বাৰিষাৰ সময়ত গৰম পানী খোৱাটো শৰীৰৰ বাবে ভাল নে বেয়া? খালে কি হয় জানক…

বাৰিষা বহুতৰে প্ৰিয় বতৰ। বহুতৰে বাবে বৰষুণৰ বতৰটো দুৰ্বিষহ!  ইয়াৰ আঁৰৰ ডাঙৰ কাৰণটো হ’ল বাৰিষাৰ সময়ত বিভিন্ন ধৰণৰ বেমাৰ হয়। এই সময়ত বহুতে পানীৰ খোৱাটো কমাই দিয়ে। তেনে কৰাটো উচিত নে?

বাৰিষাৰ সময়ত গৰম পানী খোৱাটো শৰীৰৰ বাবে ভাল নে বেয়া? খালে কি হয় জানক...

বাৰিষাৰ সময়ত গৰম পানী খোৱাটো শৰীৰৰ বাবে ভাল নে বেয়া?

Published: 

26 Jul 2025 15:41 PM

বাৰিষা বতৰটো বহুতে ভাল পায়। বহুতৰে বাবে বৰষুণৰ বতৰটো দুৰ্বিষহ!  ইয়াৰ আঁৰৰ ডাঙৰ কাৰণটো হ’ল বাৰিষাৰ সময়ত বিভিন্ন ধৰণৰ বেমাৰ হয়। এই  সময়ত জ্বৰ, চৰ্দি, কাহ, ডিঙিৰ বিষ আদি ৰোগ দেখা যায়। এফালে ঠাণ্ডা বতাহ, ডাৱৰ, পাতল বৰষুণে এই সময়ত মনলৈ শান্তি আনে। আনহাতে এই বতৰত স্বাস্থ্যৰ অলপ বেছি যত্ন লোৱাৰ প্ৰয়োজন আহি পৰে। গৰমৰ দিনত বহুতে পানী বেছিকৈ খায়। বহুতে ঠাণ্ডা পানীও খায়। কিন্তু বৰষুণ অহাৰ লগে লগে বহুতে পানী খোৱাৰ পৰিমাণ কমাই দিয়ে। কিছুমানৰ কুহুমীয়া পানী খোৱাৰ অভ্যাসো আছে। যিটো যথেষ্ট ভাল। এইবাৰ প্ৰশ্ন হয়, বাৰিষাৰ সময়তো কুহুমীয়া পানী খালে ভাল নেকি? এই সন্দৰ্ভত কি কয় বিশেষজ্ঞসকলে? জানো আহক

বাৰিষাৰ সময়ত বায়ুমণ্ডলত আৰ্দ্ৰতা বেছি হয়।  যাৰ ফলত বেক্টেৰিয়া, ভাইৰাছ আৰু ভেঁকুৰৰ দ্ৰুত বৃদ্ধি হয়। যাৰ বাবে বাৰিষাৰ সময়ত সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি পায়। এই সময়ছোৱাত চৰ্দি, কাহ, ডিঙিৰ বিষ, পেটৰ বিষ, ডায়েৰিয়া আৰু ভাইৰেল জ্বৰ আদি বিভিন্ন ৰোগ ধৰা পৰে। এনে পৰিস্থিতিত যদি কোনোবাই গৰম পানী খোৱাৰ অভ্যাস ৰাখে, তেন্তে এই ৰোগবোৰ বহু পৰিমাণে পৰিহাৰ কৰিব পাৰি। বিশেষজ্ঞসকলৰ মতে, বাৰিষাৰ সময়ত কুহুমীয়া পানী খোৱাটো যিকোনো ব্যক্তিৰ স্বাস্থ্যৰ বাবে অতি প্ৰয়োজনীয় আৰু উপকাৰী।

দিল্লীৰ এইমছৰ গেষ্ট্ৰ’এণ্টেৰ’লজিষ্ট ডাঃ অনন্যা গুপ্তাই কয় যে বাৰিষাৰ সময়ত গৰম পানী খালে কেৱল হজম শক্তি উন্নত হোৱাই নহয়, ৰোগ প্ৰতিৰোধ ক্ষমতাও শক্তিশালী হয়। গৰম পানী খালে শৰীৰৰ ভিতৰত জমা হোৱা বিষাক্ত পদাৰ্থ আঁতৰোৱাত সহায় কৰে। ই পেট পৰিষ্কাৰ কৰে আৰু গেছ, এচিডিটি আদি সমস্যাৰ পৰা সকাহ দিয়ে। বৰষুণৰ সময়ত প্ৰায়ে পেটৰ সমস্যা হোৱাসকলৰ বাবে গৰম পানী অতি উপকাৰী।

কুহুমীয়া পানী খালে ডিঙি আৰু বুকুত জমা হোৱা শ্লেষ্মা আঁতৰ হয়। যাৰ ফলত উশাহ-নিশাহ সহজ হয়। গৰম পানীয়ে ডিঙিৰ বিষ শান্ত কৰি সংক্ৰমণ ৰোধ কৰিব পাৰে। গৰম পানীয়ে আপোনাৰ ছালৰ বাবে উপকাৰী। গৰম পানী খালে শৰীৰটো সুস্থ কৰি ৰখাই নহয়, মুখখনো উজ্জ্বল কৰি তোলে।

লগতে পঢ়ক: বহি থাকোঁতে টোপনি লাগে নেকি? এই ৫টা সহজ টিপছ অনুসৰণ কৰক…

নাগ পঞ্চমীৰ দিনটোত এই ৪ টা কাম ভুলতেও নকৰিব...
মানচেষ্টাৰত ইতিহাস ৰচিলে শুভমন গিলে, পাকিস্তানৰ হাতৰ পৰা কাঢ়ি আনিলে এই বৃহৎ অভিলেখ
উপকাৰী গুণেৰে ভৰপূৰ হালধি মিহলি গাখীৰো হ’ব পাৰে ক্ষতিৰ কাৰণ, এইসকল লোক হওক সাৱধান
উচ্চ ৰক্তচাপ তৎক্ষণাত নিয়ন্ত্ৰণ কৰিবলৈ কি কৰিব? উপায় জানক