱনশৈলীৰ বাবে ইয়াৰ লগত জড়িত সমস্যা দেখা দিয়ে। বৰ্তমান ফাগুন মাহ, এই মাহটো অহাৰ লগে লগে আমাৰ চুলিবোৰ শুকান হ’বলৈ আৰম্ভ কৰে। ফাগুন মাহত বলা পছোৱাই আমাৰ ছাল চুলি সকলোবোৰ নিৰ্জীৱ কৰে ফলত ছাল চুলি ফাটিবলৈ আৰম্ভ কৰে।

কিন্তু এতিয়া আৰু চিন্তা নাই! এই ফাগুন মাহতো ঘৰুৱা কিছুমান পদ্ধতিৰে আপোনাৰ ছাল আৰু চুলিৰ যত্ন ল’ব পাৰে।

কেনেকৈ ল’ব চুলিৰ যতন

চুলিখিনি ট্ৰিম কৰি ৰাখক

ফাটি যোৱা চুলিবোৰ আঁতৰাই সুস্থ কৰি ৰাখিবলৈ ছয়ৰ পৰা আঠ সপ্তাহৰ মূৰে মূৰে নিয়মিতভাৱে চুলি ট্ৰিম কৰিব লাগে।

টাৱেলেৰে জোৰত বান্ধিব নালাগে

বহুতে চুলি ধুই চুলিখিনি টাৱেলেৰে জোৰকৈ মেৰিয়াই থয়। কিন্তু টাৱেলেৰে শুকুৱালে চুলিৰ ক্ষতি হ’ব পাৰে। ইয়াৰ পৰিৱৰ্তে পাতল কাপোৰ ব্যৱহাৰ কৰিব পাৰে। কিন্তু চুলিখিনি টানকৈ বান্ধি বা ঘঁহি ঘঁহি মুচিবলৈ এৰক।

চুলিত পিয়াজৰ মাস্ক লগাওক

এটা পাত্ৰত নাৰিকল তেল লৈ তাৰ লগত পিঁয়াজৰ পেষ্ট মিহলাই ডাঠ মিশ্ৰণ এটা বনাই শিপাৰ পৰা মূৰলৈকে ভালদৰে লগাব লাগে, আনকি মূৰৰ ছালতো লগাব পাৰিব। পাছত ৩০ মিনিট অপেক্ষা কৰি চেম্পু কৰক।

এলোভেৰা মাস্ক

চুলিৰ বাবে এলোভেৰা অতি উপকাৰী। ২ চামুচ এলোভেৰা জেলৰ লগত ২ চামুচ পিঁয়াজৰ ৰসৰ লগত মিহলাই লওক। এতিয়া এই মিশ্ৰণটো পৰিষ্কাৰ চেম্পু কৰা চুলিত লগাওক। মূৰৰ ছালৰ পৰা চুলিত লগাই ২০ মিনিট অপেক্ষা কৰক। ইয়াৰ পাছত চুলি ধুই পেলাওক।

ফাগুনত ঘৰুৱা পদ্ধতিৰে লওক ছালৰ যতন

মুখত চাবোন প্ৰয়োগ নকৰিব

চাবোনত থকা ৰাসায়নিক পদাৰ্থৰ বাবে ছাল শুকান হোৱাৰ সম্ভাৱনা অধিক হৈ পৰে। ইয়াৰ উপৰিও মুখৰ ছাল অধিক পাতল হয়। গতিকে ঘৰতে চন্দনৰ প্ৰলেপ, বেচন আদি বিকল্প হিচাপে ব্যৱহাৰ কৰিব পাৰে।

চাউলৰ গুড়ি আৰু দৈ

দৈ ৰ লগত পিঠাগুৰি আটা মিহলাই তাত অলপ চন্দন আৰু আলুৰ ৰস মিহলাই সপ্তাহত দুবাৰকৈ মুখত সানিলে ভাল ফল পাব।

চেনীৰ সৈতে কফি

মুখৰ ছাল মসৃণ কৰিবলৈ আৰু ছালৰ মৃত কোষবোৰ আঁতৰ হয়। ইয়াৰ জৰিয়তে মুখৰ পৰা সকলো লেতেৰা আঁতৰ হয় আৰু আপুনি পৰিস্কাৰ ছালৰ গৰাকী হ’ব পাৰিব। মুখখনত চেনী আৰু কফি ব্যৱহাৰ কৰি স্ক্ৰাৱ কৰিব পাৰে। সম পৰিমাণৰ চেনী আৰু কফি লৈ তাত অলপ মৌ মিহলাই আপুনি ছালখন স্ক্ৰাব কৰিব।

 

 

 

শাওনৰ সোমবাৰে শিৱলিংগত আগবঢ়াওক এইসমূহ বস্তু, লাভ কৰিৰ মহাদেৱৰ আশীৰ্বাদ!
গিলৰ সমানেই ইংলেণ্ডত গৰজি উঠিল বৈভৱৰ বেট, গঢ়িলে এই বিশ্ব ৰেকৰ্ড
কঁঠালৰ গুটি খোৱা আৰম্ভ কৰক, পাব এইসমূহ আচৰিত উপকাৰিতা...
অত্যধিক মোবাইল ব্যৱহাৰৰ ফলত হ’ব পাৰে চকুৰ এই ৰোগ, লক্ষণবোৰ জানক...