সাধাৰণ বাসিন্দা হোৱা সমষ্টিতহে ভোট দিয়াৰ অধিকাৰ থাকিব ! ভোটাৰ কাৰ্ডক লৈ ডাঙৰ মন্তব্য মুখ্য নিৰ্বাচন আয়ুক্তৰ

যিবোৰ সমষ্টিৰ সাধাৰণ বাসিন্দা, সেইবোৰ সমষ্টিতহে নিজকে ভোটাৰ হিচাপে পঞ্জীয়ন কৰিব লাগে। এই মন্তব্য প্ৰকাশ কৰিছে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে।

সাধাৰণ বাসিন্দা হোৱা সমষ্টিতহে ভোট দিয়াৰ অধিকাৰ থাকিব ! ভোটাৰ কাৰ্ডক লৈ ডাঙৰ মন্তব্য মুখ্য নিৰ্বাচন আয়ুক্তৰ

জ্ঞানেশ কুমাৰ

Updated On: 

01 Jul 2025 20:55 PM

যোগ্য নাগৰিকে নিজৰ ঘৰ থকা ঠাইত নহয়, যিবোৰ সমষ্টিৰ সাধাৰণ বাসিন্দা, সেইবোৰ সমষ্টিতহে নিজকে ভোটাৰ হিচাপে পঞ্জীয়ন কৰিব লাগে। এই মন্তব্য প্ৰকাশ কৰিছে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে। বিহাৰৰ ভোটাৰ তালিকাৰ বিশেষ ইনটেনচিভ পৰ্যালোচনা (SIR) চলি থকাৰ সময়তে এই মন্তব্য প্ৰকাশ কৰে বিষয়াগৰাকীয়ে।

এই অভিযানৰ এটা মূল উদ্দেশ্য হৈছে-যিসকল লোকে জানি বা নজনাকৈ বিভিন্ন সমষ্টিৰ একাধিক ভোটাৰ কাৰ্ড লাভ কৰিছে সেইসকল লোকক চিনাক্ত কৰা। বুথ পৰ্যায়ৰ বিষয়াৰ এটা দলক সম্বোধন কৰি চি ই চিয়ে কয়, “জনপ্ৰতিনিধি আইন অনুসৰি আপুনি সাধাৰণ বাসিন্দা হোৱা বিধানসভা সমষ্টিতহে ভোটদানৰ অধিকাৰী। উদাহৰণস্বৰূপে, যদি আপুনি সাধাৰণতে দিল্লীত বাস কৰে কিন্তু পাটনাত নিজৰ ঘৰ আছে, তেন্তে পাটনাত নহয়, দিল্লীত ভোটাৰ তালিকাত নাম পঞ্জীয়ন হ’ব লাগে।”

বহু ব্যক্তি সাধাৰণতে এটা ঠাইৰ বাসিন্দা আৰু সেই ঠাইৰ পৰাই ভোটাৰ কাৰ্ড লাভ কৰিছে যদিও প্ৰব্ৰজনৰ পূৰ্বে লাভ কৰা পূৰ্বৰ কাৰ্ড ধৰি ৰাখিছে, যিটো বিষয়াসকলে অপৰাধ বুলি আঙুলিয়াই দিছে।

ইফালে, বিৰোধী দলসমূহে দাবী কৰিছে যে, এই ব্যৱস্থাই প্ৰকৃত ভোটাৰক তেওঁলোকৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব পাৰে আৰু শাসকীয় দল লাভৱান হ’ব পাৰে।

১৯৫২ চনৰ পৰা ২০০৪ চনলৈকে ৫২ বছৰৰ সময়ছোৱাত সমগ্ৰ দেশত বা কোনো অংশত ৯ বাৰকৈ গড়ে প্ৰতি ৬ বছৰৰ মূৰে মূৰে প্ৰায় এবাৰ নিৰ্বাচনী তালিকা সম্পূৰ্ণৰূপে বা আংশিকভাৱে সংশোধন কৰা হৈছিল। কিন্তু এইবাৰ ২২ বছৰৰ পাছত ভোটাৰ তালিকা পৰ্যাচলোনা কৰা হৈছে। কোৱা হৈছে যে, নিৰ্বাচন আয়োগে বিহাৰৰ পৰা আৰম্ভ কৰি ছখন ৰাজ্যৰ নিৰ্বাচনী তালিকা পৰ্যালোচনা কৰি বিদেশী অবৈধ প্ৰব্ৰজনকাৰীক জন্মস্থান পৰীক্ষা কৰি উলিয়াই আনিব।

চলিত বৰ্ষৰ শেষৰ ফালে বিহাৰ নিৰ্বাচনলৈ যোৱাৰ বিপৰীতে ২০২৬ চনত অসম, কেৰালা, পুডুচেৰী, তামিলনাডু আৰু পশ্চিম বংগত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা।

বাংলাদেশ আৰু ম্যানমাৰকে ধৰি অবৈধ বিদেশী প্ৰব্ৰজনকাৰীৰ বিৰুদ্ধে বিভিন্ন ৰাজ্যত দমন চলোৱাৰ পাছত এই পদক্ষেপে তাৎপৰ্য বহন কৰিছে।

প্ৰস্ৰাৱ জ্বলা-পোৰা, পেটৰ তলৰ অংশত বিষ... মহিলাসকলে ভুলতেও আওকাণ নকৰিব এনে লক্ষণ
সাৱধান! এই ৫ টা অভ্যাসে আপোনাৰ বৃক্ক লাহে লাহে নষ্ট কৰিব পাৰে!
বৃক্কৰ কাৰ্যক্ষমতা হ্ৰাস পালে চকুত কি কি লক্ষণে দেখা দিয়ে?
জীৱনত নাহে কোনো বাধা! পুৱা উঠি কৰক মাত্ৰ এই ৩ টা কাম...