যুৱতীৰ ভয়ংকৰ কাণ্ড! প্ৰথমে কিশোৰৰ সৈতে শাৰীৰিক সম্পৰ্ক, তাৰ পিছত ১২ লাখ টকা দাবী…

যুৱকজনে আৰক্ষীক জনোৱা মতে, তেওঁ অভিযুক্ত যুৱতীগৰাকীক তিনি বছৰ আগতে ছ’চিয়েল মিডিয়াত লগ পাইছিল। তেতিয়া তেওঁৰ বয়স ১৬ বছৰ আছিল। দুয়ো কথা পাতিবলৈ ধৰিলে। তাৰ পিছত এদিন যুৱতীগৰাকীয়ে গোৰখপুৰৰ গিদাৰ হোটেল এখনত লগ কৰিবলৈ ফোন কৰি হোটেলৰ এটা কোঠালৈ লৈ গ’ল। 

যুৱতীৰ ভয়ংকৰ কাণ্ড! প্ৰথমে কিশোৰৰ সৈতে শাৰীৰিক সম্পৰ্ক, তাৰ পিছত ১২ লাখ টকা দাবী...

আৰক্ষী

Updated On: 

15 Sep 2025 14:15 PM

উত্তৰ প্ৰদেশৰ গোৰখপুৰত এগৰাকীয়ে যুৱতীয়ে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড। যি কথা জনাৰ পিছত আপোনাৰো চকু কপাল উঠিব। ঘটনা অনুসৰি যুৱতীগৰাকীয়ে এজন ১৬ বছৰীয়া কিশোৰক শাৰীৰিকভাৱে শোষণ কৰাৰ পিছত ধৰ্ষণৰ গোচৰত জড়িত কৰাৰ ভাবুকি দিয়ে। যুৱতীগৰাকীয়ে কিশোৰজনক ধৰ্ষণৰ গোচৰত জড়িত কৰাৰ ভাবুকি দি ১২ লাখ টকা দাবী কৰাৰ অভিযোগ উত্থাপিত হৈছে। ল’ৰাজনে অস্বীকাৰ কৰাত যুৱতীগৰাকীয়ে ধৰ্ষণৰ গোচৰ ৰুজু কৰিবলৈ সাহাজানৱা থানাত উপস্থিত হয় যদিও ল’ৰাজন নাবালক হোৱাৰ বাবে গোচৰ ৰুজু কৰিব পৰা নাছিল। এতিয়া আৰক্ষীয়ে যুৱতীগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।

যুৱকজনে আৰক্ষীক জনোৱা মতে, তেওঁ অভিযুক্ত যুৱতীগৰাকীক তিনি বছৰ আগতে ছ’চিয়েল মিডিয়াত লগ পাইছিল। তেতিয়া তেওঁৰ বয়স ১৬ বছৰ আছিল। দুয়ো কথা পাতিবলৈ ধৰিলে। তাৰ পিছত এদিন যুৱতীগৰাকীয়ে গোৰখপুৰৰ গিদাৰ হোটেল এখনত লগ কৰিবলৈ ফোন কৰি হোটেলৰ এটা কোঠালৈ লৈ গ’ল।  কোঠালৈ লৈ গৈ তেওঁৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছিল আৰু ধৰ্ষণৰ গোচৰত জড়িত কৰাৰ ভাবুকি দিছিল।

যুৱকজনে ক’লে যে ইয়াৰ পিছত তেওঁ  যুৱতীগৰাকীক হোটেলৰ খৰচো দিছিল। ইয়াৰ পিছত যুৱতীগৰাকীয়ে তেওঁক বহুবাৰ বিভিন্ন হোটেললৈ মাতি আনি শাৰীৰিক শোষণ কৰে। এই সময়ছোৱাত তেওঁ কিশোৰজনৰ পৰা টকা লৈ আছিল। যেতিয়াই তেওঁ হোটেললৈ আহিবলৈ অস্বীকাৰ কৰিছিল তেতিয়াই ধৰ্ষণৰ গোচৰত জড়িত কৰাৰ ভাবুকি দিবলৈ আৰম্ভ কৰিছিল। তাৰ পিছত যুৱতীগৰাকীয়ে ১২ লাখ টকা দাবী কৰিবলৈ ধৰিলে। ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকক ক’ব বিচাৰিছিল যদিও তাৰ আগতেই যুৱতীগৰাকীয়ে কিশোৰজনৰ ঘৰ আহি উপস্থিত হ’ল।

তাৰ পিছত যুৱকজনৰ পিতৃৰ পৰা ১২ লাখ টকা দাবী কৰে যুৱতীগৰাকীয়ে। ইয়াৰ পিছত যুৱকজনৰ পিতৃয়ে এছ এছ পিৰ কাৰ্যালয়লৈ গৈ নাবালক পুত্ৰক ফান্দত পেলোৱাৰ গোটেই কাহিনী বুজাই এখন এপ্লিকেচন দিলে। বিষয়টোৰ তদন্ত হৈছিল যদিও কোনো গোচৰ ৰুজু হোৱা নাছিল। তাৰ পিছত পিতৃয়ে আদালতত আবেদন দাখিল কৰে, তাৰ পিছত অভিযোগ আদালতৰ নিৰ্দেশত গিদা থানাত গোচৰ ৰুজু কৰা হয়।

মঙলবাৰে হনুমানক অৰ্পণ কৰক এই ৪ বিধ বস্তু, লাভ কৰিব বিশেষ কৃপা!
ৰ’দৰ পৰা ভিতৰলৈ আহি এনে কাম কৰা মানেই হ’ব পাৰে বিঘিনি, এতিয়াই জানি ল’লে পাব পৰিত্ৰাণ
প্ৰস্ৰাৱত ফেন, তেজ, দুৰ্গন্ধ...আওকাণ নকৰিব এই লক্ষণ, কি ৰোগ?
আপোনাৰ ৰক্তচাপ নিয়ন্ত্ৰণৰ যুঁজত সাৰথি হৈ পৰিব এই ৫ বিধ খাদ্য, লাভ কৰিব অনন্য উপকাৰিতা