ফ্ৰীজৰ ওপৰত এনে সামগ্ৰী থোৱাৰ পূৰ্বে শতবাৰ চিন্তা কৰক, বিপদৰ পূৰ্বেই এৰক এই অভ্যাস
ফ্ৰীজৰ ওপৰত কিছুমান সামগ্ৰী থোৱাৰ সময়ত আমি সাৱধান হোৱা উচিত। অন্যথা আমাৰ জীৱনলৈ কেতিয়াবা ভয়ানক বিপদ নামি আহিব পাৰে। চাওঁ আহক এই বিষয়ে।

প্ৰতিনিধিত্বমূলক ছবি
সাধাৰণতে আমাৰ অধিকাংশ লোকৰে ফ্ৰীজৰ ওপৰত নানা ধৰণৰ সামগ্ৰী থোৱাৰ অভ্যাস থাকে। প্ৰয়োজনৰ সময়ত হাততে পোৱাকৈ কিছুমান সামগ্ৰী বহুতে ফ্ৰীজৰ ওপৰতে থয়। অথবা কেতিয়াবা আকৌ ফ্ৰীজৰ ওপৰৰ খালী ঠাইখিনি সৰু সৰু মূৰ্তিৰে, কেতিয়াবা কাঁচৰ ফুলদানিৰে, কেতিয়াবা ফটো ফ্ৰেমেৰে সজাই তোলে। পিছে ফ্ৰীজৰ ওপৰত এইদৰে সামগ্ৰী থোৱাৰ সময়ত আমি সাৱধান হোৱা উচিত। অন্যথা আমাৰ জীৱনলৈ কেতিয়াবা ভয়ানক বিপদ নামি আহিব পাৰে। চাওঁ আহক এই বিষয়ে।
ফ্ৰীজৰ ওপৰত কি কি ৰাখিব নালাগে চাওকঃ
১) ফ্ৰীজৰ ওপৰত কেতিয়াও কভাৰ লগাব নালাগে। প্ৰায়সংখ্যক লোকে ধূলিৰ পৰা ৰক্ষা কৰিবলৈ ঘৰতে ফ্ৰীজৰ ওপৰত কভাৰ লগোৱা দেখা যায়। ফ্ৰীজৰ ওপৰত ভেণ্ট বা গ্ৰীল থাকে, যাৰ ফলত ফ্ৰীজৰ কম্প্ৰেছাৰৰ পৰা উৎপন্ন হোৱা তাপ আঁতৰোৱাত সহায় হয়। এই ভেণ্টিলেচন কাপোৰেৰে ঢাকি দিলে বায়ু চলাচল বন্ধ হৈ পৰে। এনে অৱস্থাত ফ্ৰীজটো অতিমাত্ৰা গৰম হ’ব পাৰে।
২) ফ্ৰীজৰ ওপৰত কোনো বৈদ্যুতিক সঁজুলি ৰখা উচিত নহয়। উদাহৰণস্বৰূপে, ফ্ৰীজৰ ওপৰত বৈদ্যুতিক সঁজুলি যেনে কফি মেকাৰ, সৰু হিটাৰ, ব্লেণ্ডাৰ, ৰেডিঅ’ বা টোষ্টাৰ নাৰাখিব। কেৱল সেয়াই নহয়, ফ্ৰীজৰ ওপৰত কোনো ধৰণৰ পোহৰযুক্ত শ্ব’পিচ ৰাখিব নালাগে। ইয়াৰ ফলত শ্বৰ্ট চাৰ্কিটৰ আশংকা থাকে। ইয়াৰ উপৰিও ফ্ৰীজৰ কম্প্ৰেছাৰে তাপ উৎপন্ন কৰিলে এক প্ৰকাৰৰ কম্পন ঘটে। সেই কম্পনে বৈদ্যুতিক সঁজুলিবোৰৰ ক্ষতি কৰিব পাৰে।
৩) ফ্ৰীজৰ ওপৰত ৰুটি, ফলমূল বা আন কোনো খাদ্যৰ পেকেট ৰখাটো উচিত নহয়। ফ্ৰীজৰ ওপৰত ৰাখিলে ফ্ৰীজৰ পৰা অহা গৰমে খাদ্য নষ্ট কৰিব পাৰে।
৪) ফ্ৰীজৰ ওপৰত কেতিয়াও কোনো কাগজ বা কিতাপ নাৰাখিব। এইবোৰ জ্বলনশীল পদাৰ্থ। ফ্ৰীজৰ পৰা নিৰ্গত হোৱা তাপৰ ফলত অগ্নিকাণ্ডৰ দৰে দুৰ্ঘটনা সংঘটিত কৰিব পাৰে।
৫) ঠাই ৰাহি কৰিবলৈ বহুতে ফ্ৰীজৰ ওপৰত ঔষধেৰে ভৰা প্ৰাথমিক চিকিৎসাৰ বাকচ ৰাখে। ইয়াত যি ধৰণৰ ঔষধ নাথাকক কিয়, ফ্ৰীজৰ ওপৰত থাকিলে গৰম আৰু কম্পনৰ বাবে ই অতি সোনকালে নষ্ট হৈ যাব।
৬) ফ্ৰীজৰ ওপৰত প্লাষ্টিকৰ পাত্ৰ ৰাখিলে তাপৰ বাবে গলি যোৱাৰ সম্ভাৱনা থাকে। প্লাষ্টিকত থকা ৰাসায়নিক পদাৰ্থবোৰ অতি সোনকালে গলি যাব। ইয়াৰ লগতে প্লাষ্টিকত থকা ৰাসায়নিক পদাৰ্থ খাদ্যৰ লগত মিহলি হৈ বিপদ বৃদ্ধি কৰে।
৭) পানীৰ বটল বা পানীৰে ভৰা পাত্ৰ, ফলৰ ৰস, বা তৰল খাদ্য থকা যিকোনো পেকেট ফ্ৰীজৰ ওপৰত ৰখাটো একেবাৰেই সঠিক নহয়। এনে ক্ষেত্ৰত বটল বা পানী ভৰ্তি পাত্ৰৰ পৰা পানী পৰি ফ্ৰীজত প্ৰৱেশ কৰি শ্বৰ্ট চাৰ্কিট হোৱাৰ আশংকা থাকে। লগতে ফ্ৰীজৰ ওপৰত ফলৰ ৰসৰ পেকেট বা শীতল পানীয়ৰ বটল ৰাখিলে সেই খাদ্যৰ পুষ্টিকৰ মূল্য সোনকালে নষ্ট হৈ যাব।