Pahalgam Attack: কেন্দ্ৰীয় গৃহ সচিবৰ অধ্যক্ষতাত অনুষ্ঠিত উচ্চ পৰ্যায়ৰ নিৰাপত্তা বৈঠক

কেন্দ্ৰীয় গৃহ সচিবৰ অধ্যক্ষতাত অনুষ্ঠিত হয় উচ্চ পৰ্যায়ৰ নিৰাপত্তা বৈঠক । এই বৈঠকত তিনিটা অৰ্ধসামৰিক বাহিনীৰ মুৰব্বী আৰু আন দুটা নিৰাপত্তা সংস্থাৰ জ্যেষ্ঠ বিষয়াসকলে অংশগ্ৰহণ কৰে ।

Pahalgam Attack: কেন্দ্ৰীয় গৃহ সচিবৰ অধ্যক্ষতাত অনুষ্ঠিত উচ্চ পৰ্যায়ৰ নিৰাপত্তা বৈঠক

Ministry Of Home Affairs

Published: 

29 Apr 2025 20:07 PM

মঙলবাৰে কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহনৰ অধ্যক্ষতাত অনুষ্ঠিত হয় এক উচ্চ পৰ্যায়ৰ নিৰাপত্তা বৈঠক । এই বৈঠকত তিনিটা অৰ্ধসামৰিক বাহিনীৰ মুৰব্বী আৰু আন দুটা নিৰাপত্তা সংস্থাৰ জ্যেষ্ঠ বিষয়াসকলে অংশগ্ৰহণ কৰে । সূত্ৰৰ মতে, পহলগামৰ সন্ত্ৰাসবাদীৰ আক্ৰমণকলৈ সৃষ্টি হোৱা উত্তেজনাৰ মাজতে অনুষ্ঠিত হয় এই বৈঠক ।

উল্লেখ্য যে,জম্মু-কাশ্মীৰৰ পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণত পৰ্যটকসহ প্ৰায় ২৬ জন লোক নিহত হয় । এই বৈঠকত সীমান্ত সুৰক্ষা বাহিনীৰ সঞ্চালক প্ৰধান (ডিজি) দলজিৎ সিং চৌধৰী, ৰাষ্ট্ৰীয় নিৰাপত্তাৰক্ষীৰ ডিজি ব্রিঘু শ্ৰীনিবাসন আৰু অসম ৰাইফলছৰ ডিজি লেফটেনেণ্ট জেনেৰেল বিকাশ লাখেৰা উপস্থিত থাকে। বৈঠকত এছএছবিৰ অতিৰিক্ত সঞ্চালক প্ৰধান অনুপমা নীলেকাৰ চন্দ্ৰও উপস্থিত থাকে।

বৈঠকত কি কি আলোচনা হয় সেই কথা এতিয়াও জানিব পৰা হোৱা নাই । উল্লেখ্য যে,বি এছ এফে পাকিস্তান আৰু বাংলাদেশৰ সৈতে ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত পহৰা দিয়ে, এছ এছ বিয়ে নেপাল আৰু ভূটানৰ সীমান্ত সুৰক্ষিত কৰে, আছাম ৰাইফলছ ম্যানমাৰৰ সীমান্ত সুৰক্ষা সৈতে জড়িত আৰু এন এছ জি হৈছে সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ বিশেষ কমাণ্ডো বাহিনী।

২২ এপ্ৰিলৰ পহলগাম আক্ৰমণৰ পিছত নিৰাপত্তা সম্পৰ্কীয় কেবিনেট কমিটীয়ে ১৯৬০ চনৰ সিন্ধু জল সন্ধি তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ স্থগিত ৰখাৰ সিদ্ধান্ত লয় । একেদৰে ভিজা বাতিলৰ সিদ্ধান্ত লয় ভাৰতে ।

Types of Condoms: কনডম কেইপ্ৰকাৰৰ আপুনি জানেনে? সুস্থ যৌন স্বাস্থ্যৰ বাবে কোনটো বেছি উপকাৰী?
আজি অক্ষয় তৃতীয়া, এই দিনটোৰ মহত্বৰ বিষয়ে জানো আহক
গ্ৰীষ্মকালত হৃদৰোগীযে কিদৰে নিজক যত্ন ল'ব? সবিশেষ জানক
নিজৰ নামক লৈ কিয় বিতুষ্ট হৈছিল ইৰফান খান! মাত্ৰ এটা শব্দ আঁতৰায়েই হৈ পৰিল দৰ্শকৰ নয়নৰ মণি