কেঁচা হালধি বৃক্কৰ বাবে উপকাৰী নে অপকাৰী ? ই বৃক্কত পাথৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰে নেকি?

হালধি শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ পৰা আৰম্ভ কৰি কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণ,বাতবিষ, হাঁপানি, হৃদৰোগ, এলঝেইমাৰ, ডায়েবেটিছ আনকি কৰ্কট ৰোগ প্ৰতিৰোধৰ বাবেও উপকাৰী বুলি কোৱা হয়। কিন্তু ই বৃক্কৰ বাবে উপকাৰী নে অপকাৰী জানোঁ আহক।

কেঁচা হালধি বৃক্কৰ বাবে উপকাৰী নে অপকাৰী ? ই বৃক্কত পাথৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰে নেকি?

হালধি

Updated On: 

26 Jul 2025 14:59 PM

হালধি যি ধৰণে এবিধ মছলা হিচাপে জনপ্ৰিয়, সেই একেধৰণে অসমীয়া সমাজত ই ঔষধি গুণৰ বাবেও জনপ্ৰিয়। কোৱা হয় যে, পুৱা খালী পেটত এটুকুৰা কেঁচা হালধি চোবাই খালে স্বাস্থ্যৰ বাবে বহু উপকাৰী। বনৌষধি গুণৰ বাবে ইয়াক ‘ছুপাৰ-মেডিচিন’ বুলিও মানুহে অভিহিত কৰে।

হালধিত কাৰকুমিন নামৰ এবিধ উপাদান থাকে, যিটোৱে কেৱল এশৰো অধিক ৰোগ নিৰাময় কৰিব পাৰে বুলি কোৱা হয়। হালধি শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ পৰা আৰম্ভ কৰি কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণ,বাতবিষ, হাঁপানি, হৃদৰোগ, এলঝেইমাৰ, ডায়েবেটিছ আনকি কৰ্কট ৰোগ প্ৰতিৰোধৰ বাবেও উপকাৰী বুলি কোৱা হয়।

তদুপৰি হালধি বৃক্কৰ বাবেও উপকাৰী। ২০২৩ চনত ‘ছায়েন্স ডাইৰেক্ট’ নামৰ আলোচনীখনত প্ৰকাশিত এক গৱেষণা পত্ৰত কোৱা হৈছে যে, কাৰকুমিন পৰিপূৰকে ক্ৰিয়েটিনিনৰ মাত্ৰা স্বাভাৱিক কৰি ৰাখে, যাতে বৃক্কৰ সংক্ৰমণ নহয়। কিন্তু অত্যধিক হালধি খালে আপোনাৰ স্বাস্থ্যৰ বাবে অপকাৰী হ’ব পাৰে।

প্ৰকাশিত বিভিন্ন প্ৰতিবেদনত কোৱা হৈছে যে,হালধিত থকা অক্সালেট কেলচিয়ামৰ সৈতে মিলি বৃক্কত পাথৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে। খাদ্যৰ লগত হালধি খালে ক্ষতি কৰাৰ সম্ভাৱনা কম হয়।

বৃক্কৰ বাবে হালধি উপকাৰিতা আৰু অপকাৰিতা

কাৰকুমিন আৰু বৃক্কৰ স্বাস্থ্য

কাৰকুমিনৰ এন্টি-ইনফ্লেমেটৰী আৰু এন্টিঅক্সিডেন্ট গুণ থকা বুলি প্ৰমাণিত হৈছে, যিটো বৃক্কৰ স্বাস্থ্যৰ বাবে উপকাৰী হ’ব পাৰে। কিছুমান গৱেষণাই ইংগিত দিয়ে যে, কাৰকুমিন পৰিপূৰকে বৃক্কৰ কাৰ্যক্ষমতা উন্নত কৰাত সহায় কৰিব পাৰে আৰু টাইপ ২ ডায়েবেটিছ থকা ব্যক্তিৰ ক্ৰিয়েটিনিনৰ মাত্ৰা হ্ৰাস কৰিব পাৰে, যিয়ে বৃক্কৰ কাৰ্যকলাপত প্ৰভাৱ পেলাব পাৰে।

হালধি আৰু বৃক্কৰ ক্ষতি

কাৰকুমিন হালধিৰ এটা মূল উপাদান হ’লেও এই মছলাত অক্সালেটকে ধৰি অন্যান্য যৌগও থাকে। কিছুমান ব্যক্তিৰ ক্ষেত্ৰত অক্সিলেটৰ মাত্ৰা অধিক হ’লে বৃক্কত পাথৰ গঠনত অৰিহণা যোগাব পাৰে। তদুপৰি বিশেষকৈ পৰিপূৰক হিচাপে অত্যধিক হালধি সেৱন কৰিলে কিছুমান ব্যক্তিৰ বৃক্কৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকে।

কিমান পৰিমাণে সেৱন কৰিব?

গৱেষণাৰ পৰা দেখা গৈছে যে, কাৰকুমিনৰ উপকাৰিতা ইয়াক সেৱন কৰা মাত্ৰাৰ ওপৰত নিৰ্ভৰশীল আৰু হালধিক পৰিপূৰক হিচাপে গ্ৰহণ কৰিলে নিৰাপদ মাত্ৰা বজাই ৰাখিব লাগে । কিন্তু হালধি অধিক মাত্ৰাত বা দীৰ্ঘ দিন ধৰি সেৱনৰ লগত জড়িত সম্ভাৱ্য বিপদৰ প্ৰতি সচেতন হোৱাটো অতি গুৰুত্বপূৰ্ণ। এজন সুস্থ ব্যক্তিয়ে দৈনিক ৫০০-১০০০ মিলিগ্ৰাম কাৰকুমিন সেৱন কৰিব পাৰে। কিন্তু অতিমাত্ৰা সেৱন কৰিলে বিপদ বাঢ়িব পাৰে।

চিকিৎসকৰ পৰামৰ্শ লওক

হালধি পৰিপূৰক গ্ৰহণ কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক। ই উপযুক্ত মাত্ৰা নিৰ্ধাৰণ কৰাত সহায় কৰিব পাৰে আৰু আপোনাৰ ব্যক্তিগত স্বাস্থ্যৰ অৱস্থাৰ ওপৰত ভিত্তি কৰি যিকোনো সম্ভাৱ্য বিপদৰ হাত সাৰিব পাৰিব। স্পষ্ট কৰি দিয়া হৈছে যে,এই প্ৰতিবেদন বিভিন্ন উৎসৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছে। কোনো কাৰণ Tv9 অসমীয়া দায়ী নহয়।

নাগ পঞ্চমীৰ দিনটোত এই ৪ টা কাম ভুলতেও নকৰিব...
মানচেষ্টাৰত ইতিহাস ৰচিলে শুভমন গিলে, পাকিস্তানৰ হাতৰ পৰা কাঢ়ি আনিলে এই বৃহৎ অভিলেখ
উপকাৰী গুণেৰে ভৰপূৰ হালধি মিহলি গাখীৰো হ’ব পাৰে ক্ষতিৰ কাৰণ, এইসকল লোক হওক সাৱধান
উচ্চ ৰক্তচাপ তৎক্ষণাত নিয়ন্ত্ৰণ কৰিবলৈ কি কৰিব? উপায় জানক