২০ ছেকেণ্ডত সকলো ধ্বংস, উত্তৰকাশীৰ ধৰালীত ডাৱৰ বিস্ফোৰণ, ৬০ জন লোক নিৰুদ্দেশ…

উত্তৰাখণ্ডত ডাৱৰ বিস্ফোৰণৰ ফলত ভয়ংকৰ পৰিস্থিতি। উত্তৰাখণ্ডৰ উত্তৰকাশীত হৈছে এই ডাৱৰ বিস্ফোৰণ। ইয়াৰ ফলত বৃহৎ ক্ষতি হোৱাৰ আশংকা কৰা হৈছে।

২০ ছেকেণ্ডত সকলো ধ্বংস, উত্তৰকাশীৰ ধৰালীত ডাৱৰ বিস্ফোৰণ, ৬০ জন লোক নিৰুদ্দেশ...

উত্তৰাখণ্ডত ডাৱৰ বিস্ফোৰণ

Updated On: 

05 Aug 2025 16:22 PM

ডাৱৰ বিস্ফোৰণৰ ফলত ভয়াৱহ পৰিস্থিতি সৃষ্টি হৈছে উত্তৰাখণ্ডৰ উত্তৰকাশীত। এই ডাৱৰ বিস্ফোৰণৰ এটা ভিডিঅ’ই সকলোকে আতংকিত কৰি তুলিছে। হৰ্শিলৰ ধৰালীত ডাৱৰ বিস্ফোৰণৰ ফলত ভয়াৱহ পৰিস্থিতি সৃষ্টি হয়। এই ঘটনাত ১২ জন লোক ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ পৰাৰ খবৰ লাভ কৰা গৈছে। একে সময়তে ৬০ জন লোক নিৰুদ্দেশ হোৱাৰ খবৰো লাভ কৰা গৈছে।

এই ডাৱৰ বিস্ফোৰণৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে। ইয়াত দেখা যায় যে, কেনেকৈ মাত্ৰ ২০ ছেকেণ্ডৰ ভিতৰতে এটা অঞ্চলত ভয়াৱহ দুৰ্যোগৰ সন্মুখীন হৈছে। ভিডিঅ’টোত দেখা গৈছে, স্থানীয় লোকৰ মাজত হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে। আতংকিত হৈ পৰিছে লোকসকল।

জানিব পৰা মতে, ডাৱৰ বিস্ফোৰণৰ ফলত খিৰগাদৰ জলপৃষ্ঠ বৃদ্ধি হোৱাৰ লগতে গধুৰ ধ্বংসাৱশেষো দ্ৰুতগতিত উটি আছে। ধৰালী খিৰগাড চহৰখনৰ বহু ঘৰৰ ক্ষতিসাধন হোৱা খবৰ লাভ কৰা গৈছে। তথ্য অনুসৰি, বহু হোটেলত পানী প্ৰৱেশ কৰিছে। বানৰ লগতে ঘৰ-দুৱাৰ, দোকান-পোহাৰতো সোমাইছে ধ্বংসাৱশেষ। কোৱা হৈছে যে, জলপৃষ্ঠ বৃদ্ধিৰ বাবে ধৰালী বজাৰ এলেকাও যথেষ্ট লোকচানৰ সন্মুখীন হৈছে।

তথ্য লাভ কৰাৰ লগে লগে সাহায্য আৰু উদ্ধাৰকাৰী দল সেই স্থানলৈ ৰাওনা হৈছে । উত্তৰকাশী জিলা দণ্ডাধীশ প্ৰশান্ত আৰ্য্যই জনোৱা মতে, হৰ্শিলৰ সমীপৰ ধৰালীত এক বৃহৎ ডাৱৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে। সেই স্থানলৈ ৰাওনা হৈছে উদ্ধাৰকাৰী দল।

উত্তৰকাশী আৰক্ষীয়ে এই ঘটনাৰ তথ্য ছ’চিয়েল মিডিয়া এক্সত শ্বেয়াৰ কৰি লিখিছে- হৰ্শিল অঞ্চলৰ খিৰগাদৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলত ধৰালীত হোৱা দুৰ্যোগৰ পৰিপ্ৰেক্ষিতত আৰক্ষী, এছ ডি আৰ এফ আৰু সেনাৰ দলে সাহায্য আৰু উদ্ধাৰৰ কামত নিয়োজিত হৈছে। সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি সকলোৱে নদীৰ পৰা দূৰত্ব বজাই ৰাখিবলৈ আহ্বান জনাইছে আৰক্ষীয়ে।

এই ঘটনাক লৈ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়েও শোক প্ৰকাশ কৰিছে। ছচিয়েল মিডিয়া প্লেটফৰ্ম এক্সত তেওঁ লিখিছে- ধৰালী (উত্তৰকাশী) অঞ্চলত ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা প্ৰচণ্ড ক্ষতিৰ খবৰটো অতি দুখজনক আৰু বেদনাদায়ক। এছডিআৰএফ, এনডিআৰএফ, জিলা প্ৰশাসন আৰু অন্যান্য আনুষংগিক দলসমূহে সাহায্য আৰু উদ্ধাৰ অভিযানৰ বাবে নিয়োজিত হৈছে। এই সন্দৰ্ভত জ্যেষ্ঠ বিষয়াসকলৰ সৈতে যোগাযোগত থকাৰ লগতে পৰিস্থিতিৰ ওপৰত নজৰ ৰখাৰ কথাও সদৰী কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।

ধনী হোৱাত বাধা দিয়ে এই ৪ অভ্যাসে! বাস্তু শাস্ত্ৰত আছে সবিশেষ...
কোনবোৰ খাদ্যত সৰ্বাধিক প্ৰটিন থাকে? চিকিৎসকৰ পৰা জানক...
১০০ বছৰ পাছত বিৰল সংযোগ! এইবাৰ ৰাখীবন্ধনত কপাল ফুলিব ৩ ৰাশিৰ লোকৰ...
বাৰিষা কিমান উষ্ণতাত ৰাখিব লাগে ফ্ৰীজ? সঠিককৈ নাজানে যদি এতিয়াই চাওক