দিল্লী অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমানত বোমাৰ ভাবুকি, থাইলেণ্ডত জৰুৰী অৱতৰণ
বিমানখনে আন্দামান সাগৰৰ ওপৰেৰে উৰি আছিল আৰু তাৰ পিছত পুনৰ ফুকেট বিমানবন্দৰত অৱতৰণ কৰিছিল। এই ভাবুকি দিয়া ব্যক্তিজনৰ বিষয়ে এতিয়াও কোনো তথ্য লাভ কৰা হোৱা নাই। আহমেদাবাদৰ দুৰ্ঘটনাৰ এদিন পিছতে সংঘটিত হৈছে এই ঘটনা।

এয়াৰ ইণ্ডিয়াৰ বিমান (ফাইল ফটো)
বৃহস্পতিবাৰে আহমেদাবাদত এয়াৰ ইণ্ডিয়াৰ এখন বিমান দুৰ্ঘটনাত পতিত হোৱাৰ পাছত শুকুৰবাৰে থাইলেণ্ডৰ ফুকেটৰ পৰা দিল্লী অভিমুখী এয়াৰ ইণ্ডিয়াৰ এ আই ৩৭৯ বিমানখনে বোমাৰ ভাবুকি লাভ কৰে। ফলত থাইলেণ্ডত জৰুৰীভাৱে অৱতৰণ কৰিবলগীয়া হয় বিমানখন। বিমানখনত থকা ১৫৬জন যাত্ৰীক নিৰাপদে উলিয়াই অনা হয়।
বিমানখনে আন্দামান সাগৰৰ ওপৰেৰে উৰি আছিল আৰু তাৰ পিছত পুনৰ ফুকেট বিমানবন্দৰত অৱতৰণ কৰিছিল। এই ভাবুকি দিয়া ব্যক্তিজনৰ বিষয়ে এতিয়াও কোনো তথ্য লাভ কৰা হোৱা নাই। আহমেদাবাদৰ দুৰ্ঘটনাৰ এদিন পিছতে সংঘটিত হৈছে এই ঘটনা।
এজন বিষয়াই জনোৱা মতে, এআই ৩৭৯ বিমান অৱতৰণ কৰা হৈছে আৰু বিমানবন্দৰ কৰ্তৃপক্ষই জৰুৰীকালীন সেৱাৰ লোকৰ সৈতে মিলি পৰিস্থিতি চম্ভালিবলৈ কাম কৰি আছে। বিষয়াসকলে জনোৱা মতে, শুকুৰবাৰে থাইলেণ্ডৰ ফুকেট দ্বীপৰ পৰা দিল্লী অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমানখনে বোমা বিস্ফোৰণৰ ভাবুকি লাভ কৰিছিল। তথ্য পোৱাৰ লগে লগে লগে লগে জৰুৰীভাৱে বিমানখন অৱতৰণ কৰা হয়।
অৱতৰণ কৰাৰ লগে লগে নিৰাপত্তাজনিত কাৰণত বিমানখনত উপস্থিত থকা সকলো যাত্ৰীক নমাই দিয়া হয়। ইয়াৰ লগতে সমগ্ৰ বিমানখন ভালদৰে পৰীক্ষা কৰা হৈছে। শুকুৰবাৰে পুৱা ৯:৩০ বজাত (০২৩০) ফুকেট বিমানবন্দৰৰ পৰা দিল্লী অভিমুখে উৰা মাৰিছিল বিমানখনে। কিন্তু আন্দামান সাগৰৰ ওচৰত ভাবুকি লাভ কৰি পুনৰ থাইলেণ্ডত অৱতৰণ কৰিবলৈ বাধ্য হয়।
ইৰাণ-ইজৰাইল যুদ্ধৰ বাবে উৰণ ঘূৰি আহিল
ইজৰাইলৰ ইৰাণৰ আক্ৰমণৰ পিছত দুয়োখন দেশে নিজৰ আকাশমাৰ্গ বন্ধ কৰি দিছে। এই কাৰণেই ভাৰতৰ পৰা যোৱা বহু বিমান ডাইভাৰ্ট কৰি ৰাজধানী দিল্লীলৈ উভতি আহিছে। এইবোৰৰ সন্দৰ্ভত এয়াৰ ইণ্ডিয়াই ৰাইজক শান্তি বজাই ৰাখিবলৈ আহ্বান জনাইছে। ইয়াৰ লগতে বিমান সংস্থাটোৱে সকলো সম্ভৱপৰ সহায়ৰ আশ্বাসো দিছে।
এদিন আগতে আহমেদাবাদত দুৰ্ঘটনাত পতিত এয়াৰ ইণ্ডিয়াৰ বিমান
এই এয়াৰ ইণ্ডিয়াৰ বিমানখনে বোমা বিস্ফোৰণৰ ভাবুকি লাভ কৰাৰ মাত্ৰ এদিন আগতে কালি আহমেদাবাদত এটা ডাঙৰ দুৰ্ঘটনা সংঘটিত হৈছিল। মেঘানী নগৰ অঞ্চলত দুৰ্ঘটনাগ্ৰস্ত হয় এখন বয়িং বিমান। য’ত ২৫০ জনতকৈ অধিক লোকৰ মৃত্যু হয়। এই বিমানখন উৰণৰ মাত্ৰ কেইছেকেণ্ডমানৰ পিছতে দুৰ্ঘটনাগ্ৰস্ত হয়। এই ঘটনাৰ পিছত এয়াৰ ইণ্ডিয়াৰ আন এখন বিমানত বোমা বিস্ফোৰণৰ ভাবুকিয়ে সকলোকে চিন্তিত কৰি তুলিছে।