বিফলতা সহ্য কৰিব নোৱাৰি ৰাজেশ খান্নাৰ কি হৈছিল?

বলিউডৰ এই তাৰকাগৰাকীয়ে ইখনৰ পিছত সিখনকৈ ব্লকবাষ্টাৰ ছবি দৰ্শকলৈ আগবঢ়াইছিল। হয়তো এই সাফল্যৰ বাবে নিজকে সকলো বুলি ভাবিবলৈ আৰম্ভ কৰিছিল তেওঁ।

বিফলতা সহ্য কৰিব নোৱাৰি ৰাজেশ খান্নাৰ কি হৈছিল?
Updated On: 

29 Oct 2025 14:28 PM

বলিউডৰ ছুপাৰষ্টাৰৰ কথা মনলৈ আহিলে প্ৰথমে যাৰ নাম আহে, তেওঁ হৈছে ৰাজেশ খান্না। বলিউডৰ এই তাৰকাগৰাকীয়ে ইখনৰ পিছত সিখনকৈ ব্লকবাষ্টাৰ ছবি দৰ্শকলৈ আগবঢ়াইছিল। হয়তো এই সাফল্যৰ বাবে নিজকে সকলো বুলি ভাবিবলৈ আৰম্ভ কৰিছিল তেওঁ। বহুতৰ মতে সেইবাবেই তেওঁৰ অহংকাৰ দিনক দিনে বাঢ়ি আহিছিল। সকলোৰে সহাঁৰি লাভ কৰি তেওঁ নিজকে প্ৰায় ভগৱান বুলি ভাবিবলৈ ধৰিলে। ৰাজেশ খান্নাই একেৰাহে ১৫ খন হিট ছবি কৰিছিল।

তেতিয়াৰ পৰাই নিৰ্দিষ্ট সময়ত চেটলৈ নাহি, অকাৰণতে মানুহক তুচ্ছ-তাচ্ছিল্য কৰা আদি বিভিন্ন আচৰণ তেওঁৰ মাজত দেখা গ’ল। তেওঁ অমিতাভ বচ্চনক অপমান কৰিছিল। তেওঁ ভাবিছিল যে, তেওঁৱেই শেষ ছুপাৰষ্টাৰ। কাৰণ তেতিয়াও তেওঁৰ এখনো ছবি ফ্লপ হোৱা নাছিল। তাৰ পাছত যেতিয়া তেওঁৰ ছবি ফ্লপ হ’বলৈ ধৰিলে, তেতিয়া ৰাজেশ খান্নাই সহ্য কৰিব নোৱাৰিলে। তেওঁ নিজেই কৈছিল যে, তেওঁ গোটেই দিনটো মদ খাইছিল।

আনকি তেওঁৰ আচৰণো নাটকীয়ভাৱে সলনি হ’ল। ৰাতি টোপনিতে তেওঁ বাৰে বাৰে নিজকে কয় -এয়া কেতিয়াও হ’ব নোৱাৰে। এয়া সম্ভৱ নহয়। তেওঁ ভগৱানক কয়, ভগৱান মোৰ ধৈৰ্য্য পৰীক্ষা নকৰিবা। এটা সময়ত এনে লাগিছিল যেন ঈশ্বৰ বুলি কোনো বস্তু নাই।

এই পৰিস্থিতি দেখি ডিম্পলে ভাবিলে যে ৰাজেশ খান্না হয়তো ‘পাগল’ হৈ গ’ল। ৰাজেশ খান্নাৰ ভাষাত এটা সময় আছিল যেতিয়া সফলতাই মোক এনেদৰে আগুৰি ধৰিছিল যে, মই বিফলতাক মানি ল’ব নোৱাৰিলোঁ। এই কথা নিজে অনুভৱ কৰি গৈছে ৰাজেশ খান্নাই।

দিনত ৩ বাৰ ভাত খোৱা স্বাস্থ্যৰ বাবে ভাল নে বেয়া? জানক...
কলেষ্টেৰল বৃদ্ধি হ'লে ছালত কি লক্ষণে দেখা দিয়ে, জানক সকলো...
ৰাতি আহাৰ সোনকালে খালে কি হয়? কি কি সমস্যাৰ পৰা উপশম পাব পাৰি?
হ'ব অমংগল, কেতিয়াও এই স্থানত আৰু এইসকল লোকৰ ভৰি চুব নালাগে!