টোপনিৰ অভাৱত পাৰ হৈছে নেকি উজাগৰী নিশা? বেডৰুমলৈ আনক এনে পৰিৱৰ্তন, পাব সুফল

শোৱা কোঠাৰ পৰিৱেশেও টোপনিত প্ৰভাৱ পেলায় বুলি বহুলোকে কয়। গতিকে যদি আপোনাৰো টোপনিৰ সমস্যা আছে, তেতিয়াহ’লে শোৱা কোঠাত কেইটামান পৰিৱৰ্তনৰ চেষ্টা কৰিব পাৰে। চাওঁ আহক এই বিষয়ে।

টোপনিৰ অভাৱত পাৰ হৈছে নেকি উজাগৰী নিশা? বেডৰুমলৈ আনক এনে পৰিৱৰ্তন, পাব সুফল

টোপনিৰ সমস্যাৰ প্ৰতিকাৰৰ সাধাৰণ উপায়

Published: 

29 Jul 2025 09:49 AM

টোপনিৰ অভাৱ আজিৰ সময়ত বহু লোকৰে বাবে এক চিন্তনীয় সমস্যা নিশা বহু দেৰিলৈ টোপনি নহা, টোপনি আহিলেও হঠাতে সাৰ পাই উঠা, টোপনিৰ ভাৱ থাকিলেও শুব নোৱাৰা আদি সমস্যুাৰ বাবে বহুলোকে প্ৰায়ে উজাগৰী নিশা কটাবলগা হয় সাধাৰণতে এজন ব্যক্তিৰ সুস্থসবল স্বাস্থ্যৰ বাবে এক স্বাস্থ্যকৰ জীৱনশৈলী তথা খাদ্যাভ্যাসৰ লগতে টোপনিৰো অত্যন্ত প্ৰয়োজন এনে অৱস্থাত ব্যক্তিৰ দৈনন্দিন জীৱনত নিদ্ৰাহীনতাৰ প্ৰভাৱ বাৰুকৈয়ে পৰে। টোপনিৰ অভাৱৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া হিচাপে ফলত শৰীৰত শক্তিৰ অভাৱ হয়, ব্যক্তিৰ মেজাজ খিংখিঙীয়া হৈ উঠে।

লগতে যিকোনো কৰ্ম বা অধ্যয়নত মনোযোগ দিয়াতো সমস্যাৰ সৃষ্টি হয় এয়া টোপনিৰ অভাৱৰ তাৎক্ষণিক প্ৰভাৱহে কিন্তু নিয়মিত টোপনিৰ অভাৱ হলে আন বহু গুৰুতৰ স্বাস্থ্যজনিত সমস্যাই গা কৰি উঠিব পাৰে টোপনি ভাল কৰাৰ বাবে বহুলোকে বিভিন্ন পদ্ধতিৰ আশ্ৰয় লয় কিন্তু এনে পদ্ধতিসমূহ সকলো সময়তে ফলপ্ৰসূ হৈ নুঠিবও পাৰে

তেনে অৱস্থাত আমাৰ মনলৈ এক প্ৰশ্ন আহিব পাৰে, শোৱা কোঠাৰ পৰিৱেশেও টোপনিৰ ক্ষেত্ৰত প্ৰভাৱ পেলায় নেকি? বহুলোকে এই কথাত সন্মতি প্ৰকাশ কৰা দেখা যায় গতিকে যদি আপোনাৰো টোপনিৰ সমস্যা আছে, তেতিয়াহলে শোৱা কোঠাত কেইটামান পৰিৱৰ্তনৰ চেষ্টা কৰিব পাৰে। চাওঁ আহক এই বিষয়ে

বিচনাৰ দিশ সলনি কৰাঃ ভাল টোপনিৰ বাবে বহু দিশৰ ওপৰত গুৰুত্ব ৰখা প্ৰয়োজন হৈ পৰে। শোৱা কোঠাত বিচনা কোন দিশত থাকে, তাৰ ওপৰতো টোপনিৰ মান নিৰ্ভৰ কৰে

বিচনা চাদৰৰ ৰংঃ বহু ক্ষেত্ৰত বিচনা চাদৰৰ ৰঙৰ গুৰুত্বপূৰ্ণ ভূমিকা থাকে। অতি উজ্জ্বল ৰঙৰ বিচনা চাদৰে প্ৰায়ে টোপনিৰ সমস্যাৰ সৃষ্টি কৰে। অত্যধিক ডিজাইন বা উজ্জ্বল ৰং পৰিহাৰ কৰাটো ভাল।

আন্ধাৰ কোঠাঃ ভাল টোপনিৰ বাবে আন্ধাৰ কোঠা এক উত্তম বিকল্প। কোঠাটোত লাইট, ইলেক্ট্ৰনিক গেজেট, উজ্জ্বল ৰং নাথাকিলে ভাল। প্ৰয়োজন হ’লে চকু ঢাকি শোৱাৰ চেষ্টা কৰিব পাৰে

পৰিষ্কাৰ কোঠাঃ শোৱা কোঠাটো সদায় পৰিষ্কাৰ আৰু পৰিপাটিকৈ ৰাখিব লাগে। বিচনাৰ তলত কোনো সামগ্ৰী নাৰাখিব। ই টোপনিত বাধাৰ সৃষ্টি কৰিব পাৰে।

বিচনাৰ স্থানঃ বিচনাখন দুৱাৰৰ ঠিক সন্মুখত থোৱা উচিত নহয় বহু লোকৰে ভৰি দুখন বা মূৰটো দুৱাৰৰ বেছি ওচৰলৈ লৈ শুই থকাত সমস্যা হয়।

টেলিভিছন বা আইনাঃ শোৱা কোঠাটোত যদি টেলিভিছন বা আইনা থাকে, তেতিয়া শোৱাৰ পূৰ্বে সেয়া ঢাকি লওক। বহু সমসয়ত পোহৰৰ প্ৰতিফলনেও টোপনি অস্বস্তিকৰ কৰি তোলে।

ভাল টোপনিৰ বাবে শোৱাৰ সময়ত মৃদু সংগীত বজাব পাৰে বৰষুণৰ শব্দ বা অৰণ্যৰ ভিতৰৰ শব্দ, লেহেমীয়া গীতৰ প্লেলিষ্ট নিৰ্বাচন কৰিলে আপুনি উপকৃত হ’ব পাৰে। অৱশ্যে এইসমূহ সততে গ্ৰহণ কৰিব পৰা কিছু সাধাৰণ উপায়হে, এই সমস্যা বহুদিনলৈ থাকিলে চিকিৎসকৰ কাষ চপাটো নিতান্তই প্ৰয়োজনীয়

দূৰ হ'ব আৰ্থিক সমস্যা! পাকধৰৰ পৰা আঁতৰ কৰক এই ৩ সামগ্ৰী...
বিৰল সংযোগ! আগষ্ট মাহত কপাল ফুলিব এই ৪ ৰাশিৰ লোকৰ, জানক...
এইদৰে ব্যৱহাৰ কৰক পদূনাৰ পাত, ছালৰ সৌন্দৰ্যই আকৰ্ষিত কৰিব আপোনাৰ শত্ৰুকো
ঘৰত কাঁচৰ বস্তু ভঙাটো কিহৰ সংকেত? শুভ নে অশুভ জানক...