মৰুভূমিৰ পথেৰে অনুপ্ৰৱেশ কৰিছিল ভাৰতত! পিয়াহত মৃত্যু দুই পাকিস্তানী যুৱক-যুৱতীৰ…

এক মৰ্মান্তিক ঘটনা। পিয়াহত মৃত্যু হয় এহাল দম্পতীৰ। সন্দেহ কৰা হৈছে যে এই যুৱক-যুৱতীহালে পাকিস্তানৰ পৰা ভাৰতত অনুপ্ৰৱেশ কৰাৰ চেষ্টা কৰিছিল। এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

মৰুভূমিৰ পথেৰে অনুপ্ৰৱেশ কৰিছিল ভাৰতত! পিয়াহত মৃত্যু দুই পাকিস্তানী যুৱক-যুৱতীৰ...

যুৱক-যুৱতী

Published: 

01 Jul 2025 17:42 PM

ভাৰত-পাকিস্তান আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ গাতে লাগি থকা জয়ছলমেৰৰ মৰুভূমি অঞ্চলত এজন যুৱক আৰু এগৰাকী যুৱতীৰ মৃতদেহ সন্দেহজনক অৱস্থাত উদ্ধাৰ হয়। মৃতদেহৰ কাষত উদ্ধাৰ পাকিস্তানী চিম কাৰ্ড আৰু নথি-পত্ৰই এই বিষয়টোক অধিক স্পৰ্শকাতৰ কৰি তুলিছে। এতিয়া এই ৰহস্যজনক ঘটনাই নিৰাপত্তা আৰু মানৱীয় দিশটোত প্ৰশ্ন উত্থাপন কৰিছে।  সূত্ৰ অনুসৰি দুয়োটা মৃতদেহ প্ৰায় ১০ দিন পুৰণি। মৃতদেহ দুটাৰ পৰা দুৰ্গন্ধ ওলাই আছিল আৰু গলি যোৱা অৱস্থাত আছিল।

মৃতকৰ পৰিচয় নিশ্চিত কৰাৰ বাবে জয়ছলমেৰ প্ৰশাসনে স্থানীয় সীমান্ত লোক সংগঠন আৰু পাক স্থানচ্যুত হিন্দু সমাজৰ প্ৰতিনিধিৰ জৰিয়তে পাকিস্তানত থকা সম্ভাৱ্য আত্মীয়ৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু কোনো সঁহাৰি নাপালে। ইফালে মৃতদেহ দুটাৰ অৱস্থা দিনক দিনে বেয়া হৈ গৈছিল। যাৰ বাবে প্ৰশাসনে ৰামগড় অঞ্চলৰ ভীল শ্মশানত হিন্দু ৰীতি-নীতি অনুসৰি দুয়োটা মৃতদেহটোৰ অন্তিম সৎকাৰ কৰে।

এই সময়চোৱাত পাক স্থানচ্যুত ব্যক্তিৰ বাবে কৰ্মৰত সীমান্ত লোক সংগঠনৰ দিলীপ সিং সোধা, জ্যেষ্ঠ সমাজকৰ্মী নাথুৰাম ভীলৰ লগতে বহু বিশিষ্ট লোক উপস্থিত থাকে। পাকিস্তানী দম্পতীহালক দাহ কৰাৰ পৰিবৰ্তে সমাধিষ্ট কৰা হয় । মৃতদেহৰ নিশ্চিত চিনাক্তকৰণ নহ’ল, যাৰ বাবে ধৰ্মীয় আৱেগ আৰু সামাজিক ভাৰসাম্য মানি চলি প্ৰশাসনে এই সিদ্ধান্ত গ্ৰহণ কৰে। আৰক্ষীৰ সন্দেহ অনুসৰি, দুয়োৰে পিয়াহত মৃত্যু হৈছে।

সীমান্ত লোক সংগঠনে কয় যে মৃত দম্পতীহালৰ অৱস্থা আৰু লাভ কৰা তথ্যৰ পৰা অনুমান কৰিব পাৰি যে তেওঁলোকে পাকিস্তানৰ পৰা ভাৰতত অনুপ্ৰৱেশকৰাৰ চেষ্টা কৰিছিল। অৱশ্যে তদন্ত সম্পূৰ্ণ নোহোৱালৈকে কোনো সঠিক সিদ্ধান্ত ল’ব নোৱাৰি। গোচৰৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি চোৰাংচোৱা ব্যুৰো (আই বি), স্থানীয় আৰক্ষী, বি এছ এফকে ধৰি অন্যান্য নিৰাপত্তা সংস্থাই গোচৰৰ প্ৰতিটো দিশৰ ওপৰত পুংখানুপুংখভাৱে তদন্ত কৰি আছে।

সীমান্ত অঞ্চলত সন্দেহজনক কাৰ্যকলাপ, নেটৱৰ্ক সংযোগ, মোবাইল ডাটা আৰু স্থানৰ ৰেকৰ্ডৰ ভিত্তিত তদন্ত চলি আছে। এই সমগ্ৰ ঘটনাই দেশৰ পশ্চিম সীমান্তত অনুপ্ৰৱেশ, পৰিচয় সংকট, মানৱ সৰবৰাহ আৰু পাক পৃষ্ঠপোষকতাত চলি থকা কাৰ্যকলাপৰ সন্দৰ্ভত উদ্বেগ পুনৰ গভীৰ কৰি তুলিছে। এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

সমগ্ৰ ঘটনাৰ তদন্ত বৰ্তমান চলি আছে। এয়া অচিনাক্ত মৃতদেহৰ গোচৰ নে চুবুৰীয়া ৰাষ্ট্ৰৰ কোনো ষড়যন্ত্ৰ সেয়া ৰহস্যৰ আৱৰ্তত। গতিকে তদন্তৰ অন্তত জানিব পৰা যাব এই দম্পতীহাল কৰ পৰা কেনেকৈ আহিছিল আৰু কেনেকৈ মৃত্যু হ’ল। সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে।

 

অন্য খবৰ পঢ়কঃ সেই নিশা কি হৈছিল? স্বামীক হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ ৯ সন্তানৰ মাতৃ আৰু তেওঁৰ প্ৰেমিক…

 

প্ৰস্ৰাৱ জ্বলা-পোৰা, পেটৰ তলৰ অংশত বিষ... মহিলাসকলে ভুলতেও আওকাণ নকৰিব এনে লক্ষণ
সাৱধান! এই ৫ টা অভ্যাসে আপোনাৰ বৃক্ক লাহে লাহে নষ্ট কৰিব পাৰে!
বৃক্কৰ কাৰ্যক্ষমতা হ্ৰাস পালে চকুত কি কি লক্ষণে দেখা দিয়ে?
জীৱনত নাহে কোনো বাধা! পুৱা উঠি কৰক মাত্ৰ এই ৩ টা কাম...