ভাৰতৰ কোনখন ৰাজ্যই সৰ্বাধিক মদ্যপান কৰে? অসমৰ ৰেংকে আপোনাক আচৰিত কৰিব !

দেশৰ কোন ৰাজ্যৰ লোকে অতি বেছি মদ্যপান কৰে? আপোনাৰ মনত এই প্ৰশ্নও উত্থাপন হৈছে যে, মদ্যপান কৰাৰ ক্ষেত্ৰত দেশৰ ভিতৰতে অসমৰ স্থান কিমান ? জানক

ভাৰতৰ কোনখন ৰাজ্যই সৰ্বাধিক মদ্যপান কৰে? অসমৰ ৰেংকে আপোনাক আচৰিত কৰিব !

প্ৰতীকী ফটো

Updated On: 

04 Aug 2025 22:56 PM

বৰ্তমান সময়ত প্ৰায় সংখ্যক লোকে মদ্যপান কৰে। দেশৰ এক বৃহৎ অংশ এতিয়া সুৰা আসক্ত। কিন্তু আপুনি জানেনে দেশৰ কোন ৰাজ্যৰ লোকে অতি বেছি মদ্যপান কৰে? আপোনাৰ মনত এই প্ৰশ্নও উত্থাপন হৈছে যে, মদ্যপান কৰাৰ ক্ষেত্ৰত দেশৰ ভিতৰতে অসমৰ স্থান কিমান ? জানক আমাৰ ৰাজ্যৰ কিমান শতাংশ লোকে মদ্যপান কৰে ?

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ অধীনস্থ ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা অনুসৰি, দেশৰ ২২.৪ শতাংশ পুৰুষে মদ্যপান কৰে। ইফালে, ICRIER ৰ তথ্য অনুসৰি, দিল্লী বা মুম্বাই নহয়, মদ্যপান কৰাৰ ক্ষেত্ৰত দেশৰ ভিতৰতে প্ৰথম স্থানত আছে অৰুণাচল প্ৰদেশ। ৰাজ্যখনৰ ৫৬.৬ শতাংশ নাগৰিকে সুৰাপান কৰে।

দ্বিতীয় স্থানত আছে তেলেংগানা, য’ত ৫০ শতাংশ নাগৰিকে মদ্যপান কৰে। তৃতীয় স্থানত আছে ঝাৰখণ্ড, য’ত ৪০.৪ শতাংশ লোকে মদ্যপান কৰে । ইয়াৰ পিছতে আছে ওড়িশা, য’ত ৩৮.৪ শতাংশ নাগৰিকে মদ্যপান কৰে।

ছিকিমত ৩৬.৩ শতাংশ নাগৰিকে সুৰাপান কৰে। ছত্তীশগড়ত ৩৫.৯ শতাংশ লোকে সুৰাপান কৰে। তামিলনাডু আৰু উত্তৰাখণ্ডত ৩২ শতাংশ লোকে মদ খায়। অন্ধ্ৰ প্ৰদেশত ৩১.২ শতাংশ লোকে সুৰাপান কৰে। পঞ্জাৱত ২৭.৫ শতাংশ আৰু অসমত ২৬.৫ শতাংশ লোকে সুৰাপান কৰে। পশ্চিম বংগত ২৫.৭ শতাংশ লোকে সুৰাপান কৰে।

বাণিজ্যিক চহৰ মুম্বাইত সুৰাপান কৰা লোকৰ হাৰ ২৮.১ শতাংশ। লক্ষ্ণৌত এই সংখ্যা ২৭.৯ শতাংশ। বাংগালুৰুত মদ্যপান কৰা লোকৰ সংখ্যা ২৭.৩ শতাংশ। পুনেত ২৬.২ শতাংশ লোকে মদ্যপান কৰে । ভুৱনেশ্বৰৰ ২৪.৯ শতাংশ লোকে সুৰাপান কৰে।

ধনী হোৱাত বাধা দিয়ে এই ৪ অভ্যাসে! বাস্তু শাস্ত্ৰত আছে সবিশেষ...
কোনবোৰ খাদ্যত সৰ্বাধিক প্ৰটিন থাকে? চিকিৎসকৰ পৰা জানক...
১০০ বছৰ পাছত বিৰল সংযোগ! এইবাৰ ৰাখীবন্ধনত কপাল ফুলিব ৩ ৰাশিৰ লোকৰ...
বাৰিষা কিমান উষ্ণতাত ৰাখিব লাগে ফ্ৰীজ? সঠিককৈ নাজানে যদি এতিয়াই চাওক