জোঁৱাই অহাৰ আনন্দত ৰান্ধিছিল কুকুৰা, আনিলে সুৰাও, শহুৰৰ ঘৰত কুকুৰাৰ মাংস খাই প্ৰাণ গ’ল জোঁৱাইৰ

জোঁৱাই আহিছে বুলিয়েই খদমদম লাগে শহুৰৰ ঘৰত। কিন্তু শহুৰৰ ঘৰলৈ গৈ এজন লোকৰ সৈতে ঘটিল অঘটন। জোঁৱাই অহাৰ আনন্দতে শহুৰৰ ঘৰত কুকুৰা মাৰি ভোজৰ আয়োজন চলিল। তাৰ পাচত ঘটিল অঘটন।

জোঁৱাই অহাৰ আনন্দত ৰান্ধিছিল কুকুৰা, আনিলে সুৰাও, শহুৰৰ ঘৰত কুকুৰাৰ মাংস খাই প্ৰাণ গল জোঁৱাইৰ

প্ৰতীকী ছবি

Published: 

01 Aug 2025 | 01:44 PM

শহুৰৰ ঘৰত জোঁৱাইৰ বিশেষ গুৰুত্ব থাকে। যেতিয়া জোঁৱায়েক শহুৰৰ ঘৰলৈ যায়, তেতিয়া শহুৰ-শাহুৱে আথে-বেথে মৰমেৰে আপ্যায়ন কৰা দেখা যায়। জোঁৱাই আহিছে বুলিয়েই খদমদম লাগে শহুৰৰ ঘৰত। কিন্তু শহুৰৰ ঘৰলৈ গৈ এজন লোকৰ সৈতে ঘটিল অঘটন। জোঁৱাই অহাৰ আনন্দতে শহুৰৰ ঘৰত কুকুৰা মাৰি ভোজৰ আয়োজন চলিল। সকলোৱে আনন্দেৰে কুকুৰাৰ মঙহেৰে খালে এসাঁজ। তাৰ পাচতেই ঘটিল অঘটন।

ছত্তীশগড়ৰ ৰাজগামাৰ থানাৰ অন্তৰ্গত কোৰকোমা গাঁৱত সংঘটিত হৈছে এই ঘটনা। জোঁৱাই অহাৰ লগে লগে ঘৰতে এক বিশেষ ভোজৰ আয়োজন কৰে শাহুৱেকে। কুকুৰা আৰু সুৰাৰে আয়োজন কৰা হ’ল পাৰ্টীৰ। কিন্তু এই পাৰ্টীয়েই মাতিলে দুখ। কিয়নো পাৰ্টীৰ পাচতেই অসুস্থ হৈ পৰে পৰিয়ালটোৰ লোকসকল। তদন্তত পোহৰলৈ আহিছে যে এয়া খাদ্যৰ বিষক্ৰিয়াৰ ঘটনা। কোৱা হৈছে যে পাৰ্টীত পৰিবেশন কৰা সুৰা বিষাক্ত আছিল। অৱশ্যে তদন্ত সম্পূৰ্ণ হোৱাৰ পিছতহে প্ৰকৃত কাৰণ জানিব পৰা যাব।

৬০ বছৰীয়া ৰাজমীন বাইৰ ঘৰ শিৱনগৰ চৌহান পাৰাত। বৃহস্পতিবাৰে নিশা ৰাজমীন বাইৰ জীয়ৰী চামেলীৰ সৈতে জোঁৱাই দেৱ সিং আহিছিল তেওঁৰ ঘৰলৈ। তেওঁ ভৈষম দাদাৰ কলাৰ বাসিন্দা। জোঁৱাইৰ আগমনৰ উদ্দেশ্যে ৰাজমীন বাই, পুত্ৰ ৰাজকুমাৰ আৰু চুবুৰীয়া ৰাজাৰাজে একেলগে চিকেন পাৰ্টী কৰে।

কুকুৰাৰ মাংস আৰু সুৰাপান কৰি আটায়ে আনন্দ কৰিছিল যদিও এই উদযাপন শোকলৈ পৰিণত হয়। খাদ্য গ্ৰহণৰ পাছত প্ৰথমে ৰাজমীন বাইৰ স্বাস্থ্যৰ অৱনতি ঘটে। ইয়াৰ পিছত জোঁৱায়েৰ অৱস্থাও গুৰুতৰ হৈ পৰিল। চিকিৎসাৰ সময়ত দুয়োৰে মৃত্যু হয়। বাকীসকলৰ অৱস্থা সংকটজনক।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...