জনচক্ষুৰ পৰা আঁতৰত, চিনি নাপাই সেনাই! চীন সীমান্তত পহৰা দি থকা এই বিশেষ বাহিনীটোৰ বিষয়ে জানেনে?

কেৱল দেশেই নহয়, সমগ্ৰ বিশ্বই জানে ভাৰতীয় সেনাৰ বীৰত্বৰ কথা। কিন্তু দেশত এনে এক সেনা বাহিনী আছে যিয়ে সকলোৰে পৰা আঁতৰত থাকি দেশক নিৰাপত্তা দি আহিছে। এই বাহিনীৰ সদস্যক আনকি ভাৰতীয় সেনাইও চিনি নাপায়।

জনচক্ষুৰ পৰা আঁতৰত, চিনি নাপাই সেনাই! চীন সীমান্তত পহৰা দি থকা এই বিশেষ বাহিনীটোৰ বিষয়ে জানেনে?

এছ এছ এফ

Published: 

11 Jul 2025 09:27 AM

সমগ্ৰ বিশ্বই জানে ভাৰতীয় সেনাৰ কথা। বছৰ বছৰ ধৰি ভাৰতীয় সেনাই দেশক নিৰাপত্তা দি আছে। তেওঁলোকৰ বীৰত্ব, বলিদানৰ প্ৰতি জনতা সদায় কৃতজ্ঞ। কিন্তু দেশত এনে এক সেনা বাহিনী আছে যিয়ে সকলোৰে পৰা আঁতৰত থাকি দেশক নিৰাপত্তা দি আহিছে। এই বাহিনীটোৰ সদস্যক আনকি ভাৰতীয় সেনাইও ভালদৰে চিনি নাপায়। কিন্তু সময়ে সময়ে প্ৰয়োজনৰ সময়ত সদায় ভাৰতীয় সেনাৰ কাষত থিয় দি আহিছে।

এই সেনা বাহিনীটোৰ নাম বিশেষ সীমান্ত বাহিনী। ১৯৬২ চনৰ ভাৰত-চীনৰ যুদ্ধৰ পাছত প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ নেতৃত্বত এটা নিৰ্ভৰযোগ্য ভাৰতীয় সেনা শক্তি গঠন হয়। প্ৰথম অৱস্থাত এই বাহিনীটোৰ সদস্যসকল তিব্বতী আছিল। যিয়ে চীনৰ আগ্ৰাসনৰ সময়ত দালাই লামাৰ সৈতে ভাৰতলৈ প্ৰব্ৰজন কৰিছিল। তাৰ ভিতৰত আছিল দালাই লামাৰ ব্যক্তিগত দেহৰক্ষীসকল। দাবী অনুসৰি, এওঁলোকৰ লগত তিব্বতী খম্পা সমূদায়ৰ গোৰ্খাসকলো থাকে।

এষ্টাবলিচমেন্ট ২২ নং (Establishment 22)  প্ৰতিষ্ঠানৰ ভাৰতীয় সেনাৰ লগত কোনো সম্পৰ্ক নাই। ভাৰতীয় সেনাৰ উচ্চ পদস্থ বিষয়াৰ বাহিৰে এই বিশেষ বাহিনীৰ সদস্যসকলক কোনেও চিনি নাপায়। তেওঁলোকৰ আন্দোলন বা বিভিন্ন অভিযানৰ বিষয়ে বিশেষ তথ্যও নাই।

বিশেষ সীমান্ত বাহিনী (Special Frontier Force (SFF)য়ে ১৯৬২ চনৰ পৰা বিভিন্ন গোপন অভিযান চলাবলৈ কাম আৰম্ভ কৰিছিল। বিশেষকৈ চীন সীমান্তত তেওঁলোকে নিজৰ অভিযান চলায়। এনে অৱস্থাত তেওঁলোকে ভাৰতীয় সেনাৰ অধীনত কাম নকৰে। এই বাহিনীটোৱে পোনপটীয়াকৈ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ক ৰিপৰ্ট দিয়ে। এই সেনা বাহিনীটোক প্ৰয়োজনীয় প্ৰশিক্ষণ ভাৰতীয় চোৰাংচোৱা সংস্থা (Research and Analysis Wing)ৰ দ্বাৰা প্ৰদান কৰা হয়। অৱশ্যে এই সেনা বাহিনীটোৱে প্ৰয়োজন অনুসৰি ভাৰতীয় সেনা বাহিনীক সহায় কৰে আৰু সহায় গ্ৰহণ কৰে।

দুৰ্গম পৰ্বতমালা আৰু ওখ পৰ্বতকে ধৰি সকলো বাধা অতিক্ৰম কৰা এই বাহিনীৰ বাবে অতি সহজ কাম। Special Frontier Force (SFF) ৰ মুখ্য কাৰ্যালয় উত্তৰাখণ্ডৰ চক্ৰতাত অৱস্থিত। কোৱা হয় যে ১৯৭১ চনত বাংলাদেশৰ মুক্তিযুদ্ধৰ সময়ত এই বিশেষ বাহিনীক চিট্টগঙৰ দুৰ্গম অঞ্চলত মিছনলৈ প্ৰেৰণ কৰা হৈছিল। ইমানেই নহয়, কাৰ্গিল যুদ্ধৰ সময়তো এওঁলোকৰ সহায় লোৱা হৈছিল বুলি কোৱা হয়।

২০২০ চনত চীনৰ সৈতে মুখামখি হোৱাৰ সময়ত অপাৰেচন স্নো লিঅ’পাৰ্ডৰত ভাৰতীয় সেনাই এই বিশেষ সীমান্ত বাহিনীৰ সহায় লৈছিল। এই অভিযানৰ সময়তে ২০২০ চনৰ ১ ছেপ্টেম্বৰত কোম্পানী লিডাৰ নিমা টেনজিঙৰ মৃত্যু হয়। যাৰ পাছত এই বাহিনীটো পুনৰ চৰ্চালৈ আহিছিল।

ভাৰতীয় সেনা আৰু এনে বহু বিশেষ বাহিনী সীমান্তত শত্ৰুক মোকাবিলা কৰিবলৈ সদায় সাজু থাকে। বিশেষ সীমান্ত বাহিনী অৰ্থাৎ SFF ও  দেশৰ বাবে সদায় সাজু। তেওঁলোকৰ বীৰত্ব আৰু পাৰদৰ্শিতাৰ  বাবে আমিও দেশত সুৰক্ষিত হৈ আছো।

 

অন্য খবৰ পঢ়ক: বাহনৰ ওপৰত বাগৰি পৰিল চিমেন্ট ভৰ্তি কন্টেইনাৰ, প্ৰাণ হেৰুৱালে ৪ ভক্তই…

এফালে শচীনক স্পৰ্শ, আনফালে দ্ৰাবিড়ক অতিক্ৰম; শতকেৰে লৰ্ডছত অভিলেখ ৰচিলে ৰুটে
ভগৱান শিৱৰ প্ৰিয় ভোগ কি জানেনে? শাওণ মাহত এই ভোগ আগবঢ়াই লাভ কৰিব পাৰিব ভোলানাথৰ আশীৰ্বাদ
ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে শিশুক কেনেধৰণৰ খাদ্য খুৱাব লাগে?
সুস্থ জীৱন-যাপনৰ বাবে পুৰুষসকলে এই ৫ টা অভ্যাস কৰক