মদ্যপান নকৰিলেও এই ৩ বিধ ফল খাই নচলাব গাড়ী, ভৰিব লাগিব জৰিমনা ! কাৰণটো কি?

কিছুমান ফলে বিশেষ পৰিস্থিতিত শৰীৰত ইথানলৰ দৰে গেছ উৎপন্ন কৰিব পাৰে, যিয়ে ব্ৰেথ এনালাইজাৰ টেষ্টত প্ৰভাৱ পেলায়। যাৰ বাবে আপুনি মদ্যপান কৰা বুলি আৰক্ষীয়ে সন্দেহ কৰিব পাৰে। লগতে জৰিমনা বিহিব পাৰে আপোনাক !

মদ্যপান নকৰিলেও এই ৩ বিধ ফল খাই নচলাব গাড়ী, ভৰিব লাগিব জৰিমনা ! কাৰণটো কি?

প্ৰতীকী ফটো

Published: 

26 Jul 2025 09:25 AM

ব্ৰেথ এনালাইজাৰ টেষ্টৰ প্ৰতিটো পজিটিভ অৰ্থ এইটো নহয় যে, মদ্যপান কৰা। কিছুমান প্ৰাকৃতিক খাদ্য যেনে কঁঠাল, আপেল আৰু ডিমৰু আদিয়ে বিশেষ পৰিস্থিতিত শৰীৰত ইথানলৰ দৰে গেছ উৎপন্ন কৰিব পাৰে, যিয়ে পৰীক্ষাত প্ৰভাৱ পেলায়। কিন্তু এই প্ৰভাৱ সীমিত সময়ৰ বাবে আৰু কেৱল উশাহতে সীমাবদ্ধ থাকে হয়। কিন্তু মদ তেজত যায়। গতিকে এই ফলসমূহ খাই গ’লে যান-বাহন আৰক্ষীৰ ব্ৰেথ এনালাইজাৰ টেষ্টত পজিটিভ ওলাব পাৰে।

কেৰালাৰ এনে এটা ঘটনাই আলোড়নৰ সৃষ্টি কৰিছিল। কেৰালা ৰাজ্যিক পথ পৰিবহণ নিগমৰ একাংশ বাছ চালকৰ এলক’হল টেষ্ট (ব্ৰেথ এনালাইজাৰ টেষ্ট)ত পজিটিভ পোৱা গৈছিল যদিও পিছৰ তদন্তত তেওঁলোকে মদ খোৱা নাছিল যদিও পকা কঁঠাল খাইছিল বুলি জানিব পৰা গৈছে। কেৱল এয়াই নহয়, দিল্লীৰ লেডী হাৰ্ডিং মেডিকেল কলেজৰ ডাঃ এল এইচ ঘোটেকাৰে কয় যে, কেৱল কঁঠালৰ ক্ষেত্ৰতে নহয়, আপেল আৰু ডিমৰুৰ দৰে আন দুবিধ ফলৰ ক্ষেত্ৰতো এনেকুৱা হ’ব পাৰে।

ডাঃ ঘোটেকাৰৰ মতে, যেতিয়া ফলবোৰ কাটি বা দীৰ্ঘ সময় ধৰি ৰখা হয় তেতিয়া সেইবোৰত ফাৰমেনটেচন আৰম্ভ হ’ব পাৰে। এই প্ৰক্ৰিয়াত বেক্টেৰিয়াৰ সহায়ত ফলত থকা ফ্ৰুক্ট’জ আৰু গ্লুক’জ ভাঙি ইথানল নামৰ গেছ উৎপন্ন হ’বলৈ আৰম্ভ কৰে। এই একেই গেছ যিটো এলক’হলতও থাকে। আমি যেতিয়া এনে ফাৰমেনটেচন ফল খাওঁ তেতিয়া সেই গেছ উশাহৰ মাজেৰে ওলাই আহে আৰু ব্ৰেথ এনালাইজাৰে ইয়াক এলক’হল বুলি গণ্য কৰে।

আপেল আৰু ডিমৰুৰ দৰে ফলবোৰ কাটি বা মুকলি পৰিৱেশত দীৰ্ঘ সময় ৰাখিলে তাত থকা ফ্ৰুক্ট’জ আৰু গ্লুক’জৰ বাবে বেক্টেৰিয়া বাঢ়িবলৈ আৰম্ভ কৰে। এই প্ৰক্ৰিয়াক ফাৰমেনটেচন বোলা হয়। ইয়াৰ ফলত সামান্য পৰিমাণৰ ইথানল গেছ উৎপন্ন হয়। আমি এনে ফল খালে মুখত বা পেটত এই গেছ উৎপন্ন হৈ উশাহৰ লগত ওলাই আহে। ব্ৰেথ এনালাইজাৰ মেচিনে এই ইথানল গেছ ধৰা পেলাই মদ খোৱাৰ সংকেত দিয়ে। সেইবাবেই এই পৰীক্ষা পজিটিভ আহিব পাৰে।

আপুনি যদি কেৱল ফাৰমেনটেচন কৰা ফল খাইছে, তেন্তে সেই গেছ কেৱল মুখ আৰু পেটত সীমাবদ্ধ হৈ থাকে। এই পদাৰ্থবোৰ তেজৰ লগত মিহলি নহয়, গতিকে তেজৰ এলক’হল পৰীক্ষাত কোনো ধৰণৰ এলক’হল দেখা নাযায়। গতিকে ব্ৰেথ এনালাইজাৰত পজিটিভ আহিলেও তেজৰ পৰীক্ষাৰ পৰা স্পষ্ট হ’ব যে শৰীৰত মদ নাই।

আৰক্ষীক ভয় কৰা উচিত নেকি? ভয় খাব নালাগে, কিন্তু নিশ্চিতভাৱে সাৱধান হোৱা উচিত। যদি আপুনি অতি পকা কঁঠাল, পুৰণি ডিমৰু বা কটা আপেল খাইছে আৰু ব্ৰেথ এনালাইজাৰ পৰীক্ষা কৰিবলগীয়া হৈছে, তেন্তে অলপ অপেক্ষা কৰক বা চিকিৎসকৰ পৰামৰ্শ লওক। কাৰণ ফলৰ বাবে পৰীক্ষাটো পজিটিভ ওলাব পাৰে আৰু অপ্ৰয়োজনীয় অসুবিধাৰ সন্মুখীন হ’ব পাৰে।

নাগ পঞ্চমীৰ দিনটোত এই ৪ টা কাম ভুলতেও নকৰিব...
মানচেষ্টাৰত ইতিহাস ৰচিলে শুভমন গিলে, পাকিস্তানৰ হাতৰ পৰা কাঢ়ি আনিলে এই বৃহৎ অভিলেখ
উপকাৰী গুণেৰে ভৰপূৰ হালধি মিহলি গাখীৰো হ’ব পাৰে ক্ষতিৰ কাৰণ, এইসকল লোক হওক সাৱধান
উচ্চ ৰক্তচাপ তৎক্ষণাত নিয়ন্ত্ৰণ কৰিবলৈ কি কৰিব? উপায় জানক