প্ৰস্ৰাৱত ফেন উঠে নেকি? ই কি কি ৰোগৰ লক্ষণ হ’ব পাৰে? বিশেষজ্ঞৰ পৰা জানক

শৰীৰত পানীৰ প্ৰয়োজন হ’লে প্ৰস্ৰাৱ অধিক ঘনীভূত আৰু ফেন উঠিব পাৰে। কিন্তু প্ৰতিবাৰে ফেন উঠা দেখা যায় বা কেইবাদিনো থাকিলে ইয়াক আওকাণ কৰা উচিত নহয়।

প্ৰস্ৰাৱত ফেন উঠে নেকি? ই কি কি ৰোগৰ লক্ষণ হ’ব পাৰে? বিশেষজ্ঞৰ পৰা জানক
Published: 

29 Oct 2025 09:29 AM

মাজে মাজে প্ৰস্ৰাৱত সামান্য ফেন সৃষ্টি হোৱাটো স্বাভাৱিক। এই অৱস্থা ডিহাইড্ৰেচনৰ ফলতো হ’ব পাৰে, কিয়নো শৰীৰত পানীৰ প্ৰয়োজন হ’লে প্ৰস্ৰাৱ অধিক ঘনীভূত আৰু ফেন উঠিব পাৰে। কিন্তু প্ৰতিবাৰে ফেন উঠা দেখা যায় বা কেইবাদিনো থাকিলে ইয়াক আওকাণ কৰা উচিত নহয়। স্থায়ী প্ৰস্ৰাৱত ফেন উঠা এটা অন্তৰ্নিহিত স্বাস্থ্যজনিত সমস্যাৰ প্ৰাৰম্ভিক লক্ষণ হ’ব পাৰে।

যদি প্ৰস্ৰাৱ কৰোতে ফেন সৃষ্টি হোৱাৰ লগতে আন লক্ষণ দেখা দিয়ে তেন্তে এই অৱস্থা গুৰুতৰ হ’ব পাৰে। যেনে সঘনাই প্ৰস্ৰাৱ কৰা, ক’লা বা হালধীয়া ৰঙৰ প্ৰস্ৰাৱ, শৰীৰ বা মুখমণ্ডল ফুলা, এই লক্ষণসমূহে বৃক্ক বিকল হোৱাৰ ইংগিত দিয়ে। কিছুমান মানুহে ভাগৰুৱা, দুৰ্বলতা, বমি বা ভোক কমি যোৱা আদিও অনুভৱ কৰিব পাৰে। গতিকে এনে লক্ষণক অৱহেলা কৰিলে বৃক্ক বিকল হোৱাৰ দৰে গুৰুতৰ অৱস্থাৰ সৃষ্টি হ’ব পাৰে।

ই কি কি ৰোগৰ লক্ষণ?

মেক্স হাস্পতালৰ ডাঃ ৰোহিত কাপুৰে বুজাইছে যে, স্থায়ীভাৱে প্ৰস্ৰাৱত ফেন উঠা দীৰ্ঘদিনীয়া বৃক্কৰ ৰোগ, ডায়েবেটিছ, উচ্চ ৰক্তচাপৰ দৰে অৱস্থাৰ লক্ষণ হ’ব পাৰে। যেতিয়া বৃক্কৰ ফিল্টাৰিং চিষ্টেম দুৰ্বল হয় তেতিয়া ই প্ৰস্ৰাৱলৈ যোৱা তেজৰ পৰা প্ৰটিন ফিল্টাৰ কৰিব নোৱাৰে। ইয়াৰ ফলত প্ৰস্ৰাৱত ফেন উঠে। ইয়াৰ উপৰিও প্ৰস্ৰাৱৰ সংক্ৰমণ (UTIs), যকৃতৰ ৰোগ, আৰু প্ৰটিনযুক্ত খাদ্যইও এই অৱস্থা আৰু বেছি বেয়া কৰি তুলিব পাৰে।

কিছুমান ক্ষেত্ৰত প্ৰটিনৰ পৰিপূৰক অত্যধিক সেৱন কৰিলেও প্ৰস্ৰাৱ ফেনযুক্ত হ’ব পাৰে। যদি এই সমস্যা কেইবা সপ্তাহ ধৰি থাকে, তেন্তে প্ৰস্ৰাৱ পৰীক্ষা, তেজৰ চুগাৰ পৰীক্ষা আৰু বৃক্কৰ কাৰ্যক্ষমতা পৰীক্ষা কৰি অন্তৰ্নিহিত অৱস্থাটো নিৰ্ণয় কৰি সময়মতে চিকিৎসা আৰম্ভ কৰাটো প্ৰয়োজন।

কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি?

গোটেই দিনটো কমেও ৭ৰ পৰা ৮ গিলাচ পানী খাব লাগে যাতে হাইড্ৰেটেড হৈ থাকে।

প্ৰটিন মধ্যমীয়াকৈ সেৱন কৰক, অতিমাত্ৰা সেৱন নকৰিব।

ডায়েবেটিছ আৰু ৰক্তচাপ নিয়ন্ত্ৰণ কৰা।

নিয়মীয়াকৈ প্ৰস্ৰাৱ আৰু তেজৰ পৰীক্ষা কৰক।

প্ৰচেছড খাদ্য আৰু নিমখ সেৱন সীমিত কৰক।

কোনো অস্বাভাৱিক লক্ষণক আওকাণ নকৰিব আৰু লগে লগে চিকিৎসকৰ পৰামৰ্শ ল’ব।

ৰাতি আহাৰ সোনকালে খালে কি হয়? কি কি সমস্যাৰ পৰা উপশম পাব পাৰি?
হ'ব অমংগল, কেতিয়াও এই স্থানত আৰু এইসকল লোকৰ ভৰি চুব নালাগে!
কিয় প্ৰস্ৰাৱত ফেন উঠে? কেতিয়া চিকিৎসকৰ ওচৰলৈ যাব লাগে? জানক
পেটত সঘনাই গেছ হোৱাটো কি ৰোগৰ লক্ষণ? জানক...