Colonel Sofiya Qureshi: কৰ্ণেল ছফিয়া কুৰেশ্বীৰ তেজত বৈছে দেশপ্ৰেম, কি কথা শুনি সেনাবাহিনীত যোগদান কৰাৰ সিদ্ধান্ত লৈছিল?
Operation Sindoor: কৰ্ণেল ছফিয়া কুৰেশ্বীয়ে কয়, "মই সেনাৰ সন্তান। মই সেনাবাহিনীৰ কঠোৰ নিয়ম আৰু অনুশাসনৰ মাজেৰে ডাঙৰ হৈছোঁ। মোৰ আইতাৰ মা ৰাণী লক্ষ্মীবাইৰ সৈতে একেলগে যুঁজিছিল। তেওঁ আছিল এগৰাকী মহিলা যোদ্ধা।"

কৰ্ণেল ছফিয়া কুৰেশ্বীৰ তেজত বৈছে দেশপ্ৰেম
মুখত ডাঙৰ ডাঙৰ কথা নহয়, ভাৰতে কামতহে বিশ্বাস কৰে। পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে পাকিস্তানৰ ভিতৰলৈ গৈ প্ৰত্যুত্তৰ দিয়ে। পাকিস্তান আৰু পাকিস্তান দখলত থকা কাশ্মীৰৰ ৯টা সন্ত্ৰাসবাদী ঘাটি ধ্বংস কৰিবলৈ সক্ষম ভাৰতীয় সেনা। এই অভিযানৰ নাম ৰাখিছেল অপাৰেচন সেন্দুৰ। এই অপাৰেচনৰ সৈতে জড়িত দেশৰ দুগৰাকী সাহসী কন্যা কৰ্ণেল কৰ্ণেল ছফিয়া কুৰেশ্বী আৰু উইং কমাণ্ডাৰ বায়মিকা সিঙে এই অভিযানৰ বিষয়ে সকলোকে আপডেট দি আহিছে।
দেশৰ লাখ লাখ লোক কৰ্ণেল ছফিয়া কুৰেশ্বীৰ কামত মুগ্ধ হৈ পৰিছে। বহুতে কৈছে, “ময়ো এনেকুৱা ছোৱালী হোৱা উচিত।” কিন্তু আপুনি জানেনে যে কৰ্ণেল ছফিয়া কুৰেশ্বীৰ সেনাবাহিনী আৰু দেশৰ ইতিহাসৰ সৈতে এক বৃহৎ সম্পৰ্ক আছে? ১৮৫৭ চনত কৰ্ণেল কুৰেশ্বীৰ আইতাকৰ মাতৃ ৰাণী লক্ষ্মীবাইৰ সৈতে যুঁজিছিল।
২০১৭ চনত দিয়া এক সাক্ষাৎকাৰত কৰ্ণেল ছফিয়া কুৰেশ্বীয়ে কয়, “মই সেনাৰ পুত্ৰী। মই সেনাবাহিনীৰ কঠোৰ নিয়ম আৰু অনুশাসনৰ মাজেৰে ডাঙৰ হৈছোঁ। মোৰ আইতাৰ মা ৰাণী লক্ষ্মীবাইৰ সৈতে যুঁজিছিল। তেওঁ আছিল এগৰাকী মহিলা যোদ্ধা।”
ছফিয়া কুৰেশ্বীয়ে কিয় সেনাবাহিনীত যোগদান কৰাৰ সিদ্ধান্ত লৈছিল? ছফিয়া কুৰেছিৰ ককাও সেনাবাহিনীত আছিল। তেওঁ কৈছিল, ” সজাগ হোৱা আৰু দেশৰ পক্ষত আৰু দেশৰ কাষত থিয় দিয়াটো প্ৰতিজন নাগৰিকৰ কৰ্তব্য ৷” এই কথা ছফিয়াক ককাকে কৈছিল আৰু তেনেকৈ সৰুতে ছফিয়া অনুপ্ৰাণিত হৈছিল।
ছফিয়া কুৰেশ্বী একমাত্ৰ সন্তান নহয়, তেওঁৰ এগৰাকী যমজ ভগ্নীও আছে। তাইৰ নাম শয়না সুনছাৰা। সৰুৰে পৰা মাকে ভগ্নী দুগৰাকীক সেনাবাহিনীত যোগদান কৰিবলৈ উৎসাহিত কৰিছিল। শ্বায়নাই মডেলিং কেৰিয়াৰ বাছি লোৱাৰ বিপৰীতে ছফিয়াই শৈশৱৰ সপোন পূৰণ কৰিলে। সৰুৰে পৰাই তেওঁ কৈছিল যে তেওঁ ডি আৰ ডি অ’ত যোগদান কৰিম, তাৰ পৰাই বিজ্ঞানী হ’ম, তাৰ পিছত সেনাবাহিনীত যোগদান কৰিম। সেনাবাহিনীত সুযোগ নাপালে পুলিচত যোগদান কৰাৰ পৰিকল্পনা কৰিলে।
ছফিয়া গুজৰাটৰ ছোৱালী। কৰ্ণেল ছফিয়াৰ এগৰাকী ভগ্নীও আছে। ১৯৭১ চনত বাংলাদেশ মুক্তি যুদ্ধত দেউতাকে যুঁজিছিল। ককাক সেনাবাহিনীত আছিল। তেওঁৰ ককাকো বি এছ এফত আছে।
(disclaimer- এই প্ৰতিবেদনটো সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ এক প্ৰতিবেদনৰ ভিত্তিত প্ৰস্তুত কৰা হৈছে।)