দূৰ হোৱা নাই আহমেদাবাদৰ শোকঃ এইবাৰ পাঠানকোটত জৰুৰী অৱতৰণ বায়ুসেনাৰ হেলিকপ্টাৰৰ

পঞ্জাৱৰ পাঠানকোটৰ নংগলপুৰ অঞ্চলত বায়ুসেনাৰ এখন আপাচি হেলিকপ্টাৰ জৰুৰীকালীন অৱতৰণ কৰিবলগা হয়। ইয়াৰ পিছতে অঞ্চলটোত তীব্ৰ আলোড়নৰ সৃষ্টি হৈছে। অৱশ্যে সকাহৰ কথা যে এই ঘটনাত কোনো ধৰণৰ বিপদ বা ক্ষতি হোৱা নাই।

দূৰ হোৱা নাই আহমেদাবাদৰ শোকঃ এইবাৰ পাঠানকোটত জৰুৰী অৱতৰণ বায়ুসেনাৰ হেলিকপ্টাৰৰ

পাঠানকোটত বায়ুসেনাৰ হেলিকপ্টাৰৰ জৰুৰী অৱতৰণ

Published: 

13 Jun 2025 15:44 PM

দেশৰ ইতিহাসৰ এক ক’লা দিন ৰূপে চিৰদিনলৈ চিহ্নিত হ’ব ১২ জুন, ২০২৫। কালিৰ এই দিনটোত আহমেদাবাদত সংঘটিতে ভয়ংকৰ বিমান দুৰ্ঘটনাই সমগ্ৰ দেশক কৰি তুলিলে শোকস্তব্ধ। এই দুৰ্ঘটনাই প্ৰাণ কাঢ়ি নিলে দুই শতাধিক লোকৰ। এই ঘটনাৰ শোকে নিশ্চিতভাৱে বহুদিনলৈ জোকাৰি থাকিব দেশবাসীক। পিছে আহমেদাবাদৰ এই ঘটনাৰ দুখ কিছু দূৰ নহওঁতেই আজি পাঠানকোটত সৃষ্টি হয় এক চাঞ্চল্যকৰ পৰিস্থিতিৰ।

পঞ্জাৱৰ পাঠানকোটৰ নংগলপুৰ অঞ্চলত বায়ুসেনাৰ এখন আপাচি হেলিকপ্টাৰ জৰুৰীকালীন অৱতৰণ কৰিবলগা হয়। ইয়াৰ পিছতে অঞ্চলটোত তীব্ৰ আলোড়নৰ সৃষ্টি হৈছে। অৱশ্যে সকাহৰ কথা যে এই ঘটনাত কোনো ধৰণৰ বিপদ বা ক্ষতি হোৱা নাই। পাঠানকোটৰ বিমান ঘাটিৰ পৰা উৰা মৰাৰ কিছু সময় পিছতে আপাচি হেলিকপ্টাৰখনৰ নংগলপুৰ অঞ্চলত জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া হয়।

এইপৰ্যন্ত বায়ুসেনাৰ কোনো বিষয়াই এই জৰুৰীকালীন অৱতৰণ সন্দৰ্ভত মুকলিকৈ তথ্য প্ৰকাশ কৰা নাই। পাঠানকোটৰ গাতে লাগি থকা হেল্ড গাঁৱত হেলিকপ্টাৰখনৰ জৰুৰী অৱতৰণ কৰা হৈছিল। প্ৰায় ১১ বজাত এই স্থানত বায়ুসেনাৰ আপাচি হেলিকপ্টাৰখনৰ জৰুৰী অৱতৰণ কৰাৰ লগে লগে স্থানীয় লোকসকলৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় আৰু লগে লগে বহু লোক হেলিকপ্টাৰখনৰ কাষ চাপি আহে।

প্ৰধানতঃ আহমেদাবাদ ঘটনাই দি যোৱা জোকাৰণিৰ বাবেই এতিয়া এই জৰুৰী অৱতৰণ দেখি অধিক আতংকৰ পৰিৱেশৰ সৃষ্টি হৈছে বুলি অনুমান কৰা হৈছে। ঘটনাস্থলীত উপস্থিত হোৱা নংগলপুৰ থানাৰ আৰক্ষী কিছুসময়ৰ ভিতৰতে সেই স্থানত উপস্থিত হয়। বায়ুসেনাৰ আপাচি হেলিকপ্টাৰখনৰ জৰুৰীকালীন অৱতৰণ কিয় কৰা হৈছিল আৰু ইয়াৰ আঁৰৰ কাৰণ কি আছিল সেয়া এতিয়াও প্ৰকাশ কৰা হোৱা নাই।

শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ ছাহাৰানপুৰত বায়ুসেনাৰ আপাচি হেলিকপ্টাৰ জৰুৰী অৱতৰণ কৰা হৈছিল। ইয়াৰ পিছতে কিছু কাৰিকৰী কাৰণত হেলিকপ্টাৰখনৰ জৰুৰীকালীন অৱতৰণ কৰা বুলি জানিব পৰা গৈছিল।

Related Stories
ভাৰতেই পাকিস্তানক পাৰমাণৱিক শক্তি হোৱাৰ সুযোগ দিলে: কংগ্ৰেছৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ মুখ্যমন্ত্ৰীৰ
মে’ডে, মে’ডে, ন’ পাৱাৰ…আহমেদাবাদ ATCলৈ দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়াৰ পাইলটৰ শেষৰটো বাৰ্তা
বিমানৰ 11A আসনখন সুৰক্ষিত নেকি ? এইখন আসনতে বহিছিল বিশ্বাস কুমাৰ ৰমেশ…
৬ মাহ পূৰ্বে বিবাহ , ৩ মাহ ভিছাৰ বাবে অপেক্ষা, স্বামীক লগ কৰিবলৈ যোৱা পথতে বিমান দুৰ্ঘটনাত শেষ হৈ গ’ল জয়শ্ৰী…
আহমেদাবাদৰ বিমান দুৰ্ঘটনা: এতিয়াও শেষ হোৱা নাই বিভীষিকা! ৩ দিনৰ পিছতো মৃতদেহ উদ্ধাৰ
ৰশ্মিতা হোজাইৰ মৃত্যুৰ তদন্তৰ নিৰ্দেশ উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীৰ, অসমৰ মুখ্যমন্ত্ৰী আৰু গৌৰৱ গগৈৰ ধামীলৈ চিঠি
গ্ৰীষ্মকাল আৰম্ভ হোৱাৰ লগে লগে দেশৰ কোনখন চহৰৰ লোকে সৰ্বাধিক বিয়েৰ খাইছে জানেনে ?
মহিলাৰ প্ৰস্ৰাৱৰ সংক্ৰমণ হ’লে কি কি লক্ষণ দেখা যায়? ইয়াৰ কাৰণ জানক
শৰীৰত ভিটামিন Dৰ অভাৱ হ'লে কি কি লক্ষণে দেখা দিয়ে? সবিশেষ জানক
প্ৰস্ৰাৱ নিয়ন্ত্ৰণ কৰিব নোৱাৰা হৈ পৰে নেকি? জানক ই কি ৰোগৰ সংকেত