গৰমৰ পৰা পৰিত্ৰাণ বিচাৰি নিতৌ খায় নেকি শীতল পানীয়? জানেনে কিমান ভয়াৱহ হ’ব পাৰে পৰিণাম!

গ্ৰীষ্মকালত বহু লোকৰ বাবে শীতল পানীয় একপ্ৰকাৰে দৈনন্দিন সংগী হৈ পৰে। পিছে একেলগে কেইবাদিনো ধৰি শীতল পানীয় সেৱল কৰাৰ প্ৰভাৱ অত্যন্ত ভয়ংকৰ হৈ পৰিব পাৰে। এই অভ্যাসে ক্ৰমান্বয়ে শৰীৰত বিভিন্ন ক্ষতিকাৰক প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰে। জানো আহক এই বিষয়ে।

গৰমৰ পৰা পৰিত্ৰাণ বিচাৰি নিতৌ খায় নেকি শীতল পানীয়? জানেনে কিমান ভয়াৱহ হ’ব পাৰে পৰিণাম!

প্ৰতিনিধিত্বমূলক ছবি

Updated On: 

07 Jul 2025 10:05 AM

ৰাজ্যত এতিয়া গৰমৰ প্ৰকোপ সূৰ্যৰ প্ৰখৰ তাপে বাৰুকৈয়ে দহিছে সকলোকে সাধাৰণতে গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ হওক বা পিয়াহ দূৰ কৰিবলৈ হওক, বহু লোকে শীতল পানীয় খায়। গ্ৰীষ্মকালত বহু লোকৰ বাবে শীতল পানীয় একপ্ৰকাৰে দৈনন্দিন সংগী হৈ পৰে। পিছে একেলগে কেইবাদিনো ধৰি শীতল পানীয় সেৱল কৰাৰ প্ৰভাৱ অত্যন্ত ভয়ংকৰ হৈ পৰিব পাৰে এই অভ্যাসে ক্ৰমান্বয়ে শৰীৰত বিভিন্ন ক্ষতিকাৰক প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰে। চিকিৎসক আৰু পুষ্টিবিদসকলৰ মতে প্ৰতিদিনে শীতল পানীয় সেৱন কৰিলে একাধিক স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে। জানো আহক এই বিষয়ে

১) ওজন বৃদ্ধি আৰু মেদবহুলতাঃ শীতল পানীয়ত প্ৰচুৰ পৰিমাণে চেনি থাকে। এটা সৰু বটলত প্ৰায় ৫-৭ চামুচ চেনি থাকে, যাৰ ফলত দেহে অতিৰিক্ত কেলৰি লাভ কৰে এই কেলৰি শৰীৰত জমা হৈ ওজন বৃদ্ধি আৰু মেদবহুলতাৰ সৃষ্টি কৰে।

২) ডায়েবেটিছৰ আশংকাঃ প্ৰতিদিনে চেনিযুক্ত পানীয় সেৱন কৰিলে শৰীৰত ইনচুলিনৰ কাৰ্যক্ষমতা হ্ৰাস পাব পাৰে। ইয়াৰ ফলত টাইপ-২ ডায়েবেটিছ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।

৩) হাড় ক্ষয় আৰু কেলচিয়ামৰ অভাৱঃ শীতল পানীয়ত থকা ফছফৰিক এচিডে শৰীৰৰ পৰা কেলচিয়াম শোষণ হ্ৰাস কৰে। ফলত হাড়বোৰ দুৰ্বল হৈ পৰে, এনে পৰিস্থিতিত অষ্টিঅ’পৰ’ছিছ হোৱা আৰু হাড় ভাঙি যোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।

৪) দাঁতৰ ক্ষতিঃ এই পানীয়বোৰত থকা এচিড আৰু চেনিয়ে দাঁতৰ ইনামেল ক্ষয় কৰি দাঁতৰ ক্ষতি কৰে বিশেষকৈ শিশু আৰু কিশোৰ-কিশোৰীৰ বাবে শীতল পানীয় অধিক ক্ষতিকাৰক।

৫) যকৃতৰ ক্ষতিঃ অধিক পৰিমাণে ফ্ৰুক্ট’জ সেৱন কৰিলে যকৃতত চৰ্বি জমা হ’ব পাৰে, যাৰ ফলত ফেটি লিভাৰ ৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। প্ৰতিদিনে শীতল পানীয় সেৱন কৰিলে যকৃতৰ কাৰ্যক্ষমতা হ্ৰাস পাব পাৰে।

৬) ডিহাইড্ৰেচনঃ বহুলোকে শীতল পানীয়ক পানীৰ বিকল্প বুলি ভুল ধাৰণা কৰি লয়। কিন্তু শৰীৰত পানীৰ যোগান ধৰাৰ পৰিৱৰ্তে শীতল পানীয়ই ডিহাইড্ৰেচনৰহে সৃষ্টি কৰিব পাৰে পানীলগা হ’ব পাৰে। ইয়াত কেফেইন বা চ’ডা থাকে, যি অতিমাত্ৰা প্ৰস্ৰাৱৰ কাৰণ হৈ পৰিব পাৰে

৭) বৃক্কৰ ক্ষতিঃ নিয়মিতভাৱে ছ’ডা গ্ৰহণ কৰিলে বৃক্কত পাথৰ বা আন সমস্যাৰ সম্ভাৱনা বৃদ্ধি পায়, কাৰণ ইয়াত ফছফৰাছ আৰু যথেষ্ট ছডিয়াম থাকে।

গতিকে শীতল পানীয় খালে লগে লগে ঠাণ্ডা অনুভৱ হ’ব পাৰে যদিও শৰীৰত ইয়াৰ বিভিন্ন ক্ষতিকাৰক প্ৰভাৱ পৰে। শিশু, কিশোৰ-কিশোৰী আৰু ডায়েবেটিছ ৰোগীয়ে শীতল পানীয় গ্ৰহণৰ পৰা সম্পূৰ্ণৰূপে বিৰত থাকিব লাগে। বিকল্প হিচাপে নেমুৰ চৰবত, নাৰিকলৰ পানী, ফলৰ ৰস আদি খোৱা উচিত, এই পানীয়সমূহৰ অধিক স্বাস্থ্য উপকাৰী গুণ থাকে।

জিংকৰ অভাৱ হ'লে শৰীৰত কি কি লক্ষণে দেখা দিয়ে? জানক...
ডায়েবেটিছ ৰোগীয়ে আম খাব পাৰে নে? চাওঁ আহক আমি সততে নজনা কিছু কথা
খালী পেটত গ্ৰীণ টী খোৱাটো ক্ষতিকাৰক নেকি? পাৰ্শ্বক্ৰিয়া আৰু সেৱন কৰাৰ উত্তম সময় জানক
বৃক্ক বিকল হোৱাৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি? এই লক্ষণসমূহক আওকাণ কৰিলে বিপদত পৰিব পাৰে...