নিৰ্বাচন হৈ গ’ল, পিছে গুৱাহাটীত কি কৰিছে পঞ্চায়তৰ বনৰাকচ-বিনোদে! চলিছে ব্যাপক চৰ্চা

পঞ্চায়তৰ ভূষণ চৰিত্ৰটোৰ মুখত ফুটি উঠা ‘দেখ ৰহে হৌ বিনোদ’ নামৰ সংলাপটিয়ে ব্যাপক জনপ্ৰিয়তা লাভ কৰা পৰিলক্ষিত হৈছে। এতিয়া পঞ্চায়তৰ এই ভূষণ আৰু বিনোদে বাহৰ পাতিছে গুৱাহাটীত। পিছে অসমত কি কাম এই ভূষণ আৰু বিনোদৰ? এয়া অনুৰাগীৰ মাজত ব্যাপক চৰ্চাৰ প্ৰশ্ন হৈ উঠিছে। ইয়াৰ আঁৰত আছে অৱশ্যে এক ভাল খবৰ।

নিৰ্বাচন হৈ গ’ল, পিছে গুৱাহাটীত কি কৰিছে পঞ্চায়তৰ বনৰাকচ-বিনোদে! চলিছে ব্যাপক চৰ্চা

গুৱাহাটীত ভূষণ আৰু বিনোদ

Updated On: 

27 Jun 2025 20:26 PM

যোৱা ২৪ জুনৰ মুক্তি পালে জনপ্ৰিয় ৱেব ছিৰিজ পঞ্চায়তৰ চতুৰ্থ ছিজনে। আমাজন প্ৰাইমৰ এই ৱেব ছিৰিজটোৱে প্ৰথমটোৱে ছিজনৰ পৰাই দৰ্শকৰ মাজত লাভ কৰি আহিছে ব্যাপক সমাদৰ। এইবাৰ চতুৰ্থ ছিজনেও দৰ্শকৰ মাজত মিশ্ৰিত সমৰ্থন লাভ কৰা দেখা গৈছে। এক সহজ-সৰল গাঁৱলীয়া পৰিৱেশক আধাৰ কৰি নিৰ্মাণ কৰা এই হাস্যমধুৰ ৱেব ছিৰিজটোৰ কেইটামান চৰিত্ৰই অনুৰাগীৰ মাজত লাভ কৰিছে বিশেষ সমাদৰ। ৱেব ছিৰিজটোত খলনায়কৰ ৰূপত দেখুওৱা ভূষণ আৰু বিনোদ চৰিত্ৰ দুটা এইক্ষেত্ৰত অন্যতম।

পঞ্চায়তৰ এই ভূষণ চৰিত্ৰটোৰ মুখত ফুটি উঠা ‘দেখ ৰহে হৌ বিনোদ’ নামৰ সংলাপটিয়ে ব্যাপক জনপ্ৰিয়তা লাভ কৰা পৰিলক্ষিত হৈছে। এতিয়া পঞ্চায়তৰ এই ভূষণ আৰু বিনোদে বাহৰ পাতিছে গুৱাহাটীত। পিছে অসমত কি কাম এই ভূষণ আৰু বিনোদৰ? এয়া অনুৰাগীৰ মাজত ব্যাপক চৰ্চাৰ প্ৰশ্ন হৈ উঠিছে। ইয়াৰ আঁৰত আছে অৱশ্যে এক ভাল খবৰ।

জনপ্ৰিয় ভূষণ আৰু বিনোদ নামৰ এই চৰিত্ৰ দুটা ৰূপায়ণ কৰিছিল দুৰ্গেছ কুমাৰ আৰু অশোক পাঠকে। দুয়োৰে দুৰ্দান্ত অভিনয়ে মোহিত কৰিছিল দৰ্শকৰ মন। এই এই দুইগৰাকী অভিনেতাক প্ৰত্যক্ষ কৰিবলৈ পাব এখন অসমীয়া ছবিত। সেই উদ্দেশ্যেই দুয়ো উপস্থিত হৈছে গুৱাহাটীত। মুক্তিৰ অপেক্ষাত থকা এই ছবিখনৰ নাম মালামাল বইজ। অহা ১১ জুলাইত মুক্তি লাভ কৰিব এই হাস্যমধুৰ কাহিনীৰে নিৰ্মিত অসমীয়া কথাছবিখনে।

আজি গুৱাহাটীস্থিত চিটি চেন্টাৰত এক বৰ্ণাঢ্য অনুষ্ঠান আয়োজনেৰে মালামাল বইজৰ ট্ৰেইলাৰ আনুষ্ঠানিক ভাৱে মুকলি কৰা হয়। দুৰ্দন্ত অভিনয়ৰে যুৱ প্ৰজন্মৰ হৃদয়ত স্থান লাভ কৰা জনপ্ৰিয় অভিনেত্ৰী জুনু নাথে মুখ্য চৰিত্ৰত অভিনয় কৰিছে ছবিখনত। পঞ্চায়তৰ দুৰ্গেছ কুমাৰ আৰু অশোক পাঠকক এইবাৰ অন্য ৰূপত দৰ্শকে দেখিবলৈ পাব।

মালামাল বইজৰ ট্ৰেইলাৰ মুকলি

ইয়াৰোপৰি ছবিখনত জলিউদৰ জনপ্ৰিয় অভিনেতা বলীন বৰা, উজ্জ্বল ৰাজখোৱা, জিন্টু কুমাৰ কাশ্যপ, নৱজ্যোতি নাথ, অতনু মহন্ত, দ্বীপজ্যোতি কলিতা, প্ৰণামী, ৰাজু ৰয়, সিদ্ধাৰ্থ মুখাৰ্জী, নৱবকুমাৰ আৰু বিদ্যুতে অভিনয় কৰিছে। মৃণাল ডেকা এণ্ড টীমৰ পৰিচালনাৰে নিৰ্মাণ হোৱা ছবিখনত কণ্ঠদান কৰিছে জনপ্ৰিয় কণ্ঠশিল্পী জয় বৰুৱা, আচুৰ্য বৰপাত্ৰ আৰু বহ্নিমানে।

তিৰণ মহন্তই সংগীত পৰিচালনা কৰা ছবিখনত সংগীত সজ্জা কৰিছে কিংছুক মৰাণে। গানৰ শব্দ জিন্টু কুমাৰ কাশ্যপ, পাপলু চেতিয়া আৰু বৰষা বৰাৰ। ইফালে ট্ৰেইলাৰ মুকলি অনুষ্ঠানত পঞ্চায়ত ৱেব ছিৰিজৰ জনপ্ৰিয় অভিনেতা দুৰ্গেছ কুমাৰ আৰু অশোক পাঠকৰ লগতে ছবিখনৰ সমূহ কলা কুশলী উপস্থিত থাকে। ছবিখনে মুক্তিৰ পূৰ্বেই ইতিমধ্যে ৰাইজৰ মাজত ব্যাপক চর্চা লাভ কৰা দেখা গৈছে।

খাদ্য খোৱাৰ সময়ত পানী খালে শৰীৰত কি প্ৰভাৱ পৰে? উপকাৰিতা আৰু অপকাৰিতা জানক...
পুৰুষৰ স্তন বৃদ্ধিৰ আঁৰত থাকিব পাৰে বিপদ! বিশেষজ্ঞ চিকিৎসকে দিছে চিন্তাৰ সম্ভেদ
২০২৫ চনত বিশ্বৰ আটাইতকৈ শান্তিপূৰ্ণ দেশৰ তালিকাৰ শীৰ্ষ দহত কোন কোন? কিমানসংখ্যক স্থানত আছে ভাৰত?
ধূমপান ত্যাগ কৰাৰ সৰ্বোত্তম উপায়, হঠাতে এই অভ্যাস ত্যাগ কৰিলে পৰিব পাৰে বিপদত