বগা টি-চাৰ্ট পিন্ধি ৰাহুল গান্ধীৰ বিশাল পদযাত্ৰা, হাজাৰ হাজাৰ কংগ্ৰেছীৰ অংশগ্ৰহণ…

বিহাৰত কংগ্ৰেছ সাংসদ কথা বিৰোধী দলপতি ৰাহুল গান্ধীৰ বিশাল পদযাত্ৰা। প্ৰব্ৰজন বন্ধ কৰক, চাকৰি দিয়ক শীৰ্ষক পদযাত্ৰাৰ সময়ত ৰাহল গান্ধীৰ সৈতে হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰে।

বগা টি-চাৰ্ট পিন্ধি ৰাহুল গান্ধীৰ বিশাল পদযাত্ৰা, হাজাৰ হাজাৰ কংগ্ৰেছীৰ অংশগ্ৰহণ...

ৰাহুল গান্ধী

Published: 

07 Apr 2025 13:56 PM

বিহাৰত বছৰৰ শেষৰ পিনে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। কিন্তু ইয়াৰ পূৰ্বে ৰাজনৈতিক যুঁজখন আৰম্ভ হ’বলৈ ধৰিছে। সকলো দলে নিজা নিজা বিষয় আগত ৰাখি নিৰ্বাচনৰ প্ৰস্তুতিত ব্যস্ত। এনে ক্ষেত্ৰত পিছ পৰি ৰোৱা নাই কংগ্ৰেছ দল। যোৱা ৩ মাহৰ ভিতৰত তৃতীয়বাৰৰ বাবে বিহাৰত উপস্থিত হৈছে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী। বিৰোধী দলপতিগৰাকীয়ে বেগুছৰাইত কানহাইয়া কুমাৰৰ নেতৃত্বত চলি থকা ‘প্ৰব্ৰজন বন্ধ এৰক, চাকৰি দিয়ক”(পলায়ন ৰকো, ন’কৰি দো) শীৰ্ষক যাত্ৰাত অংশ গ্ৰহণ কৰে।

কানহাইয়া কুমাৰে তেওঁক কংগ্ৰেছৰ নেতা-কৰ্মীৰ সৈতে সুভাষ চ’কত আদৰণি জনায় । পৰৱৰ্তী সময়ত এই কাৰ্যসূচীত ৰাহুল গান্ধীৰ সৈতে বৃহৎ সংখ্যক কৰ্মকৰ্তাই অংশগ্ৰহণ কৰে। এই যাত্ৰাৰ সময়ত প্ৰতিবাদকাৰীসকলে কংগ্ৰেছ কৰ্মীসকলক সেনা বাহিনীত বাকী থকা নিযুক্তি পূৰ কৰাতো দাবী উত্থাপন কৰে।

উল্লেখ কৰা প্ৰয়োজন যে, কনহাইয়া কুমাৰে পলায়ন ৰকো, ন’কৰি দো পদযাত্ৰা আৰম্ভ কৰিছিল। পদযাত্ৰাৰ পাছত ৰাহুল গান্ধীয়ে পাটনাত বাপু সভাগাৰত সংবিধান সন্মিলনত অংশ গ্ৰহণ কৰিব। বিহাৰত প্ৰব্ৰজন এক ডাঙৰ বিষয়। নিৰ্বাচনৰ সময়ত প্ৰায়ে এই বিষয়টোৱে স্থান লাভ কৰে। বিহাৰৰ আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কংগ্ৰেছে এই বিষয়টো পুনৰ উত্থাপন কৰিছে।

এই পদযাত্ৰা আৰম্ভ কৰাৰ আগতে ৰাহুল গান্ধীয়ে পদযাত্ৰীসকলক বগা টি চাৰ্ট পিন্ধি আহিবলৈ কৈছিল। যাৰ বাবে  বিহাৰৰ ৰাজপথত কংগ্ৰেছ কৰ্মীসকলে বগা টি-চাৰ্ট পিন্ধি এই বিশাল পদযাত্ৰাত অংশ গ্ৰহণ কৰে। বেগুছৰাইৰ পাছত ‘সংবিধান নিৰাপত্তা সন্মিলন’ত অংশগ্ৰহণৰ বাবে ৰাহুলে পাটনালৈ ৰাওনা হ’ব।

উল্লেখ্য যে, চলিত বৰ্ষত বিহাৰত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। এইবাৰ বিহাৰত কংগ্ৰেছে নিৰ্বাচনী স্থিতি মজবুত কৰাৰ সকলো চেষ্টা কৰিছে। এনে পৰিস্থিতিত দলৰ নেতা ৰাহুল গান্ধীক বিশেষ সক্ৰিয় দেখা গৈছে। শেহতীয়াকৈ বিহাৰৰ কংগ্ৰেছ কৰ্মীৰ সৈতে হোৱা বৈঠকৰ অন্তত ৰাহুল গান্ধীৰ এই যাত্ৰাই বিশেষ মহত্ব বহন কৰিছে।

এদিনীয়া কাৰ্যসূচীৰে বিহাৰলৈ যোৱা গান্ধীয়ে আজি পাটনাৰ শ্ৰীকৃষ্ণ মেমোৰিয়েল হলত সংবিধান সংৰক্ষণ সন্মিলনত অংশ গ্ৰহণ কৰিব। ইযাৰ পাছত গান্ধীয়া সদাকত আশ্ৰমত কংগ্ৰেছ নেতাসকলৰ সৈতে এক বৈঠকত মিলিত হ’ব আৰু সন্ধিয়া দিল্লীলৈ উভতিব।

ইয়াৰ পূৰ্বে গান্ধীয়ে সামাজিক মাধ্যমত লিখে যে-চম্পাৰণ সত্যগ্ৰহ আন্দোলন হওক বা সামাজিক ন্যায়ৰ বিপ্লৱ হওক – বিহাৰৰ ভূমিয়ে সদায় অন্যায়ৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰি আহিছে। আজি সেই ইতিহাসে পুনৰ আহ্বান জনাইছে। লগতে তেওঁ লিখে যে- সংবিধানৰ ওপৰত পক্ষপাতিত্ব আৰু বৈষম্যৰ বিৰুদ্ধে, অৰ্থনৈতিক, সামাজিক সমতা আৰু ন্যায়ৰ আক্ৰমণৰ বিৰুদ্ধে – আহক আমি ঐক্যবদ্ধভাৱে মাত মাতো। আজি মোৰ সৈতে পাটনাত সংবিধান সন্মান সন্মিলনত অংশগ্ৰহণ কৰৰ আৰু অন্যায়ৰ বিৰুদ্ধে মাত দিয়ক।

 

 

Related Stories
শক্তিশালী কৰিব লাগিব অস্ত্ৰভাণ্ডাৰ, অত্যাধুনিক মাৰণাস্ত্ৰ ক্ৰয়ৰ গুৰুত্বপূৰ্ণ পদক্ষেপ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক চাইপ্ৰাছৰ সৰ্বোচ্চ সন্মান ‘গ্ৰেণ্ড অফ দ্যা অৰ্ডাৰ অফ মাকাৰিছি তৃতীয়’ৰে সন্মানিত…
‘চিন্তা নকৰিবা, মাত্ৰ ৰাজাক লৈ আহা’…. ১৮ মিনিটতে কাম শেষ: সোণমক ফোনত আৰু কি কি কৈছিল ৰাজে?
হংকঙৰ পৰা দিল্লীলৈ উৰা মাৰিছিল এয়াৰ ইণ্ডিয়াৰ বিমান, উৰণৰ মাজতে কাৰিকৰী বিজুতি, শংকিত যাত্ৰী…
উদ্ধাৰ হ’ল অভিশপ্ত AI171 বিমানৰ দ্বিতীয়টো ব্লেক বক্স, তদন্ত অব্যাহত
বিমান দুৰ্ঘটনাৰ পিছৰে পৰা নিৰুদ্দেশ এগৰাকী চলচ্চিত্ৰ নিৰ্মাতা, শেষ লোকেচন আছিল দুৰ্ঘটনাস্থলীৰ পৰা ৭০০ মিটাৰ দূৰত
ঘৰৰ বাৰীত নাৰিকলৰ গছ থাকিলে কি হয় ? পৰিয়ালটোৰ ভৱিষ্যতৰ বাবে ভাল নে বেয়া ?
শোৱাৰ সময়ত বিচনাৰ তলত ৰাখক এগিলা পানী, লাভ কৰিব এনে চমৎকাৰী ফল…
ভগৱান শিৱক সন্তুষ্ট কৰিবলৈ সোমবাৰে শিৱলিঙ্গত কি আগবঢ়াব লাগে, জানেনে আপুনি?
ৰে'লৰ ভিতৰত থাকিব বাথটাব, চিনেমা ৰুম! ক'ত চলিব এই বিলাসী ৰে'লখন?