দুমাহৰ ভিতৰত লোৱা হ’ব সিদ্ধান্ত… জামিন আবেদনক লৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু আৰ মহাদেৱানৰ সংমণ্ডল বিচাৰপীঠত শুনানি চলি থকা এটা গোচৰত ন্যায়াধীশসকলে কয় যে. জামিনৰ আবেদন দীৰ্ঘদিন স্থগিত কৰি আবেদনকাৰীক অনিশ্চয়তাৰ মাজলৈ ঠেলি দিব নোৱাৰি। ইয়াৰ উপৰিও উচ্চতম ন্যায়ালয়ে এই কথাও সোঁৱৰাই দিয়ে যে এনে ‘প্ৰথা’ এজন নাগৰিকৰ অধিকাৰ কৰ্তনৰ সমান।

উচ্চতম ন্যায়ালয়
বহু সময়ত বিভিন্ন গোচৰৰ জামিনৰ আবেদন উচ্চ ন্যায়ালয়ত ৰৈ থকা দেখা যায়। কিন্তু এতিয়াৰ পৰা আৰু এনে কৰিব নোৱাৰিব। দুমাহৰ ভিতৰত নিষ্কাশন কৰিব লাগিব জামিন আবেদন। অভিযুক্ত বা দোষীৰ মৌলিক অধিকাৰ আছে, সেই কথা দেশৰ উচ্চ ন্যায়ালয়ক বুজাই দিছে উচ্চতম ন্যায়ালয়ে। শুকুৰবাৰে এক গোচৰৰ পৰিপ্ৰেক্ষিতত উচ্চতম ন্যায়ালয়ে এই নিৰ্দেশ দিছে।
ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু আৰ মহাদেৱানৰ সংমণ্ডল বিচাৰপীঠত শুনানি চলি থকা এটা গোচৰত ন্যায়াধীশসকলে কয় যে. জামিনৰ আবেদন দীৰ্ঘদিন স্থগিত কৰি আবেদনকাৰীক অনিশ্চয়তাৰ মাজলৈ ঠেলি দিব নোৱাৰি। ইয়াৰ উপৰিও উচ্চতম ন্যায়ালয়ে এই কথাও সোঁৱৰাই দিয়ে যে এনে ‘প্ৰথা’ এজন নাগৰিকৰ অধিকাৰ কৰ্তনৰ সমান।
উল্লেখ্য যে, ২০১৯ চনত বম্বে উচ্চ ন্যায়ালয়ত এখন জামিন আবেদন দাখিল কৰা হৈছিল। কিন্তু বছৰ বছৰ পাৰ হোৱাৰ পাছতো জামিনৰ আবেদন আদালতে মানি লোৱা নাছিল। এইদৰেই ৬ বছৰ পাৰ হৈ গ’ল। অৱশেষত ২০২৫ চনত উচ্চ ন্যায়ালয়ে এই আবেদন খাৰিজ কৰে। ইয়াৰ পিছত আবেদনকাৰীয়ে শীৰ্ষ আদালতৰ কাষ চাপিছিল। শুকুৰবাৰে এই গোচৰৰ শুনানি অনুষ্ঠিত হৈছিল।
উচ্চতম ন্যায়ালয়ৰ পৰ্যবেক্ষণ
বম্বে উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশক গৃহীত কৰিছে উচ্চতম ন্যায়ালয়ে। কিন্তু এই পলমৰ বাবে উচ্চ ন্যায়ালয়ে তিৰস্কাৰৰ সন্মুখীন হ’বলগীয়া হৈছিল। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ আৰ মহাদেৱনে কয় যে, ‘জামিন বিচাৰি আদালতৰ কাষ চাপি অহা আবেদনকাৰীক অনিৰ্দিষ্টকাললৈ ৰখাই থ’ব নোৱাৰিব। সেই গোচৰবোৰৰ গুৰুত্বৰ ওপৰত ভিত্তি কৰি ন্যায়াধীশসকলে ক্ষন্তেকীয়া সিদ্ধান্ত ল’ব লাগিব।’
ন্যায়াধীশগৰাকীয়ে এই আদেশৰ সমৰ্থনত সংবিধানৰ দুটা অনুচ্ছেদৰ কথা উল্লেখ কৰে। তেওঁৰ ভাষাত “দিনৰ পিছত দিন শুনানিৰ বাবে অপেক্ষা কৰি থকাটো এফালে গোচৰৰ অগ্ৰগতিত বাধাৰ সৃষ্টি কৰে। একেদৰে এয়া ন্যায়পালিকাৰ বাবেও হতাশাজনক। তাৰোপৰি সংবিধানৰ ১৪ আৰু ২১ নং অনুচ্ছেদৰ বিৰোধী।”
কেৱল উচ্চ ন্যায়ালয়েই নহয়, এতিয়া তদন্তকাৰী সংস্থাসমূহো উচ্চতম ন্যায়ালয়ৰ ‘তত্বাৱধান’লৈ আহিছে। শুনানিৰ সময়ত ন্যায়াধীশসকলৰ পৰ্যবেক্ষণ, তদন্তকাৰী সংস্থাসমূহেও তদন্তৰ কাম ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰিব লাগিব। ইয়াক বহুদিন ওলমাই ৰাখিব নোৱাৰিব।