পুৰীত অভূতপূৰ্ব ঘটনা! যাত্ৰাৰ মাজতেই থমকিল জগন্নাথ মহাপ্ৰভুৰ ৰথৰ চকা, এয়া কিহৰ সংকেত?

পুৰীৰ জগন্নাথ ৰথ যাত্ৰাত কালি দেখিবলৈ পোৱা গ’ল এক অভূতপূৰ্ব ঘটনা। সূত্ৰ মতে, ৰাতি নন্দিঘোষ মন্দিৰৰ পৰা ওলাই যাব পৰা নাছিল মূল ৰথখন। এই ঘটনাক লৈ ভক্তসকলৰ মাজত কিছু উৎকণ্ঠাৰ সৃষ্টি হয়। এনে ঘটনাই কোনো বিপদৰ আগজাননী দিব পাৰে বুলিও বহুলোকে সম্ভাৱনা প্ৰকাশ কৰিছে।

পুৰীত অভূতপূৰ্ব ঘটনা! যাত্ৰাৰ মাজতেই থমকিল জগন্নাথ মহাপ্ৰভুৰ ৰথৰ চকা, এয়া কিহৰ সংকেত?

জগন্নাথ ৰথযাত্ৰা

Published: 

28 Jun 2025 11:17 AM

শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে জগন্নাথ ৰথ যাত্ৰা। সেই উদ্দেশ্যে পুৰীত সমবেত হৈছে অলেখ ভক্ত। ব্যাপক হাৰত ভক্তৰ সমাৱেশ ঘটাৰ ফলত ৰথ যাত্ৰাৰ সময়ত কিছু বিক্ষিপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ভক্তৰ সমাগমৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ ফলত কেইবাজনো লোক আহত হৈছে। আহত লোকসকলক তাৎক্ষণিকভাৱে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ইফালে জগন্নাথৰ ‘পাহাড়ি’ অনুষ্ঠানৰ সময়ত গজপতি দিব্যসংঘদেৱৰ ৰাজপ্ৰসাদৰ সমীপত বৃহৎ সংখ্যক লোক সমবেত হয়। জনসমাগম পৰিচালনা কৰিবলৈ প্ৰশাসনে যথেষ্ট প্ৰচেষ্টা চলাবলগা হয়। এনে পৰিস্থিতিত ভক্তসকলৰ মাজত এক বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হয়।

এই ঘটনাত ৭০ জনৰো অধিক ভক্ত আহত হয় বুলি জানিব পৰা গৈছে। আহতসকলক উদ্ধাৰ কৰি পুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয়। চিডিএমঅ’ৰ সূত্ৰ অনুসৰি আটাইকেইজন আহতক উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে। ইফালে এই ঘটনাৰ সমান্তৰালকৈ পুৰীৰ জগন্নাথ ৰথ যাত্ৰাত কালি দেখিবলৈ পোৱা গ’ল এক অভূতপূৰ্ব ঘটনা। সূত্ৰ মতে, ৰাতি নন্দিঘোষ মন্দিৰৰ পৰা ওলাই যাব পৰা নাছিল মূল ৰথখন।

বলৰাম আৰু সুভদ্ৰাৰ ৰথ অলপ আগবাঢ়ি গ’লেও নন্দিঘোষ ৰথ বা জগন্নাথ দেৱৰ ৰথ মূল মন্দিৰৰ পৰা ওলাই যাব পৰা নাছিল। এই ঘটনাক লৈ ভক্তসকলৰ মাজত কিছু উৎকণ্ঠাৰ সৃষ্টি হয়। অৱশ্যে পুৰীৰ মন্দিৰ কৰ্তৃপক্ষই দাবী কৰিছে যে বৃহৎ জনসমাগমৰ বাবে তেওঁলোকে ৰথত ৰছীডাল বান্ধিব পৰা নাছিল। সাধাৰণতে সূৰ্যাস্তৰ পিছত ৰথৰ চকা লৰচৰ নকৰে বাবে এনে হোৱা বুলি মন্দিৰ কৰ্তৃপক্ষই উল্লেখ কৰে।

সন্ধিয়া ৫.৪৫ বজাত সূৰ্য অস্ত গ’লেও সুভদ্ৰা আৰু বলৰামৰ ৰথ চলোৱা হয়। অৱশ্যে জগন্নাথৰ মূল ৰথ স্থবিৰ হৈ থাকে। এই খবৰ পোহৰলৈ অহাৰ পিছত ভক্তসকলৰ মাজত কিছু আতংকৰো সৃষ্টি হোৱা দেখা গৈছে। এনে ঘটনাই কোনো বিপদৰ আগজাননী দিব পাৰে বুলিও বহুলোকে সম্ভাৱনা প্ৰকাশ কৰিছে। একাংশ ভক্তই এই শংকা প্ৰকাশৰ আঁৰত পূৰ্বৰ এক ঘটনাৰো উদাহৰণ দিয়া পৰিলক্ষিত হৈছে।

যোৱা এপ্ৰিল মাহত জগন্নাথ মন্দিৰৰ ওপৰত থকা পতাকা এটা চৰায়ে নখেৰে খামুচি উৰি যোৱাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছিল। এই দৃশ্য পোহৰলৈ অহাৰ পিছতে বহু ভক্তই এনে ঘটনাই ভৱিষ্যতৰ কোনো বিপদৰ সংকেত দিয়া বুলি বাখ্যা কৰিছিল। লক্ষণীয়ভাৱে ইয়াৰ কিছুদিনৰ পিছত জম্মু-কাশ্মীৰৰ পহলগামত সন্ত্ৰাসবাদীয়ে চলাইছিল ভয়ংকৰ আক্ৰমণ। এই আক্ৰমণত প্ৰাণ হেৰুৱাইছিল ২৬ জন লোকে।

পহলগামৰ এই নৃশংস ঘটনাৰ পিছতে ভাৰতে অপাৰেচন সেন্দূৰৰ জৰিয়তে পাকিস্তানৰ বহু সন্ত্ৰাসবাদী ঘাটি ধ্বংস কৰিছিল। ইয়াৰ পিছতে ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধসদৃশ পৰিস্থিতিৰো উদ্ভৱ হৈছিল। ইফালে যোৱা ১২ জুনত সংঘটিত হয় সমগ্ৰ দেশক শোকস্তব্ধ কৰি তোলা আহমেদাবাদৰ ভয়ংকৰ বিমান দুৰ্ঘটনা। এই বিমান দুৰ্ঘটনাত বিমানৰ ২৪১ জন লোকৰ লগতে দুৰ্ঘটনাগ্ৰস্ত বিমানখন বাগৰি পৰা এক চিকিৎসক আৱাসৰো বহুকেইজনৰ আৱাসীৰ মৃত্যু হৈছিল।

আহমেদাবাদ আৰু পহলগামত সংঘটিত এই শোকাৱহ ঘটনাৰ শোক এতিয়াও পাহৰিব পৰা নাই দেশবাসীয়ে। বহু লোকে এই ঘটনাসমূহৰ সৈতে জগন্নাথ মন্দিৰৰ পতাকা চৰায়ে উৰুৱাই নিয়া ঘটনাৰ সংযোগ দেখুওৱা পৰিলক্ষিত হৈছিল। এতিয়া জগন্নাথৰ মূল ৰথ থমকি ৰোৱাৰ পিছত বহু লোকৰ মনত এনে অনুৰূপ শংকাৰ উদয় হোৱা দেখিবলৈ পোৱা গৈছে। অৱশ্যে এই শংকা কিমানদূৰ গ্ৰহণযোগ্য, সেয়া সময়েহে ক’ব।

বাৰে বাৰে আপোনাৰ শৰীৰটো ভাগৰুৱা যেন লাগে নেকি? এয়া কি ৰোগৰ লক্ষণ জানক
কিনা পানীৰ বটলৰ সাঁফৰৰ ৰং কিয় বেলেগ বেলেগ হয় জানেনে?
গোৰোহাৰ বিষ বা ফুলাটো কি ৰোগৰ লক্ষণ? সবিশেষ জানক
আহিব নতুন ভাইৰাছ, দ্ৰুতগতিত বৃদ্ধ হ'ব মানুহ! বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী