Delhi Blast Update: নাছিল তলৰ অংশ আৰু মূৰ! নীলা জেকেটৰ সহায়ত জুম্মনক চিনাক্ত পৰিয়ালৰ…
Delhi Blast News Update: দিল্লীৰ বিস্ফোৰণ কাণ্ডত নিহত হোৱাসকলৰ এতিয়াও উদ্ধাৰ হোৱা নাই পৰিচয়। এই বিস্ফোৰণ ইমানেই ভয়ংকৰ আছিল যে বহুতৰে মৃতদেহ চিন্ন ভিন্ন হৈ পৰিছে। এনে অৱস্থাত চিনাক্ত প্ৰক্ৰিয়া কঠিন হৈ পৰিছে।

দিল্লীৰ বিস্ফোৰণ কাণ্ড
বিস্ফোৰণৰ পাছতেই দিল্লীত দেখা গৈছে হৃদয় বিদাৰক দৃশ্য। সোমবাৰে সন্ধিয়া হোৱা বোমা বিস্ফোৰণৰ ঘটনাৰ ফলত এতিয়ালৈকে ৯ জন লোকৰ মৃত্যু হৈছে। বৰ্তমানলৈ চলি আছে মৃতদেহ চিনাক্তকৰণৰ কাম। শেহতীয়াকৈ ৮ নম্বৰ মৃতদেহটো চিনাক্ত কৰা হৈছে। যাৰ নাম জুম্মন। তেওঁ লালকিল্লাত ই-ৰিক্সা চলোৱা কামত নিয়োজিত আছিল। এই বিস্ফোৰণ ইমানেই ভয়ংকৰ আছিল যে, জুম্মানৰ মৃতদেহটো ছিন্ন ভিন্ন হৈ পৰিছিল যাৰ বাবে পত্নীয়ে চিনাক্ত কৰিব পৰা নাছিল।
অৱশেষত জুম্মনে পৰিধান কৰি থকা নীলা জেকেটটোৰ সহায়ত পৰিয়ালৰ লোকে তেওঁক চিনাক্ত কৰে। পৰিয়ালৰ লোকে জনাই যে, মৃতদেহৰ অৱস্থা চাই জুম্মনৰ পৰিচয় উদ্ধাৰ কৰা সহজ নাছিল। কিয়নো জুম্মনৰ মৃতদেহটোৰ তলৰ অংশ আৰু মূৰ অংশ নোহোৱা হৈ আছিল। কেৱল মাত্ৰ তেওঁ পৰিধান কৰি থকা জেকেটটোৰ দ্বাৰাহে সেয়া জুম্মনৰ মৃতদেহ বুলি ধৰা হয়।
ঘটনা সন্দৰ্ভত জুম্মনৰ ৩২ বছৰীয়া খুড়াক ইদৰিছে কয় যে, “মোৰ ভতিজাই ই-ৰিক্সা চলাই পৰিয়াল পোহপাল দিছিল। ঘটনাৰ দিনা তেওঁ ঘৰৰ পৰা ৫ বজাত লালকিল্লালৈ ৰাওনা হৈছিল। তাতে তেওঁ ই-ৰিক্সা চলাই আছিল। নিশা ৯.৩০ বজালৈ তেওঁৰ মোবাইল ফোনৰ লোকেশ্যন ৰেড ফ’ৰ্ট গেট নং ১ নংত আছিল”।
পৰিয়ালটোৰ বাবে জুম্মনে আছিল একমাত্ৰ জীৱিকাৰ উৎস। তেওঁ ক্ৰয় কৰা ই-ৰিক্সাখনৰ কিস্তি এতিয়াও দিয়া শেষ হোৱা নাছিল। জুম্মনৰ পৰিয়ালত আছে তেওঁৰ দিব্যাংগ পত্নী আৰু ১০ বছৰীয়া পুত্ৰ। জুম্মনৰ মৃত্যুত এতিয়া ভাগি পৰিছে সমগ্ৰ পৰিয়াল। মুহূৰ্তৰ ভিতৰতে পৰিয়ালটোলৈ এতিয়া নামি আহিছে অমানিশা
উল্লেখ্য যে, ১০ নৱেম্বৰৰ সন্ধিয়া ৬.৫২ বজাত দিল্লীৰ লালকিল্লাৰ সমীপত সংঘটিত হয় ভয়ংকৰ বিস্ফোৰণৰ ঘটনা। চলন্ত বাহন এখনত বিস্ফোৰণ হোৱাৰ পাছতেই আন কেইবাখনো বাহনত জুই লাগে। এই ঘটনাত এতিয়ালৈকে ৯ জন লোকৰ মৃত্যু হৈছে আৰু কেইবাজনো চিকিৎসাধীন হৈ আছে। সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
অন্য খবৰ পঢ়কঃ পেচাত চিকিৎসক, ইঞ্জিনিয়াৰ! আঁৰত আছিল দেশ বিৰোধী ভয়ংকৰ পৰিকল্পনা…