গুণেৰ ভৰপূৰ ডালিম, পিছে সাৱধান! এনে সমস্যা আছে যদি আপোনাৰ বাবে ডালিম হ’ব পাৰে ‘বিষাক্ত’

কিছুসংখ্যক লোকৰ বাবে ডালিম অত্যন্ত বিপজ্জনক হৈ উঠিব পাৰে। সেয়ে তেওঁলোকে পৰাপক্ষত ডালিম খোৱাৰ পৰা বিৰত থকা উচিত। স্বাস্থ্য বিশেষজ্ঞসকলে এই সন্দৰ্ভত মতামত আগবঢ়াই আহিছে। চাওঁ আহক কি কি সমস্যা থাকিলে ডালিম খোৱা উচিত নহয়।

গুণেৰ ভৰপূৰ ডালিম, পিছে সাৱধান! এনে সমস্যা আছে যদি আপোনাৰ বাবে ডালিম হ’ব পাৰে ‘বিষাক্ত’

ডালিম

Published: 

24 Aug 2025 17:16 PM

ডালিম এবিধ পুষ্টিকৰ ফল। সেয়া আমি সকলোৱে জানো ডালিমত প্ৰচুৰ পৰিমাণে ভিটামিন চি, ভিটামিন কে, ফলিক এচিড আৰু এণ্টিঅক্সিডেণ্ট থাকে। এই ফল তথা ফলৰ ৰস খালে শৰীৰৰ ৰক্তহীনতা হ্ৰাস পায় তদুপৰি হৃদযন্ত্ৰৰ সুৰক্ষাৰ ক্ষেত্ৰত, ছাল আৰু চুলিৰ স্বাস্থ্যৰ বাবেও ডালিম অত্যন্ত উপযোগী লগতে ডালিমে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। অৱশ্যে কিছুসংখ্যক লোকৰ বাবে ডালিম অত্যন্ত বিপজ্জনক হৈ উঠিব পাৰে সেয়ে তেওঁলোকে পৰাপক্ষত ডালিম খোৱাৰ পৰা বিৰত থকা উচিত

স্বাস্থ্য বিশেষজ্ঞসকলে এই সন্দৰ্ভত মতামত আগবঢ়াই আহিছে চাওঁ আহক কি কি সমস্যা থাকিলে ডালিম খোৱা উচিত নহয়

ডায়েবেটিছ ৰোগীঃ ডালিমত প্ৰাকৃতিক চেনিৰ পৰিমাণ বেছি, গতিকে ডায়েবেটিছ ৰোগীয়ে সীমিত পৰিমাণে ডালিম খাব লাগে।

গেষ্ট্ৰিক বা আলচাৰ ৰোগীঃ গেষ্ট্ৰিক বা আলচাৰ ৰোগত আক্ৰান্ত ৰোগীয়ে বেছিকৈ ডালিম খালে এচিডিটিৰ সমস্যা অধিক বৃদ্ধি ব পাৰে।

এলাৰ্জী থকা লোকঃ কিছুমান লোকে ডালিম খালে এলাৰ্জীৰ সমস্যাত পৰিব পাৰে গতিকে এইক্ষেত্ৰত সাৱধান হোৱা ভাল

নিম্ন ৰক্তচাপ থকা লোকঃ ডালিমে ৰক্তচাপ সামান্য হ্ৰাস কৰিব পাৰে, গতিকে নিম্ন ৰক্তচাপ থকা লোকসকলে ডালিম খোৱাৰ ক্ষেত্ৰত সাৱধান হোৱা প্ৰয়োজন।

যিকোনো ঔষধ গ্ৰহণ কৰাঃ কোনো লোকে যদি কিছু বিশেষ ধৰণৰ ব্লাড থিনাৰ বা ৰক্তচাপৰ ঔষধ খাই আছে, তেওঁলোকে ডালিম খালে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া হ’ব পাৰে।

কিন্তু সাধাৰণ অৱস্থাত ডালিম দেহৰ বাবে অত্যন্ত উপকাৰী হিচাপে প্ৰমাণিত হয় বিশেষকৈ কিছুমান লোকৰ বাবে ডালিম একপ্ৰকাৰে আশীৰ্বাদ স্বৰূপ চাওঁ আহক এইবিষয়ে

ৰক্তহীন ৰোগীঃ ডালিমত থকা আইৰণ আৰু ফলিক এচিডে হিম’গ্লবিন বৃদ্ধি কৰাত সহায় কৰে।

হৃদৰোগ আৰু হাই কলেষ্টেৰলঃ হৃদৰোগ আৰু হাই কলেষ্টেৰল ৰোগত আক্ৰান্ত লোকে ডালিম খাব লাগে। ডালিমত থকা এণ্টিঅক্সিডেণ্টৰ ফলত হৃদৰোগৰ সম্ভাৱনা হ্ৰাস পায়।

গৰ্ভৱতী মহিলাঃ ফলিক এচিডে ভ্ৰুণৰ সঠিক বৃদ্ধি নিশ্চিত কৰে। গতিকে গৰ্ভাৱস্থাত ডালিম আৰু ডালিমৰ ৰস খালে ভাল।

ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বলঃ ডালিমত থকা ভিটামিন চিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে।

বিশেষ দ্ৰষ্টব্যঃ এই প্ৰতিবেদনত উপস্থাপন কৰা বক্তব্যসমূহ স্বাস্থ্য সম্পৰ্কীয় উৎসৰ ওপৰত আধাৰিত এই ক্ষেত্ৰত TV9 Assam-এ কোনো নিজা মত পোষণ কৰা নাই।

আপোনাৰ ঘৰতো আছে নেকি লাফিং বুদ্ধৰ মূৰ্তি? পিছে শুভ নে অশুভ এয়া!
আপোনাৰ সন্তানেও কেতিয়াবা কৈছে নেকি কাণৰ বিষৰ কথা? এনে ঘৰুৱা উপায়ে দিব সকাহ
বহু সময়লৈ প্ৰস্ৰাৱ ধৰি ৰাখে নেকি? হ’ব পাৰে এইসমূহ ৰোগ…
বিৰল সংযোগ, গণেশ চতুৰ্থীত এই ৩ ৰাশিৰ উদয় হ'ব ভাগ্য!