পহলগামত আক্ৰমণ সংঘটিত কৰা সন্ত্ৰাসবাদীক কোনে দিছিল আশ্ৰয় ? NIA ৰ বৃহৎ সফলতা…

পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ গোচৰত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই এক বৃহৎ সফলতা লাভ কৰিছে। এই সন্ত্ৰাসবাদী আক্ৰমণৰ লগত জড়িত সন্ত্ৰাসবাদীক আশ্ৰয় দিয়াৰ অভিযোগত NIA য়ে ২ জন লোকক গ্ৰেপ্তাৰ কৰিছে।

পহলগামত আক্ৰমণ সংঘটিত কৰা সন্ত্ৰাসবাদীক কোনে দিছিল আশ্ৰয় ? NIA ৰ বৃহৎ সফলতা...
Updated On: 

22 Jun 2025 13:26 PM

যোৱা ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ গোচৰত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই এক বৃহৎ সফলতা লাভ কৰিছে। এই সন্ত্ৰাসবাদী আক্ৰমণৰ লগত জড়িত সন্ত্ৰাসবাদীক আশ্ৰয় দিয়াৰ অভিযোগত NIA য়ে ২ জন লোকক গ্ৰেপ্তাৰ কৰিছে। এই দুয়োজন সন্দেহযুক্ত পহলগামৰ বাসিন্দা।

পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ সময়ত ২৬ জন নিৰীহ পৰ্যটক নিহত হোৱাৰ লগতে ১৬ জন গুৰুতৰভাৱে আহত হয়। সূত্ৰ খবৰ অনুসৰি, এই আক্ৰমণ সংঘটিত কৰা সন্ত্ৰাসবাদীক আশ্ৰয় দিয়াৰ অভিযোগত NIA য়ে এই দুয়োজন লোকক গ্ৰেপ্তাৰ কৰিছে।

তদন্তকাৰী সংস্থাটোৱে এক বিবৃতিত কয় যে, পহলগামৰ বাটকূটৰ পাৰভেজ আহমেদ জোথাৰ আৰু পহলগামৰ হিল পাৰ্কৰ বছিৰ আহমেদ জোথাৰে আক্ৰমণৰ লগত জড়িত ৩ জন অস্ত্ৰধাৰী সন্ত্ৰাসবাদীৰ পৰিচয় প্ৰকাশ কৰাৰ লগতে নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবা (LeT)ৰ সৈতে জড়িত পাকিস্তানী নাগৰিক বুলিও নিশ্চিত কৰিছে।

সন্ত্ৰাসবাদীক খাদ্য আৰু থকাৰ ব্যৱস্থা কৰি দিছিল

NIA ৰ তদন্ত অনুসৰি, ধৃত পাৰভেজ আহমেদ আৰু বছিৰ আহমেদে আক্ৰমণৰ পূৰ্বে ইচ্ছাকৃতভাৱে ৩ জন সন্ত্ৰাসবাদীক হিল পাৰ্কৰ এটা জুপুৰি ঘৰত আশ্ৰয় দিছিল। ২২ এপ্ৰিলৰ বিয়লি পহলগাম ভ্ৰমণ কৰিবলৈ অহা পৰ্যটকসকলক বাছনি কৰি হত্যা কৰা সন্ত্ৰাসবাদীক দুয়োজনে খাদ্য, থকাৰ ব্যৱস্থা আৰু লজিষ্টিক সহায় আগবঢ়াইছিল।

ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা এন আই এয়ে জনোৱা মতে, ১৯৬৭ চনৰ অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ ১৯ ​​নং ধাৰাত দুয়োজন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ২২ এপ্ৰিলৰ এই ভয়ানক সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত গোচৰ(RC-02/2025/NIA/JMU) পঞ্জীয়ন কৰি তদন্তকাৰী সংস্থাটোৱে তদন্ত অব্যাহত ৰাখিছে।

মহিলাৰ HIV সংক্ৰমণৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি ? জানক
দাঁত-হাড়ৰ লগতে হৃদযন্ত্ৰৰ স্বাস্থ্যও থাকিব অটুট, কেলচিয়াম সমৃদ্ধ এইকেইবিধ ফলে দিব আচৰিত লাভ
শৰীৰত ভেঁকুৰৰ সংক্ৰমণৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি? চিকিৎসকৰ পৰা জানক...
Piles: পাইলছৰ সমস্যাত ভুগি আছে নেকি? কেনেকৈ পাব উপশম জানক