ভাৰতত অনুপ্ৰৱেশৰ চেষ্টাঃ সীমান্তত BSFৰ হাতত ধৰা পৰিল বাংলাদেশৰ হাছিনা চৰকাৰৰ সেনা বিষয়া

সীমান্তত নিয়োজিত বি এছ এফৰ দলে সীমান্ত পাৰ হ’বলৈ চেষ্টা কৰা সময়তে আফ্ৰ’ জামানক কৰায়ত্ব কৰে। শ্বেখ হাছিনা চৰকাৰৰ সেনা সচিব জামানে ইউনুছ চৰকাৰ ক্ষমতালৈ অহাৰ পিছত সাতখিৰা জিলাত আত্মগোপন কৰি আছিল।

ভাৰতত অনুপ্ৰৱেশৰ চেষ্টাঃ সীমান্তত BSFৰ হাতত ধৰা পৰিল বাংলাদেশৰ হাছিনা চৰকাৰৰ সেনা বিষয়া

প্ৰতিনিধিত্বমূলক ছবি

Published: 

24 Aug 2025 14:36 PM

বাংলাদেশী অনুপ্ৰৱেশকাৰীক কেন্দ্ৰ কৰি শেহতীয়া সময়ছোৱাত উত্তাল হৈ আছে ৰাজ্যৰ ৰাজনীতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ত ধাৰাবাহিকভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহিছে অৱশ্যে কেৱল অসমৰ ৰাজনীতিতহে যে এই বিষয়ে চৰ্চা লাভ কৰিছে, এনে নহয় দেশৰ ৰাজনীতিতো এতিয়া সঘনে চৰ্চিত বাংলাদেশৰ পৰা অবৈধ প্ৰব্ৰজনৰ প্ৰসঙ্গ বিগত কিছুদিনত ভাৰতবাংলাদেশ সীমান্তত অনুপ্ৰৱেশৰ ঘটনা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। সীমান্তত নিয়োজিত ভাৰতীয় নিৰাপত্তাৰক্ষীয়ে বাৰে বাৰে বাধা দিছে বাংলাদেশী অনুপ্ৰৱেশকাৰীক

এইবাৰ সীমান্তৰে অনুপ্ৰৱেশৰ চেষ্টা চলাই বি এছ এফৰ হাতত ধৰা পৰিছে বাংলাদেশৰ এজন প্ৰাক্তন সেনা বিষয়া। এই বিষয়াজনক আফ্ৰুজ্জামান বুলি চিনাক্ত কৰা হৈছে বাংলাদেশৰ পূৰ্বৰ হাছিনা চৰকাৰৰ সেনা সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছিল আফ্ৰুজ্জামানে প্ৰাকৃতিক দুৰ্যোগৰ সুযোগ লৈ অবৈধভাৱে সীমান্ত পাৰ হৈ ভাৰতৰ ভূখণ্ডত প্ৰৱেশ কৰাৰ চেষ্টা চলাওঁতেই তেওঁ ধৰা পৰে

প্ৰকাশিত খবৰ অনুসৰি পশ্চিম বংগৰ বাছিৰহাটত ভাৰত-বাংলাদেশ সীমান্তৰ হাকিমপুৰ চেক প’ষ্টত এই ঘটনা সংঘটিত হৈছে। সীমান্তত নিয়োজিত বি এছ এফৰ দলে সীমান্ত পাৰ বলৈ চেষ্টা কৰা সময়তে আফ্ৰুজ্জামানক কৰায়ত্ব কৰে। শ্বেখ হাছিনা চৰকাৰৰ সেনা সচিব জ্জামানে ইউনুছ চৰকাৰ ক্ষমতালৈ অহাৰ পিছত সাতখিৰা জিলাত আত্মগোপন কৰি আছিল।

সম্প্ৰতি সমগ্ৰ পশ্চিম বংগত প্ৰকৃতিয়ে ৰুদ্ৰ ৰূপ ধাৰণ কৰিছে। ধুমুহা আৰু বৰষুণৰ সুযোগ লৈ ভাৰত-বাংলাদেশৰ হাকিমপুৰ সীমান্তৰে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ চেষ্টা কৰিছিল আফ্ৰুজ্জামানে। কিন্তু ভাৰতৰ মাটিত ভৰি দিয়াৰ লগে লগে সীমান্তৰক্ষী বাহিনীৰ ১৪৩ নং বেটেলিয়নৰ জোৱানে তেওঁক গ্ৰেপ্তাৰ কৰে। ইয়াৰ পিছতে তেওঁক স্বৰূপনগৰ থানাৰ আৰক্ষীক গতাই দিয়া হয়।

জানিব পৰা মতে আফ্ৰুজ্জামানৰ পৰা বহু নথিপত্ৰ উদ্ধাৰ হৈছে। সেই সকলো নথি-পত্ৰ ভাৰতৰ উচ্চ পদস্থ বিষয়াসকলৰ হাতত গতাই দিয়া হৈছে। এই বিষয়ে ভাৰতৰ উচ্চায়ুক্তই বাংলাদেশ উচ্চায়ুক্তক অৱগত কৰা বুলিও জানিব পৰা গৈছে। সূত্ৰ অনুসৰি দুয়োখন দেশৰ উচ্চায়ুক্তৰ মাজত ইতিমধ্যে এই বিষয়ত আলোচনা হৈছে। আজি আফ্ৰুজ্জামান বাছিৰহাট মহকুমা আদালতত হাজিৰ কৰোৱা হ’ব বুলি কৰ্তৃপক্ষই প্ৰকাশ কৰিছে।

আপোনাৰ ঘৰতো আছে নেকি লাফিং বুদ্ধৰ মূৰ্তি? পিছে শুভ নে অশুভ এয়া!
আপোনাৰ সন্তানেও কেতিয়াবা কৈছে নেকি কাণৰ বিষৰ কথা? এনে ঘৰুৱা উপায়ে দিব সকাহ
বহু সময়লৈ প্ৰস্ৰাৱ ধৰি ৰাখে নেকি? হ’ব পাৰে এইসমূহ ৰোগ…
বিৰল সংযোগ, গণেশ চতুৰ্থীত এই ৩ ৰাশিৰ উদয় হ'ব ভাগ্য!