দেশৰ যুৱক-যুৱতীৰ মাজত বাঢ়িছে দৃষ্টিশক্তি হ্ৰাসৰ ঘটনা! পোহৰলৈ চাঞ্চল্যকৰ তথ্য

এসময়ত বৃদ্ধসকলৰ মাজতে সীমাবদ্ধ বুলি গণ্য কৰা কৰ্ণিয়াল ব্লাইণ্ডনেছ এতিয়া ভাৰতৰ যুৱক-যুৱতীসকলৰ বাবে এক বৃহৎ ভাবুকি হিচাপে আত্মপ্ৰকাশ কৰিছে। শেহতীয়াকৈ পোহৰলৈ আহিছে এই চাঞ্চল্যকৰ তথ্য।

দেশৰ যুৱক-যুৱতীৰ মাজত বাঢ়িছে দৃষ্টিশক্তি হ্ৰাসৰ ঘটনা! পোহৰলৈ চাঞ্চল্যকৰ তথ্য

প্ৰতিনিধিত্বমূলক ছবি

Published: 

05 Aug 2025 07:20 AM

এজন ব্যক্তিৰ বাবে পৃথিৱীৰ আটাইতকৈ সুন্দৰ উপহাৰ চকুযুৰি। চকুক লৈ এইদৰে কিয় কোৱা হয়, সেয়া নতুনকৈ বুজাই দিয়াৰ কোনো প্ৰয়োজনীয়তা নাই পিছে বৰ্তমান সময়ত দেহৰ এই অতি গুৰুত্বপূৰ্ণ অংগটোলৈ নামি আহিছে বিপদ ভাৰতত যুৱক-যুৱতীসকলৰ মাজত ব্যাপক ৰূপত বৃদ্ধি পাইছে চকুৰ দৃষ্টিশক্তি হেৰুৱাৰ ঘটনা শেহতীয়াকৈ পোহৰলৈ আহিছে এই চাঞ্চল্যকৰ তথ্য। এসময়ত বৃদ্ধসকলৰ মাজতে সীমাবদ্ধ বুলি গণ্য কৰা কৰ্ণিয়াল ব্লাইণ্ডনেছ এতিয়া ভাৰতৰ যুৱক-যুৱতীসকলৰ বাবে এক বৃহৎ ভাবুকি হিচাপে আত্মপ্ৰকাশ কৰিছে।

সাম্প্ৰতিক সময়ত যুৱচামৰ মাজত কৰ্ম সংক্ৰান্ততে হওক বা অৱসৰৰ সময় কটোৱাৰ নামতে হওক, বৃদ্ধি পাইছে ইলেকট্ৰনিক গেজেট ব্যৱহাৰৰ সময় এনে স্ক্ৰীণৰ সময় বৃদ্ধিয়ে প্ৰত্যক্ষ প্ৰভাৱ পেলায় চকুত। ইয়াৰ ফল ভোগ কৰিবলগা হৈছে যুৱতীযুৱতীসকলে এই সন্দৰ্ভত শংকা ব্যক্ত কৰিছে বিশেষজ্ঞসকলে

শেহতীয়াকৈ নতুন দিল্লীত অনুষ্ঠিত হোৱা ইণ্ডিয়ান ছ’চাইটি অৱ কৰ্ণিয়া এণ্ড কেৰাটো-ৰিফ্ৰেক্টিভ চাৰ্জনছ (ISCKRS) কনফাৰেঞ্চ ২০২৫ত এই চিন্তনীয় দিশটোৰ ওপৰত আলোকপাত কৰা হৈছিল। এই বৃহৎ সন্মিলনত দেশৰ প্ৰখ্যাত চকু বিশেষজ্ঞসকলে কৰ্ণিয়াল ব্লাইণ্ডনেছ সমস্যাই এতিয়া ভাৰতৰ যুৱক-যুৱতীসকলক দ্ৰুতগতিত প্ৰভাৱিত কৰিছে বুলি সকীয়াই দিছে।

এই ৰোগক পূৰ্বে বৃদ্ধসকলৰ সমস্যা হিচাপে গণ্য কৰা হৈছিল যদিও এতিয়া ৩০ বছৰৰ তলৰ যুৱকযুৱতীসকলৰ ক্ষেত্ৰতো এই সমস্যা দেখা গৈছে বুলি চিকিৎসকসকলে শংকা ব্যক্ত কৰিছে। এই সন্মিলনত চকুৰ বিশেষজ্ঞ ডাঃ ৰাজেশ সিনহাই কয় যে এই সমস্যা প্ৰতি বছৰে ২০ৰ পৰা ২৫ হাজাৰ নতুন ৰোগীৰ ক্ষেত্ৰত পৰিলক্ষিত হৈছে। এয়া অত্যন্ত চিন্তাৰ বিষয় বুলিও তেওঁ দোহাৰে।

কৰ্ণিয়াৰ বাবে দৃষ্টিশক্তি হেৰুৱাৰ বিভিন্ন কাৰণ থাকিব পাৰে। আঘাত, সংক্ৰমণ বা যিকোনো উপাদানৰ বাবে কৰ্ণিয়াৰ ক্ষতি হ’ব পাৰে। বিশেষকৈ গাঁৱে-ভূঞে, কৃষিৰ লগত জড়িত বা কাৰখানাত কাম কৰা সকলৰ বহু যুৱকৰ কৰ্ণিয়াত হোৱা আঘাতৰ তথ্য পোহৰলৈ আহিছে। অজ্ঞানতাৰ বাবে বহুলোকে চিকিৎসকৰ পৰামৰ্শ এৰাই চলাৰ ফলত এই সমস্যা অধিক বৃদ্ধি পায়

এনে পৰিস্থিতিত লাহে লাহে কৰ্ণিয়াৰ অৱনতি ঘটিবলৈ আৰম্ভ কৰে আৰু এটা সময়ত দৃষ্টিশক্তি সম্পূৰ্ণৰূপে হেৰাই যায়। ইয়াৰ লগতে এই সমস্যাৰ আন এক প্ৰধান কাৰণ হ’ল ভিটামিন এৰ অভাৱ এতিয়াও বহু শিশু তথা কিশোৰকিশোৰী প্ৰয়োজনীয় এই ভিটামিনৰ অভাৱত ভুগি আছে ক্ৰমাৎ অধিক সমস্যাৰ কাৰণ হৈ পৰে

ঘৰৰ চোতালত নিতে গচকা দুবৰি বনৰ এনে গুণাৱলীৰ কথা জানেনে? জানিলে আচৰিত হ’ব আপুনি
বৃক্ক সংক্ৰমণৰ এই সাধাৰণ লক্ষণবোৰ একেবাৰে আওকাণ নকৰিব
বহু চেষ্টাৰ পিছতো হাতত ধন নাথাকে নেকি আপোনাৰ? আঁৰত থাকিব পাৰে বাস্তুৰ এই দোষ
নিশা কৰক এই কাম! হাতলৈ আহিব ধন, খোল খাব ভাগ্যৰ দুৱাৰ...