ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব, নহৰু স্বাস্থ্যৰ বাবে কিমান উপকাৰী ? | Garlic Health Benefits in Assamese Assam news - Assam Tv9

Garlic Benefits: ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব, নহৰু স্বাস্থ্যৰ বাবে কিমান উপকাৰী ? জানো আহক

Published: 

28 Aug 2024 06:57 AM

আমাৰ অসমীয়া সমাজৰ ৰন্ধন প্ৰণালীত প্ৰায়ে নহৰু ব্যৱহাৰ কৰা হয় । নহৰুৱে আঞ্জাৰ সোৱাদ বৃদ্ধি কৰাৰ লগতে ইয়াৰ স্বাস্থ্যৰ উপকাৰিতাও অধিক । সুস্বাস্থ্যৰ বাবে নহৰু অতি উপযোগী । নহৰুৱে আপোনাক বেছি দিন জীয়াই থকাত সহায় কৰিব । গতিকে নহৰুৰ উপকাৰিতানো কি কি, জানো আহক...

1 / 8আমাৰ অসমীয়া সমাজৰ ৰন্ধন প্ৰণালীত প্ৰায়ে নহৰু ব্যৱহাৰ কৰা হয় । নহৰুৱে আঞ্জাৰ সোৱাদ বৃদ্ধি কৰাৰ লগতে ইয়াৰ স্বাস্থ্যৰ উপকাৰিতাও অধিক ।

আমাৰ অসমীয়া সমাজৰ ৰন্ধন প্ৰণালীত প্ৰায়ে নহৰু ব্যৱহাৰ কৰা হয় । নহৰুৱে আঞ্জাৰ সোৱাদ বৃদ্ধি কৰাৰ লগতে ইয়াৰ স্বাস্থ্যৰ উপকাৰিতাও অধিক ।

2 / 8

সুস্বাস্থ্যৰ বাবে নহৰু অতি উপযোগী । নহৰুৱে আপোনাক বেছি দিন জীয়াই থকাত সহায় কৰিব । গতিকে নহৰুৰ উপকাৰিতানো কি কি, জানো আহক...

3 / 8

ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে নহৰু অতি উপযোগী । ইয়াত এলিচিন নামৰ উপাদান থাকে, যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে।

4 / 8

প্ৰতি বছৰে বৃদ্ধি পাইছে কেন্সাৰ ৰোগীৰ সংখ্যা। কিন্তু শৰীৰত কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস কৰিবলৈ নহৰু অতি উপকাৰী । নহৰুত অতি উপকাৰী এন্টিঅক্সিডেন্ট থাকে, যিয়ে কেন্সাৰৰ সম্ভাৱনা হ্ৰাস কৰে।

5 / 8

বাতবিষৰ বাবে নহৰু অতি উপকাৰী । তেল আৰু নহৰু একেলগে মিহলাই গৰম কৰি যদি বিষ হোৱা ঠাইত লগোৱা যায়, তেতিয়া কেইদিনমানৰ ভিতৰতে বিষৰ পৰা উপশম পোৱা যায় ।

6 / 8

চৰ্দি কাহৰ পৰা আঁতৰি থাকিব বিচাৰিলে প্ৰতিদিনে এটুকুৰা নহৰু চোবাই খাব লাগে। ইয়াৰ লগতে নহৰুৱে ৰক্তচাপ হ্ৰাস বা নিয়ন্ত্ৰণত ৰাখে ।

7 / 8

অধ্যয়নত দেখা গৈছে যে সঘনাই চৰ্দিত ভুগি থকা লোকসকলে নিয়মীয়াকৈ নহৰু খোৱাৰ ফলত উপকৃত হৈছে।

8 / 8

নহৰুৱে হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰে । ইয়াৰ লগতে নহৰুৱে আমাৰ শৰীৰৰ বিভিন্ন দীৰ্ঘদিনীয়া ৰোগ দূৰ কৰাত সহায় কৰে।

বৰষুণৰ পানী খোৱাৰ বাবে উপযোগী নে? সবিশেষ জানক
বাৰে বাৰে জিভা শুকাই যোৱাৰ কাৰণ কি? ই জটিল ৰোগৰ লক্ষণ নেকি? জানক
প্ৰস্ৰাৱ জ্বলা-পোৰা, পেটৰ তলৰ অংশত বিষ... মহিলাসকলে ভুলতেও আওকাণ নকৰিব এনে লক্ষণ
সাৱধান! এই ৫ টা অভ্যাসে আপোনাৰ বৃক্ক লাহে লাহে নষ্ট কৰিব পাৰে!