মন্দিৰৰ পৰা উভতি অহা পথতে ভয়ংকৰ দুৰ্ঘটনা, ৭টা শিশুসহ ১১ জনৰ মৃত্যু, আহত বহু লোক…
মন্দিৰৰ পৰা উভতি অহা ভক্তৰ পিকআপ বাহনে এখন ট্ৰাকত খুন্দা মাৰে। এই ভয়াবহ দুৰ্ঘটনাত ৭টা শিশুকে ধৰি কমেও ১১জন লোকৰ মৃত্যু হৈছে। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত আহতসকলক লগে লগে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

ৰাজস্থানৰ দৌছাত ভয়ংকৰ পথ দুৰ্ঘটনা
ৰাজস্থানৰ দৌছাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। ট্ৰাকত খুন্দা মাৰে ভক্তৰে ভৰা এখনে বাহনে। এই শোকাৱহ দুৰ্ঘটনাত ১১ জন লোকে প্ৰাণ হেৰুৱাই। আহত হৈছে ১৪ জন লোক , ইয়াৰে ৯ জনৰ অৱস্থা সংকটজনক। নিহতসকলৰ ভিতৰত আছে ৭টা শিশু আৰু দুগৰাকী মহিলা।
জানিব পৰা ভক্তসকল মন্দিৰৰ পৰা উভতি অহা পথতে এই দুৰ্ঘটনা সংঘটিত হয়,। দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে ১০জন লোকে থিতাতে প্ৰাণ হেৰুৱাইছিল। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত তাত এক বৃহৎ সংখ্যক লোক সমবেত হয়। ইফালে আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
আৰক্ষীয়ে জনোৱা মতে, আটাইকেইজন ভক্তই এখন পিকআপ বাহনত গৈ থকা অৱস্থাত এখন ট্ৰাকৰ সৈথে সংঘৰ্ষ হয়। গুৰুতৰভাৱে আহত ৯ জন লোকক জয়পুৰৰ ছাৱাই মানসিংহ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। আনহাতে আন আহতসকল আন এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। আটাইকেইজন ভক্ত উত্তৰ প্ৰদেশৰ বাসিন্দা বুলি কোৱা জানিব পৰা গৈছে। খাতু শ্যাম জী আৰু চালাছাৰ বালাজীক দৰ্শন কৰি ঘৰলৈ উভতিছিল তেওঁলোক।
প্ৰত্যক্ষদৰ্শীয়ে কি ক’লে?
প্ৰত্যক্ষদৰ্শীৰ মতে, দুৰ্ঘটনাটো ইমানেই বেদনাদায়ক আছিল যে পিকআপ বাহনখন টুকুৰা-টুকুৰ হৈ পৰে। তেওঁ কয়, “আমি এটা ডাঙৰ শব্দ শুনিলোঁ। তাৰ পাছত হঠাৎ চিঞৰ বাখৰ আৰম্ভ হ’ল। আমি দেখিলোঁ যে পিকআপ আৰু ট্ৰাকখনৰ মাজত ভয়ংকৰ সংঘৰ্ষ হৈছে। তাত মানুহবোৰে চিঞৰি আছিল। সহায়ৰ বাবে কাতৰ অনুৰোধ কৰি আছিল। আমি পলম নকৰাকৈ আৰক্ষীক খবৰ দিলোঁ। তাৰ পিছত আমিও পিকআপত আবদ্ধ হৈ থকা লোকসকলক উদ্ধাৰ কৰাত আৰক্ষীক সহায় কৰিলোঁ। ইয়াৰ পিছতে এম্বুলেন্সৰ সহায়ত আহত আটাইকেইজনক চিকিৎসালয়লৈ লৈ যোৱা হয়।”
কি ক’লে আৰক্ষীয়ে?
দুৰ্ঘটনাটো সন্দৰ্ভত আৰক্ষীয়ে কয় – “বৰ্তমান সময়ত কাৰ ভুল আছিল সেইটো জানিবলৈ চেষ্টা চলোৱা হৈছে। আমাৰ দলটোৱে সেই স্থানত উপস্থিত হৈ সকলো আহতক ওচৰৰ চিকিৎসালয়লৈ লৈ গৈছে। এই দুৰ্ঘটনাত ১১ জন লোকৰ মৃত্যু হয়। কিন্তু আহত ১৪ জনৰ ভিতৰত ৯ জনৰ অৱস্থা সংকটজনক। লগে লগে সাৱৈ মানসিংহ চিকিৎসালয়লৈ লৈ যোৱা হৈছে। আমি দুৰ্ঘটনাৰ কাৰণৰ তদন্ত কৰি আছো। দুৰ্ঘটনাটোত নিহত আটাইকেইজনেই আছিল উত্তৰ প্ৰদেশৰ বাসিন্দা। আহতসকলৰ পৰিয়ালক অৱগত কৰা হৈছে। মৃতদেহকেইটা মৰোণোত্তৰ পৰীক্ষাৰ বাবে পঠিওৱা হৈছে।”
(ইনপুট: আশীষ শৰ্মা)