J-K: কুলগামত এনকাউণ্টাৰ, নিৰাপত্তা বাহিনীৰ গুলীত নিহত ১ জন সন্ত্ৰাসবাদী
শুকুৰবাৰৰ পৰা কুলগাম জিলাত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ আৰম্ভ হয়। আজি নিৰাপত্তা বাহিনীয়ে এই সংঘৰ্ষত সফলতা অৰ্জন কৰে। এই অভিযানত ১ জন সন্ত্ৰাসবাদী নিহত হয়।

কুলগামত এনকাউণ্টাৰ
জম্মু-কাশ্মীৰৰ কুলগামত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত চলি আছে সংঘৰ্ষ। এই অভিযানত নিৰাপত্তা বাহিনীয়ে এজন সন্ত্ৰাসবাদীক হত্যা কৰে। শুকুৰবাৰৰ পৰা কুলগাম জিলাত আৰম্ভ হৈছে এই সংঘৰ্ষ, আৰক্ষীয়ে প্ৰদান কৰে এই তথ্য। দক্ষিণ কাশ্মীৰৰ আখল জিলাৰ বনাঞ্চলত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ খবৰ পোৱাৰ পিছতে নিৰাপত্তা বাহিনীয়ে অঞ্চলটো ঘেৰাও কৰি তালাচী অভিযান আৰম্ভ কৰে।
তথ্যনুসৰি, লুকাই থকা সন্ত্ৰাসবাদীয়ে নিৰাপত্তা বাহিনীক গুলীচালনা কৰাৰ পিছত এই অভিযান এনকাউণ্টাৰলৈ ৰূপান্তৰিত হয়। বিষয়াসকলৰ পৰা পোৱা খবৰ অনুসৰি, নিৰাপত্তা বান্ধোন শক্তিশালী কৰাৰ লগতে অতিৰিক্ত নিৰাপত্তা বাহিনী অঞ্চলটোলৈ প্ৰেৰণ কৰা হৈছে।
২ দিন পূৰ্বে পুঞ্চত এনকাউণ্টাৰ
ইয়াৰ পূৰ্বে ৩০ জুলাইত জম্মু-কাশ্মীৰৰ পুঞ্চত সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশৰ চেষ্টা বিফল হৈছিল। গুৰুতৰভাৱে অস্ত্ৰধাৰী দুজন সন্ত্ৰাসবাদীক সেনা জোৱানে হত্যা কৰে। এই তথ্য পোৱা গৈছে বিষয়াসকলৰ পৰা। তেোঁলোকে জনোৱা মতে, এই এনকাউণ্টাৰত নিহত এই দুজন সন্ত্ৰাসবাদী পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ সদস্য বুলি অনুমান কৰা হৈছে।
এই এনকাউণ্টাৰৰ দুদিন পূৰ্বে নিৰাপত্তা বাহিনীয়ে শ্ৰীনগৰৰ এখন বনাঞ্চলত পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ লগত জড়িত তিনিজন সন্ত্ৰাসবাদীক হত্যা কৰিছিল। বুধবাৰে শিৱশক্তি নামেৰে চলোৱা অভিযানত পাকিস্তানৰ পৃষ্ঠপোষকতাত থকা সন্ত্ৰাসবাদী সংগঠনৰ পৰিকল্পনাত ডাঙৰ আঘাত বুলি সেনাই কয়। সেনাৰ তথ্য অনুসৰি জম্মু-কাশ্মীৰত এই সংগঠনসমূহে অহৰহ সন্ত্ৰাসবাদী কাৰ্যকলাপৰ প্ৰচাৰ চলাই আছে।
প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে, ভাৰতীয় সেনাৰ জোৱানসকলে ৩০ জুলাইৰ পুৱতি নিশা পুঞ্চ ছেক্টৰত অপাৰেচন শিৱশক্তি আৰম্ভ কৰে। জম্মু-কাশ্মীৰ আৰক্ষীৰ সহযোগত সামৰিক আৰু অসামৰিক চোৰাংচোৱা ইউনিটসমূহে অঞ্চলটোত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ বিষয়ে লাভ কৰা বিশ্বাসযোগ্য চোৰাংচোৱাৰ ভিত্তিত এই অভিযান চলোৱা হৈছিল। তেওঁ কয় যে, তথ্যৰ ওপৰত তৎকালীনভাৱে কাম কৰি নিৰাপত্তা বাহিনীয়ে সম্ভাৱ্য অনুপ্ৰৱেশ পথত সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰে। নিয়ন্ত্ৰণ ৰেখাত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত হোৱা তীব্ৰ সংঘৰ্ষত দুজন সন্ত্ৰাসবাদী নিহত হোৱাৰ লগতে বৃহৎ পৰিমাণৰ যুদ্ধ সামগ্ৰী উদ্ধাৰ কৰা হয়।